Advertisment

ঋষভ পণ্টক অতিক্ৰম, WTCত কেইবাটাও অভিলেখ শুভমন গিলৰ

টেষ্ট ক্ৰিকেটত আন এক অভিলেখ শুভমন গিলৰ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টক অতিক্ৰম কৰে গিলে। পণ্টক অতিক্ৰম কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈত পৰিণত হয় গিল। 

 Filephoto
Filephoto

 ঋষভ পণ্টক অতিক্ৰম, WTCত কেইবাটাও অভিলেখ শুভমন গিলৰ

টেষ্ট ক্ৰিকেটত আন এক অভিলেখ টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিলৰ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টক অতিক্ৰম কৰে গিলে। পণ্টক অতিক্ৰম কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈত পৰিণত হয় গিল। 

Advertisment

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৩৫ ৰান সংগ্ৰহ কৰাৰ লগে লগেই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈ হিচাপে পৰিগণিত হয় শুভমন গিল। অধিনায়ক হিচাপে ঘৰুৱা মাটিত গিলৰ আছিল এইটোৱেই প্ৰথম শতক। দিল্লীত অনুষ্ঠিত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দ্বিতীয়খন টেষ্টত টীম ইণ্ডিয়াই ৫ উইকেটৰ বিনিময়ত ৫১৮ ৰানত প্ৰথম ইনিংছ ঘোষণা কৰিছে। ভাৰতৰ হৈ যশস্বী জয়ছৱালে ১৭৫, শুভমন গিলে অপৰাজিত ১২৯, ছাই সুদৰ্শনে ৮৭, ধ্ৰুৱ জুৰেলে ৪৪, নীতিশ ৰেড্ডীয়ে ৪৩ আৰু কে এল ৰাহুলে ৩৮ ৰান সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ জোমেল ৱাৰিকনে তিনিটা আৰু এণ্ডাৰছন ফিলিপে এটা উইকেট দখল কৰে।

টীম ইণ্ডিয়াৰ ৫১৮ ৰানৰ প্ৰত্যুত্তৰত বাতৰি লিখাৰ পৰলৈকে ৱেষ্ট ইণ্ডিজে ৪ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে ১১৬ ৰান। আথানাছে ৪১ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে চাই হোপে ২২ ৰানত বেটিং কৰি আছে। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই ৩টা আৰু কুলদীপ যাদৱে ১টা উইকেট দখল কৰিছে। 

উল্লেখ্য যে শুভমন গিলে এইপৰ্যন্ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ২,৭৫৭ ৰান সংগ্ৰহ কৰিছে। ঋষভ পণ্টৰ ২৭৩১ ৰানৰ অভিলেখ ভংগ কৰে গিলে। ঋষভ পণ্টে ৬৭টা ইনিংছত ২৭৩১ ৰান সংগ্ৰহ কৰিছিল। আনহাতে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা এই তালিকাত তৃতীয় স্থানত আছে। ৰোহিত শৰ্মাই ৬৯টা  ইনিংছত ২,৭১৬ ৰান সংগ্ৰহ কৰিছে। আনহাতে তাৰকা বেটাৰ বিৰাট কোহলী চতুৰ্থ আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা সৰ্বাধিক ৰান সংগ্ৰহকাৰী ভাৰতীয় খেলুৱৈৰ তালিকাত পঞ্চম স্থানত আছে।

উল্লেখ্য যে অধিনায়ক হিচাপেও আজি ১০০০ ৰান সম্পূৰ্ণ কৰিলে শুভমন গিলে। এই মাইলৰ খুঁটিত উপনীত হোৱা ভাৰতৰ দ্বাদশ অধিনায়ক হিচাপে পৰিগণিত হয় শুভমন গিলে৷ ১২,৮৮৩ ৰানেৰে এই তালিকাৰ শীৰ্ষত আছে বিৰাট কোহলি।