Assameseৰোহিত, বিৰাটৰ প্ৰভাৱ! ভাৰত- পাকৰ খেলক লৈ নাই উন্মাদনা! ১৪ ছেপ্তেম্বৰ, ৰবিবাৰ। সম্মুখসমৰত এছিয়াৰ দুই শক্তিশালী প্ৰতিদ্বন্দী ভাৰত- পাকিস্তান। ভাৰত-পাকিস্তানৰ খেল মানেই ৰোমাঞ্চ আৰু উত্তেজনাৰে ভৰপূৰ এক হাইভল্টেজ থ্ৰিলাৰ। কিন্তু এইবাৰ এছিয়া কাপৰ ভাৰত- পাকিস্তানৰ খেলখনক লৈ অনুৰাগীৰ মাজত নাই কোনো উন্মাদনা। Mrinmoy Talukdar Sep 12, 2025 19:01 ISTFilePhotoৰোহিত, বিৰাটৰ প্ৰভাৰত- পাকৰ খেলক লৈ নাই উন্মাদনা!ভাৱ! ১৪ ছেপ্তেম্বৰ, ৰবিবাৰ। সম্মুখসমৰত এছিয়াৰ দুই শক্তিশালী প্ৰতিদ্বন্দী ভাৰত- পাকিস্তান। ভাৰত-পাকিস্তানৰ খেল মানেই ৰোমাঞ্চ আৰু উত্তেজনাৰে ভৰপূৰ এক হাইভল্টেজ থ্ৰিলাৰ। কিন্তু এইবাৰ এছিয়া কাপৰ ভাৰত- পাকিস্তানৰ খেলখনক লৈ অনুৰাগীৰ মাজত নাই কোনো উন্মাদনা। উল্লেখ্য যে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চেম্পিয়নছ ট্ৰফীৰ ভাৰত-পাকিস্তানৰ মেচখনৰ সকলো টিকট বিক্ৰী হৈছিল যদিও এইপৰ্যন্ত বিক্ৰী হোৱা নাই এছিয়া কাপৰ ভাৰত- পাকিস্তানৰ খেলখনৰ সকলো টিকট। AdvertismentUAE ক্ৰিকেট ব’ৰ্ডৰ এগৰাকী বিষয়াই মন্তব্য কৰা অনুসৰি ভাৰত-পাকিস্তানৰ খেলখনৰ সকলো টিকট এইপৰ্যন্ত বিক্ৰী নোহোৱাক লৈ সকলো বিষয়া স্তম্ভিত হৈ পৰিছে। তেওঁ কয় যে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চেম্পিয়নছ ট্ৰফীৰ টিকট বিক্ৰী হৈ গ’ল যদিও এইবাৰ পৰিস্থিতি অতি বেয়া। আশংকা প্ৰকাশ কৰি বিষয়াগৰাকীয়ে কয় যে টিকটৰ বিক্ৰী কম হোৱাৰ কাৰণ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে তাৰকাৰ অনুপস্থিতিও হ’ব পাৰে৷ উল্লেখ্য যে ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ৰ পিছতেই ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। এইবাৰ যিহেতু এছিয়া কাপ টি-২০ ফৰ্মেটত অনুষ্ঠিত হৈছে গতিকে এছিয়া কাপৰ বাবে যোৱা দলটোত নাই ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে তাৰকা খেলুৱৈ। ৰিপৰ্টচ অনুসৰি টিকটৰ উচ্চ মূল্যইও টিকট বিক্ৰীত প্ৰভাৱ পেলাইছে। ইষ্ট ষ্টেণ্ডত দুটা ভিআইপি টিকটৰ মূল্য ২.৫ লাখ টকা। আনহাতে ৰয়েল বক্সত টিকটৰ মূল্য ২.৩ লাখ, আৰু স্কাই বক্সৰ বাবে ১.৬ লাখ টকা দিব লাগিব। আনকি প্লেটিনামৰ টিকটৰ দামো আকাশলংঘী, যিটো ৭৫,৬৫৯ টকাত উপলব্ধ। উল্লেখ্য যে টীম ইণ্ডিয়াই এছিয়া কাপৰ প্ৰথমখন মেচত UAEৰ বিৰুদ্ধে ৯ উইকেটত জয়লাভ কৰি এছিয়া কাপৰ অভিযান আৰম্ভ কৰিছে। ১৪ ছেপ্টেম্বৰত সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়া মুখামুখি হ'ব চিৰপ্ৰতিদ্বন্দী পাকিস্তানৰ সৈতে। Read the Next Article