Assameseপুনৰ ভাৰতীয় দলত ৰিয়ান পৰাগ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেখুৱাবনে চমক?অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া এদিনীয়া শৃংখলাৰ বাবে ঘোষণা ভাৰতীয় A দল। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে এই শৃংখলাটোৰ বাবে ভাৰতীয় A দলত অন্তৰ্ভুক্ত হ'ব বুলি চৰ্চা চলিছিল যদিও সেয়া হৈ নুঠিল। দীৰ্ঘসময়ৰ অন্তত ভাৰতীয় দলত স্থান লাভ ৰিয়ান পৰাগৰ। Mrinmoy Talukdar Sep 15, 2025 15:29 ISTPHOTOFILEপুনৰ ভাৰতীয় দলত ৰিয়ান পৰাগ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কি চমক দেখুৱাব ৰিয়ানে?Advertismentঅষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া আগন্তুক এদিনীয়া শৃংখলাটোৰ বাবে ঘোষণা হ'ল ভাৰতীয় A দল। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে এই শৃংখলাটোৰ বাবে ভাৰতীয় A দলত অন্তৰ্ভুক্ত হ'ব বুলি চৰ্চা চলিছিল যদিও সেয়া হৈ নুঠিল। দীৰ্ঘসময়ৰ অন্তত ভাৰতীয় দলত স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে।৩০ ছেপ্টেম্বৰৰ পৰা কানপুৰৰ ঐতিহাসিক গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত A আৰু অষ্ট্ৰেলিয়াৰ Aৰ মাজত তিনিখন মেচৰ এদিনীয়া শৃংখলা। ইতিমধ্যে BCCIয়ে এই শৃংখলাটোৰ বাবে ভাৰতীয় A দল ঘোষণা কৰিছে। প্ৰথমখন মেচত ৰজত পাটিদাৰক অধিনায়কত্বৰ দায়িত্ব দিয়াৰ লগতে দ্বিতীয় আৰু তৃতীয় এদিনীয়াত অধিনায়কত্বৰ দায়িত্ব চম্ভালিব তিলক বাৰ্মাই।উল্লেখ্য যে অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ইণ্ডিয়া Aৰ হৈ খেলিব বুলি চৰ্চা চলিছিল। ইতিমধ্যে দুয়োগৰাকী তাৰকাই টি-২০ আৰু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। IPL2025ৰ পিছত দুই তাৰকাই প্ৰতিযোগিতামূলক ক্ৰিকেটৰ পৰাও আতৰি আছে। আনহাতে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পিছৰে পৰাই আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰাও আতৰি আছে দুই তাৰকা। প্ৰথমখন এদিনীয়া খেলৰ বাবে ভাৰতীয় দল-ৰজত পাটিদাৰ (অধিনায়ক), প্ৰভসিমৰন সিং (উইকেটকীপাৰ), ৰিয়ান পৰাগ, আয়ুষ বদোনি, সূৰ্য্যংশ শ্বেডজ, বিপৰাজ নিগম, নিশান্ত সিন্ধু, গুৰজপনীত সিং, যুধবীৰ সিং, ৰবি বিষ্ণোই, অভিষেক পোৰেল (উইকেটকীপাৰ), প্ৰিয়ংশ আৰ্য আৰু ছিমৰজীত সিং।দ্বিতীয় আৰু তৃতীয় মেচৰ বাবে ভাৰতীয় দলতিলক বাৰ্মা (অধিনায়ক), ৰজত পাটিদাৰ (উপ অধিনায়ক), অভিষেক শৰ্মা, প্ৰভসিমৰন সিং (উইকেটকীপাৰ), ৰিয়ান পৰাগ, আয়ুষ বদোনি, সূৰ্য্যংশ শ্বেডেজ, বিপ্ৰজ নিগম, নিশান্ত সিন্ধু, গুৰজপনীত সিং, যুধবীৰ সিং, ৰবি বিষ্ণোই, অভিষেক পোৰেল (উইকেটকীপাৰ), হৰ্ষিত ৰানা আৰু অৰ্শ্বদীপ সিং। Read the Next Article