Advertisment

দক্ষিণ আফ্ৰিকাৰ হাতত হোৱাইটৱাশ্ব টীম ইণ্ডিয়া

ঘৰুৱা মাটিতে টাচপাতৰ দৰে খহিল টীম ইণ্ডিয়াৰ বেটিং লাইনআপ। বৰ্ষাপাৰাত দক্ষিণ আফ্ৰিকাৰ বলিং বিক্ৰমত দিশহাৰা ভাৰতীয় বেটাৰ। নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত হোৱাইটৱাশ্বৰ পাছতেই আন এটা শৃংখলাত হোৱাইটৱাশ্ব টীম ইণ্ডিয়াৰ।

 Filephoto
Filephoto

বৰ্ষাপাৰাত বিধ্বস্ত টীম ইণ্ডিয়া
দক্ষিণ আফ্ৰিকাৰ হাতত হোৱাইটৱাশ্ব টীম ইণ্ডিয়া

Advertisment

ঘৰুৱা মাটিতে টাচপাতৰ দৰে খহিল টীম ইণ্ডিয়াৰ বেটিং লাইনআপ। বৰ্ষাপাৰাত দক্ষিণ আফ্ৰিকাৰ বলিং বিক্ৰমত দিশহাৰা ভাৰতীয় বেটাৰ। নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত হোৱাইটৱাশ্বৰ পাছতেই আন এটা শৃংখলাত হোৱাইটৱাশ্ব টীম ইণ্ডিয়াৰ।

টেষ্ট ক্ৰিকেটত চৰম বিপৰ্যয় টীম ইণ্ডিয়াৰ। প্ৰথমে নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত ৩-০ৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত এইবাৰ দক্ষিণ আফ্ৰিকাৰ হাতত হোৱাইটৱাশ্ব টীম ইণ্ডিয়াৰ। বৰ্ষাপাৰাত ৫৪৯ ৰানৰ বিজয়লক্ষ্যৰে বেটিং কৰিবলৈ আহি ১৪০ ৰানতে থমকিল টীম ইণ্ডিয়া। 

বৰ্ষাপাৰা টেষ্টত দক্ষিণ আফ্ৰিকাৰ হাতত আত্মসমৰ্পন টীম ইণ্ডিয়াৰ। প্ৰথম ইনিংছত ২৮৮ ৰানৰ অগ্ৰগতি লাভ কৰা দক্ষিণ আফ্ৰিকাই কালি ৫ উইকেটত ২৬০ ৰান সংগ্ৰহ কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰিছিল। দক্ষিণ আফ্ৰিকাৰ হৈ ট্ৰিষ্টান ষ্টাবছে সৰ্বাধিক ৯৪ ৰান সংগ্ৰহ কৰাৰ লগতে ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই ৪টা উইকেট দখল কৰিছিল। 

প্ৰত্যুত্তৰত ৫৪৯ ৰানৰ বিশাল বিজয়লক্ষ্যৰে বেটিং কৰিবলৈ আহি টীম ইণ্ডিয়াই দ্বিতীয় ইনিংছটো সম্মুখীন হয় বেটিং বিপৰ্যয়ৰ। বেটিং বিপৰ্যয়ৰ সম্মুখীন হৈ টীম ইণ্ডিয়াই ১৪০ ৰানতে ইনিংছ সামৰে। । ব্যৰ্থ হয় ধ্ৰুৱ জুৰেল ২, কে এল ৰাহুল ৬, ঋষভ পণ্ট ১৩, যশস্বী জয়ছোৱাল ১৩, চাই সুদৰ্শন ১৪, ৱাছিংটন সুন্দৰ ১৬। টীম ইণ্ডিয়াৰ হৈ সৰ্বাধিক ৫৪ ৰান সংগ্ৰহ কৰে ৰবীন্দ্ৰ জাদেজাই। দক্ষিণ আফ্ৰিকাৰ হৈ চাইমন হাৰ্মাৰে ৬টা আৰু কেশৱ মহাৰাজে ২টা উইকেট দখল কৰে। 

দক্ষিণ আফ্ৰিকাৰ বিপক্ষে চলিত টেষ্ট শৃংখলাৰ ইডেন গাৰ্ডেন টেষ্টত পৰাজয় হোৱাৰ পাছত বৰ্ষাপাৰাৰ টেষ্টখন আছিল টীম ইণ্ডিয়াৰ বাবে আত্মসন্মান ৰক্ষাৰ যুঁজ। কিন্তু বৰ্ষাপাৰাৰ টেষ্টতো বিধ্বস্ত হ'ল টীম ইণ্ডিয়া। ইডেন গাৰ্ডেনৰ নিচিনাকৈ বৰ্ষাপাৰাতো টীম ইণ্ডিয়াৰ বেটাৰে নিৰাশ কৰিলে ক্ৰিকেটপ্ৰেমীক।

Advertisment
Advertisment