Advertisment

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘোষণা হ'ল ভাৰতীয় দল, শুভমন গিলৰ হাতত টীম ইণ্ডিয়াৰ নেতৃত্ব

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল। সুৰ্যকুমাৰ যাদৱে ভাৰতীয় টি-২০ দলটোক নেতৃত্ব দিয়াৰ লগতে এদিনীয়া শৃংখলাৰ বাবে অধিনায়কৰ দয়িত্ব অৰ্পন কৰা হৈছে তাৰকা বেটাৰ শুভমন গিলক।

 Filephoto
Filephoto

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘোষণা হ'ল ভাৰতীয় দল, শুভমন গিলৰ হাতত টীম ইণ্ডিয়াৰ নেতৃত্ব

Advertisment

ক্ৰিকেটপ্ৰেমীৰ অপেক্ষাৰ অন্ত পৰিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল। সুৰ্যকুমাৰ যাদৱে ভাৰতীয় টি-২০ দলটোক নেতৃত্ব দিয়াৰ লগতে এদিনীয়া শৃংখলাৰ বাবে অধিনায়কৰ দয়িত্ব অৰ্পন কৰা হৈছে তাৰকা বেটাৰ শুভমন গিলক। ইয়াৰ লগে লগে অধিনায়ক হিচাপে টীম ইণ্ডিয়াত অন্ত পৰিল ৰোহিত যুগৰ। 

আজি দল ঘোষণা কৰাৰ পূৰ্বে নিৰ্বাচকমণ্ডলীয়ে এক দীঘলীয়া বৈঠকত মিলিত হয়। এই বৈঠকৰ পিছতে ২৬ বছৰীয়া শুভমন গিলক এদিনীয়া দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। এতিয়াৰে পৰা টেষ্ট আৰু এদিনীয়া দুয়োটা ফৰ্মেটতে টীম ইণ্ডিয়াক নেতৃত্ব দিব গিলে। অৱশ্যে ১৫ জনীয়া ভাৰতীয় দলটোত অন্তৰ্ভুক্ত কৰা হৈছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক। কিন্তু সুন্দৰ ফৰ্মত থকাৰ পাছতো দলৰ পৰা বাদ পৰিল তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা। 

ৰোহিত শৰ্মা হৈছে ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম সফল অধিনায়ক। ৰোহিত শৰ্মাৰ অধিনায়কত্বতে টীম ইণ্ডিয়াই বিগত ৯ মাহত দুটাকৈ  আই চি চিৰ ট্ৰফী জয়লাভ কৰিবলৈ সক্ষম হৈছিল। ২০২৫ৰ মাৰ্চ মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলখনেই আছিল অধিনায়ক হিচাপে ৰোহিতৰ শেষৰখন খেল। 

Advertisment


অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল - শুভমন গিল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, অক্ষৰ পেটেল, কে এল ৰাহুল  (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, মহম্মদ চিৰাজ, আৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ) , যশস্বী জয়ছোৱাল।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল - সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল (উপ অধিনায়ক), অভিষেক শৰ্মা,  তিলক বাৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, অক্ষৰ পেটেল, জিতেশ শৰ্মা (উইকেটকীপাৰ), বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, সঞ্জু চেমছন (উইকেটকীপাৰ), ৰিংকু সিং আৰু ৱাশ্বিংটন সুন্দৰ।

Advertisment
Advertisment