Advertisment

শীঘ্ৰেই নীলা জাৰ্চিলৈ উভতিব ৰোহিত শৰ্মা, বিৰাট কোহলী!

শীঘ্ৰেই নীলা জাৰ্চিলৈ উভতিব ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটাৰ বিৰাট কোহলী! ২২ গজত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক চাবলৈ অধীৰ আগ্ৰেহেৰে অপেক্ষা কৰি আহিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে। অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে আগন্তুক তিনিখনীয়া এদিনীয়া শৃংখলাটোত খেলাৰ পূৰ্ণ সম্ভাৱনা আছে দুই তাৰকাৰ।

 Photograph: (file photo)
Photograph: (file photo)

শীঘ্ৰেই নীলা জাৰ্চিলৈ উভতিব ৰোহিত শৰ্মা, বিৰাট কোহলী!


শীঘ্ৰেই নীলা জাৰ্চিলৈ উভতিব ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটাৰ বিৰাট কোহলী! ২২ গজত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক চাবলৈ অধীৰ আগ্ৰেহেৰে অপেক্ষা কৰি আহিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে। তাৰ মাজতেই চৰ্চা চলিছে যে অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে আগন্তুক তিনিখনীয়া এদিনীয়া শৃংখলাটোত খেলাৰ পূৰ্ণ সম্ভাৱনা আছে দুই তাৰকাৰ। এইপৰ্যন্ত BCCIয়ে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও চৰ্চা অনুসৰি অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে ঘোষণা হ'বলগীয়া ভাৰতীয় দলটোত অন্তৰ্ভুক্ত হ'ব পাৰে দুই তাৰকা। 

Advertisment


বিশ্ব ক্ৰিকেটৰ দুই আইকন ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ খেল চাবলৈ ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আহিছে। ২০২৫ চনত ডুবাইত অনুষ্ঠিত হোৱা আইচিচি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত শেষবাৰৰ বাবে অংশগ্ৰহণ কৰাৰ পিছৰে পৰা এই যুটিয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ বাবেই পৰৱৰ্তী সময়ত কেতিয়া নীলা জাৰ্চি পিন্ধিব সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। উল্লেখ্য যে ২০২৪ চনৰ টি-২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰাৰ পিছত টি-২০ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ লগতে চলিত বৰ্ষৰ আৰম্ভণিতে টেষ্ট ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছিল দুই মহাতাৰকাই।

কিন্তু এক প্ৰতিবেদন অনুসৰি ৩০ ছেপ্টেম্বৰৰ পৰা কানপুৰত অনুষ্ঠিত হ’বলগীয়া 'ইণ্ডিয়া এ' বনাম 'অষ্ট্ৰেলিয়া এ'ৰ এদিনীয়া শৃংখলাত ৰোহিত আৰু কোহলী দুয়োজনেই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে BCCIয়ে শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত অনুষ্ঠিত হ’বলগীয়া চাৰিদিনীয়া দুখন টেষ্ট মেচৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে। লগতে শীঘ্ৰেই এদিনীয়া শৃংখলাৰ বাবেও দল ঘোষণা কৰিব নিৰ্বাচকে।

Advertisment
Advertisment