Assameseৰাহুল, জুৰেলৰ শতকেৰে শক্তিশালী স্থিতিত টীম ইণ্ডিয়াৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত শক্তিশালী স্থিতিত টীম ইণ্ডিয়া। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত দিশহাৰা হৈ পৰিছিল ৱেষ্ট ইণ্ডিজ দল। প্ৰত্যুত্তৰত ৰাহুল, জুৰেলৰ শতকেৰে টীম ইণ্ডিয়াই কৰিছে সুন্দৰ আৰম্ভণি। Mrinmoy Talukdar Oct 03, 2025 16:30 ISTৰাহুল, জুৰেলৰ শতকেৰে শক্তিশালী স্থিতিত টীম ইণ্ডিয়াৰাহুল, জুৰেলৰ শতকেৰে শক্তিশালী স্থিতিত টীম ইণ্ডিয়াৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত শক্তিশালী স্থিতিত টীম ইণ্ডিয়া। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত দিশহাৰা হৈ পৰিছিল ৱেষ্ট ইণ্ডিজ দল। ৱেষ্ট ইণ্ডিজৰ ১৬২ ৰানৰ প্ৰত্যুত্তৰত ৰাহুল, জুৰেলৰ শতকেৰে টীম ইণ্ডিয়াই কৰিছে সুন্দৰ আৰম্ভণি। Advertismentআহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলি টীম ইণ্ডিয়াই আৰম্ভণি কৰিলে হোম ছিজনৰ। প্ৰথম বেটিং কৰিবলৈ আহি ৱেষ্ট ইণ্ডিজে মাত্ৰ ১৬২ ৰানহে কৰিবলৈ সক্ষম হয়। ৱেষ্ট ইণ্ডিজৰ হৈ জাষ্টিন গ্ৰীভছে ৩২, শ্বাই হোপে ২৬ আৰু ৰষ্টন চেজে ২৪ ৰান সংগ্ৰহ কৰে। টীম ইণ্ডিয়াৰ হৈ মহম্মদ চিৰাজে ৪টা, যশপ্ৰীত বুমৰাহে ৩টা, কুলদীপ যাদৱে ২টা আৰু ৱাশ্বিংটন সুন্দৰে ১টা উইকেট দখল কৰে।প্ৰত্য়ুত্তৰত প্ৰথম ইনিংছত টীম ইণ্ডিয়াক সুন্দৰ আৰম্ভণি দিয়ে অপেনাৰ কে এল ৰাহুল আৰু যশস্বী জয়ছোৱালে। দুয়োজনে প্ৰথম ইনিংছৰ যুঁটিত ৬৮ ৰান সংগ্ৰহ কৰে। জয়ছোৱালে ব্যক্তিগত ৩৬ ৰানত আউট হয় যদিও কে এল ৰাহুল আজি টেষ্ট কেৰিয়াৰৰ ১১ সংখ্যক শতক অৰ্জন কৰে। ৰাহুলে ১০০ ৰানৰ বৰঙণি আগবঢ়োৱাৰ লগতে অধিনায়ক শুভমন গিলে ৫০ ৰান সংগ্ৰহ কৰে। ব্যৰ্থ হয় চাই সুদৰ্শন (৭)। আনহাতে টেষ্ট কেৰিয়াৰৰ আজি প্ৰথমটো শতক অৰ্জন কৰে উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলে। বাতৰি লিখাৰ পৰলৈকে ধ্ৰুৱ জুৰেল ১০৪ আৰু ৰবীন্দ্ৰ জাদেজাই ৮৬ ৰানত বেটিং কৰি আছে। ঘৰৰ মাটিত সুদীৰ্ঘ ৯টা বছৰৰ অন্তত শতক অৰ্জন কৰিলে কে এল ৰাহুলে। ইংলেণ্ডৰ বিৰুদ্ধে ২০১৬ৰ ডিচেম্বৰতেই ৰাহুলে সংগ্ৰহ কৰিছিল অন্তিমটো শতক। উল্লেখ্য যে ৰাহুল, জুৰেলৰ বিস্ফোৰক শতক, জাদেজাৰ অপৰাজিত ৮৬ আৰু শুভমন গিলৰ ৫০ ৰান সহায়ত এইপৰ্যন্ত টীম ইণ্ডিয়াই ২৩৭ ৰানত অগ্ৰগতি লাভ কৰিছে। Read the Next Article