Assameseমুখ খুলিছে ৰোহিতে। "মই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে..."ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ৰোহিত শৰ্মাক অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ পাছতে প্ৰথমবাৰলৈ মুখ খুলিছে ৰোহিতে। ৰোহিতে কয়, "মই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি ভাল পাওঁ। মই অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি ভাল পাওঁ। Mrinmoy Talukdar Oct 08, 2025 12:54 ISTFILEPHOTOমুখ খুলিছে ৰোহিতে। "মই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে..."অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল টীম ইণ্ডিয়াৰ অধিনায়ক সলনি। ৰোহিত শৰ্মাক আতৰাই শুভমন গিলক হাতত অৰ্পন কৰা হ'ল টীম ইণ্ডিয়াৰ বাঘজৰী। এতিয়াৰে পৰা টেষ্ট আৰু এদিনীয়া দুয়োটা ফৰ্মেটতে টীম ইণ্ডিয়াক নেতৃত্ব দিব গিলে। Advertisment৫ অক্টোবৰৰ সংবাদমেলত টীম ইণ্ডিয়াৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে কয় যে, বিজয় হাজাৰে ট্ৰফীৰ দৰে প্ৰতিযোগিতা এতিয়া ভাৰতীয় দললৈ নিৰ্বাচনৰ মূল মাপকাঠী হ’ব। লগতে ভাৰতীয় দলৰ বাছনি প্ৰক্ৰিয়া এতিয়া সম্পূৰ্ণৰূপে প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি কৰা হ’ব। আমি খেলুৱৈসকলক স্পষ্টভাৱে কৈছো যে, যেতিয়া তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নেখেলে তেতিয়া তেওঁলোকে ঘৰুৱা ক্ৰিকেট খেলিব লাগিব। এই নিয়ম সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ’ব। তাৰ পাছতেই আশংকা কৰা হৈছিল যে অষ্ট্ৰেলিয়া ভ্ৰমনেই হ'ব পাৰে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ আন্তৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমটো শৃংখলা। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ৰোহিত শৰ্মাক অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ পাছতে প্ৰথমবাৰলৈ মুখ খুলিছে ৰোহিতে। মুম্বাইত অনুষ্ঠিত হোৱা CEAT বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত ৰোহিতে কয়, "মই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি ভাল পাওঁ। মই অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি ভাল পাওঁ। অষ্ট্ৰেলিয়াৰ জনসাধাৰণে ক্ৰিকেট ভাল পায়। সেইবাবেই মই অষ্ট্ৰেলিয়াত ক্ৰিকেট খেলি ভাল পাওঁ।"উল্লেখ্য যে অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ৰোহিত শৰ্মাৰ প্ৰশিক্ষণৰ অসংখ্য ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ৰোহিতে নেটত কঠোৰ অনুশীলন কৰা দেখা গৈছে আৰু অষ্ট্ৰেলিয়াৰ পুনৰবাৰ নিজৰ সৰ্বোচ্চ উজাৰি দিবলৈ সাজু হৈছে। ৰোহিতৰ নেট অনুশীলনৰ ভিডিঅ’ত অনুৰাগীসকলে আকৌ এবাৰ দেখিবলৈ পাইছে পুৰণি হিটমেনৰ আভাস। ফিটনেছ ট্ৰেইনিঙৰ পৰা মেচ প্ৰেকটিছলৈকে ৰোহিতে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। ক্ৰিকেট বিশেষজ্ঞসকলৰ মতে অধিনায়কত্বৰ হেঁচা নাইকিয়া হোৱাৰ লগে লগে ৰোহিতে অধিক মুক্ত মনৰে বেটিং কৰিবলৈ সক্ষম হ’ব, যাৰ ফলত অষ্ট্ৰেলিয়াত ৰোহিতে বেটেৰে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব।AdvertismentAdvertisment Read the Next Article