Advertisment

গম্ভীৰৰ বাবেই অৱসৰ ল’বলৈ বাধ্য হৈছে ৰোহিত, কোহলী !

গম্ভীৰক ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ পাছতে ভাৰতীয় ক্ৰিকেটৰ ভিতৰত গঢ় লৈ উঠিছে এক অস্বস্তিকৰ পৰিৱেশ। ভাৰতীয় দলত এতিয়া এনে এক পৰিবেশৰ সৃষ্টি হৈছে যে বিৰাট কোহলী, ৰোহিত শৰ্মা, আৰ অশ্বিনৰ দৰে খেলুৱৈয়ে আগতীয়াকৈ অৱসৰ ল’বলৈ বাধ্য হৈছে।

 FILEPHOTO
FILEPHOTO

গম্ভীৰৰ বাবেই অৱসৰ ল’বলৈ বাধ্য হৈছে ৰোহিত, কোহলী ! 

টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক লৈ বিস্ফোৰক মন্তব্য প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ মনোজ তিৱাৰীৰ।  তিৱাৰীৰ মতে, গম্ভীৰক প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ পাছতে ভাৰতীয় ক্ৰিকেটৰ ভিতৰত গঢ় লৈ উঠিছে এক অস্বস্তিকৰ পৰিৱেশ। ভাৰতীয় দলত এতিয়া এনে এক পৰিবেশৰ সৃষ্টি হৈছে যে বিৰাট কোহলী, ৰোহিত শৰ্মা, আৰ অশ্বিনৰ দৰে খেলুৱৈয়ে আগতীয়াকৈ অৱসৰ ল’বলৈ বাধ্য হৈছে।

Advertisment

গৌতম গম্ভীৰ টীম ইণ্ডিয়াৰ প্ৰশিক্ষক হোৱাৰ পিছৰে পৰা ভাৰতীয় ক্ৰিকেট অস্থিৰ হৈ পৰিছে। গম্ভীৰ আগমনৰ পাছত কেইবাগৰাকীও প্ৰবীণ খেলুৱৈয়ে বিভিন্ন ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। গম্ভীৰৰ আগমনৰ পিছৰে পৰা দলৰ নিৰ্বাচনতো অহৰহ বিতৰ্কৰ সৃষ্টি হৈ আহিছে। প্ৰাক্তন ভাৰতীয় খেলুৱৈ মনোজ তিৱাৰীয়ে বৰ্তমানৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তিৱাৰীয়ে কয় যে, গম্ভীৰ প্ৰশিক্ষক হোৱাৰ পিছত দলত এনে এক পৰিবেশৰ সৃষ্টি হৈছে যে বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু আৰ অশ্বিনৰ দৰে জ্যেষ্ঠ খেলুৱৈয়ে আগতীয়াকৈ অৱসৰ ল’বলৈ বাধ্য হৈছে। তিনিওজন খেলুৱৈয়ে হয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে নহয় বিগত এবছৰৰ ভিতৰত বিভিন্ন ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ বিপৰীতে ইংলেণ্ড ভ্ৰমণৰ ঠিক পূৰ্বে ২০২৫ চনৰ মে’ মাহত ৰোহিত আৰু কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল।

এক সাক্ষাৎকাৰত মনোজ তিৱাৰীয়ে কয় যে ৰোহিত, কোহলীৰ দৰে জ্যেষ্ঠ খেলুৱৈ দলত থাকিলে প্ৰশিক্ষকে নিজৰ ইচ্ছা অনুযায়ী টীমটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। সেইবাবে জ্যেষ্ঠ খেলুৱৈক দলৰ পৰা আঁতৰাই দিয়া হৈছে। "যদি অশ্বিন, ৰোহিত, বা বিৰাটৰ দৰে জ্যেষ্ঠ খেলুৱৈ দলত থাকে, তেন্তে তেওঁলোকেও নিজৰ অভিজ্ঞতাৰ ভিত্তিত প্ৰশ্ন উত্থাপন কৰে। হয়তো সেইবাবেই এই খেলুৱৈসকলক দলৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হৈছিল।" তিৱাৰীয়ে আৰু কয় যে গম্ভীৰ প্ৰশিক্ষক হোৱাৰ পিছৰে পৰা বহু বিতৰ্কৰ সৃষ্টি হৈছে। তেওঁ কয়, "তেওঁ প্ৰশিক্ষক হোৱাৰ পিছৰে পৰা বহু কথা সলনি হৈছে, বহু বিতৰ্ক হৈছে। মই ভাবো যে যি হৈ আছে সেয়া ভাৰতীয় ক্ৰিকেটৰ বাবে ভাল লক্ষণ নহয়।"


গম্ভীৰ প্ৰশিক্ষক হোৱাৰ পিছৰে পৰা খেলুৱৈ নিৰ্বাচন আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অহৰহ অস্থিৰতা অব্যাহত আছে। "কেতিয়াবা এজন খেলুৱৈক হঠাতে দলত অন্তৰ্ভূক্ত কৰা হয় আৰু লগে লগে মূল একাদশত সুযোগ দিয়া হয়। বহু সিদ্ধান্তত ধাৰাবাহিকতাৰ অভাৱ দেখা গৈছে। দলীয় পৰিৱেশৰ বাবে এইটো ভাল নহয়।" 

বিৰাট আৰু ৰোহিতে ভাৰতীয় ক্ৰিকেটক এক নতুন উচ্চতালৈ লৈ গৈছে। এই খেলুৱৈসকলে সদায় দলৰ হৈ ১০০ শতাংশ দি আহিছে। কিন্তু যদি পৰিস্থিতি এনেকুৱা হয় আৰু তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকৰ আৰু প্ৰয়োজন নাই, তেন্তে তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে আতৰি যাব।"

তিৱাৰীয়ে কয় যে আগন্তুক ২০২৭ বিশ্বকাপৰ পৰিকল্পনাত যদি গৌতম গম্ভীয়ে বিৰাট আৰু ৰোহিতক অন্তৰ্ভুক্ত নকৰে তেন্তে ভাৰতীয় ক্ৰিকেটৰ বাবে এয়া এক ডাঙৰ ভুল হ’ব।  কাৰণ হোৱাইট বল ক্ৰিকেটত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ কোনো বিকল্প নাই।"

Advertisment
Advertisment