Advertisment

ৰিয়ান পৰাগৰ অৰ্ধশতকৰ হেট্ৰিক, কিন্তু ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন?

সুন্দৰ ফৰ্মত থকাৰ পিছতো অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাত ভাৰতীয় দলত স্থান লাভ নকৰিলে অলৰাউণ্ডাৰ ৰিয়ান পৰাগে। শেহতীয়াভাৱে অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া মেচৰ শৃংখলাটোত বেটেৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে ৰিয়ানে। 

 Filephoto
Filephoto


ৰিয়ান পৰাগৰ অৰ্ধশতকৰ হেট্ৰিক, কিন্তু ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল। কিন্তু সুন্দৰ ফৰ্মত থকাৰ পিছতো ভাৰতীয় দলত স্থান লাভ নকৰিলে অলৰাউণ্ডাৰ ৰিয়ান পৰাগে। শেহতীয়াভাৱে অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া মেচৰ শৃংখলাটোত বেটেৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে ৰিয়ানে। 

Advertisment

বিগত এটা বছৰ ধৰি ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ পৰা বাহিৰত আছে ৰিয়ান পৰাগ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলত স্থান লাভ নকৰিলে ৰিয়ানে।  কিন্তু অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে অনুষ্ঠিত তিনিওখন এদিনীয়াতে বেটেৰে দুৰ্দান্ত প্ৰদৰ্শন প্ৰদৰ্শন আগবঢ়াইছে ৰিয়ানে। 

অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত ৪২ টা বলত ৬৭ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল ৰিয়ানে। দ্বিতীয়খন এদিনীয়াতো ৫৮ ৰানৰ দৰ্শনীয় ইনিংথ খেলিছিল ৰিয়ানে। আনহাতে তৃতীয় তথা অন্তিমখন এদিনীয়াত ৰিয়ানে খেলছিল ৫৫টা বলত ৬২ ৰানৰ আন এক দৰ্শনীয় ইনিংছ।   

অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে এদিনীয়া শৃংখলাটোত সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈগৰাকীয়েই হ'ল ৰিয়ান পৰাগ। ৩ খন মেচত ৰিয়ানৰ বেটেৰে আহিছে ১৮৭ ৰান। দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে ৰিয়ানে লাভ কৰে শৃংখলাটোৰ সৰ্বেশ্ৰেষ্ঠ খেলুবৈৰ সন্মান। 

২২ গজত ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰি থকা ৰিয়ান পৰাগে শীঘ্ৰেই ভাৰতীয় জাতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰিছে অনুৰাগীসকলে। উল্লেখ্য যে এইপৰ্যন্ত ৯ খন টি-২০ আৰু এখন এদিনীয়াত ৰিয়ানে পৰাগে ভাৰতক প্ৰতিনিধিত্ব কৰিছে। ৯ খন টি-২০ত ১৫১.৪৩ ষ্ট্ৰাইক ৰেটেৰে ৰিয়ানে ১০৬ ৰান সংগ্ৰহ কৰাৰ লগতে ৪টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছে।  আনহাতে একমাত্ৰ এদিনীয়াখনতো ৰিয়ানে দলক কৰিছে ৩টাকৈ উইকেট। 

সুন্দৰ ফৰ্মত থকা ৰিয়ানে শীঘ্ৰেই ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰক। ৰিয়ান পৰাগলৈ থাকিল শুভেচ্ছা। 

Advertisment
Advertisment