Assamese২০২৭ৰ বিশ্বকাপ খেলিবনে ৰোহিত-কোহলীয়ে? কি ক'লে গম্ভীৰে-অনিশ্চয়তাত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ক্ৰিকেট কেৰিয়াৰ। দীৰ্ঘবিৰতিৰ অন্তত ২২ গজলৈ প্ৰত্যাৱৰ্তন হ'ব দুই তাৰকাৰ। কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কৰা প্ৰদৰ্শনে দুয়োগৰাকী খেলুৱৈৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব বুলি ধাৰণা কৰিছে একাংশই। Mrinmoy Talukdar Oct 14, 2025 18:57 ISTFilephoto২০২৭ৰ বিশ্বকাপ খেলিবনে ৰোহিত-কোহলীয়ে? কি ক'লে গম্ভীৰে-অনিশ্চয়তাত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ক্ৰিকেট কেৰিয়াৰ। দীৰ্ঘবিৰতিৰ অন্তত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া এদিনীয়া শৃংখলাৰ জৰিয়তে ২২ গজলৈ প্ৰত্যাৱৰ্তন হ'ব দুই তাৰকাৰ। কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কৰা প্ৰদৰ্শনে দুয়োগৰাকী খেলুৱৈৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব বুলি ধাৰণা কৰিছে একাংশই। Advertismentবিগত বৰ্ষত টি-২০ বিশ্বকাপ জয়ৰ পাছতে টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে। সেই সময়ত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক আছিল ৰাহুল দ্ৰাবিড়। মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল শেষ হোৱাৰ পাছত গৌতম গম্ভীৰক টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হয়। তাৰ মাজতেই টেষ্ট ফৰ্মেটৰ পৰাও অৱসৰ ঘোষণা কৰে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে। অষ্ট্ৰেলিয়া বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল। কিন্তু আচৰিত খবৰটো আছিল টীম ইণ্ডিয়াৰ অধিনায়ক সলনি। ৰোহিত শৰ্মাক অধিনায়কৰ দায়িত্বৰ পৰা আঁতৰাই শুভমন গিলৰ হাতত অৰ্পণ কৰা হয় টীম ইণ্ডিয়াৰ বাঘজৰী। ইয়াৰ পাছতে ৰোহিত শৰ্মাই ২০২৭ চনৰ বিশ্বকাপ খেলিব নে নেখেলে, ইয়াকে লৈ এক চৰ্চাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ক্লীন শ্বুইপ কৰিবলৈ সক্ষম হয় টীম ইণ্ডিয়াই। শৃংখলা জয়ৰ পাছত সংবাদমেলত গৌতম গম্ভীৰে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ভৱিষ্যত সন্দৰ্ভত কয়, "আমি বৰ্তমানৰ মাজত জীয়াই থাকিব লাগিব। আমি আশা কৰিছো যে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ অষ্ট্ৰেলিয়া ভ্ৰমণ সফল হ'ব। আমি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰৱৰ্তী ছিৰিজত গুৰুত্ব দিব লাগিব। কোনো সন্দেহ নাই যে কোহলী-ৰোহিত দুয়োজন মহান খেলুৱৈ। আমি চাব লাগিব যে দুয়োজনে অষ্ট্ৰেলিয়া ভ্ৰমণত কেনে প্ৰদৰ্শন আগবঢ়াইছে।"উল্লেখ্য যে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলখনেই আছিল ৰোহিত আৰু কোহলিৰ শেষৰখন আন্তঃৰাষ্ট্ৰীয় খেল, তাৰ পাছৰে পৰা ৰোহিত-কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় মেচ খেলা নাই। চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ৰোহিতে শৰ্মাই ৭৬ ৰানন ইনিংছ খেলিছিল আৰু প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত হৈছিল।এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল ৰোহিত আৰু কোহলীয়ে ২০২৭ চনৰ বিশ্বকাপ খেলিবনে? গম্ভীৰৰ বক্তব্যৰ পৰা অনুমান কৰিব পাৰি যে অষ্ট্ৰেলিয়া ছিৰিজত কৰা প্ৰদৰ্শনৰ ভিত্তিতহে ৰোহিত আৰু কোহলীৰ ভৱিষ্যত নিৰ্ণয় হ’ব। Read the Next Article