Advertisment

পাৰ্থত চুপাৰ ফ্ল'প টীম ইণ্ডিয়াৰ টপ অৰ্ডাৰ।

পাৰ্থত চুপাৰ ফ্ল'প টীম ইণ্ডিয়াৰ টপ অৰ্ডাৰ। ক্ৰীজত তিষ্ঠিব নোৱাৰিলে ৰোহিত শৰ্মা, শুভমন গিল, বিৰাট কোহলী আৰু শ্ৰেয়াছ আয়াৰে। বৰষুণে বিধিপথালি জন্মোৱা মেচত ২৬ অভাৰত ৯ উইকেট হেৰুৱাই  টীম ইণ্ডিয়াই সংগ্ৰহ কৰে ১৩৬ ৰান।

 Filephoto
Filephoto

পাৰ্থত চুপাৰ ফ্ল'প টীম ইণ্ডিয়াৰ টপ অৰ্ডাৰ।

পাৰ্থত চুপাৰ ফ্ল'প টীম ইণ্ডিয়াৰ টপ অৰ্ডাৰ। ক্ৰীজত তিষ্ঠিব নোৱাৰিলে ৰোহিত শৰ্মা, শুভমন গিল, বিৰাট কোহলী আৰু শ্ৰেয়াছ আয়াৰে। বৰষুণে বিধিপথালি জন্মোৱা মেচত ২৬ অভাৰত ৯ উইকেট হেৰুৱাই  টীম ইণ্ডিয়াই সংগ্ৰহ কৰে ১৩৬ ৰান।

Advertisment


পাৰ্থত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বহুপ্ৰত্যাশিত প্ৰথমখন এদিনীয়া। সুদীৰ্ঘ দিনৰ অন্তত ২২ গজলৈ প্ৰত্যাৱৰ্তন হ'ল ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ। কিন্তু প্ৰথমখন এদিনীয়াত  সম্পূৰ্ণৰূপে ফ্লপ হ'ল ভাৰতীয় বেটিং লাইনআপ। বৰষুণে বিধিপথালি জন্মোৱাত খেলখন ২৬ অভাৰলৈ হ্ৰাস কৰা হয়। প্ৰথমে বেটিং কৰি টীম ইণ্ডিয়াই ২৬ অভাৰত ৯ উইকেট হেৰুৱাই  ১৩৬ ৰান সংগ্ৰহ কৰে। সম্পূৰ্ণৰূপে ফ্ল'প হয় ৰোহিত শৰ্মা (৮), বিৰাট কোহলী (০), শুভমন গিল (১০) আৰু শ্ৰেয়াছ আয়াৰ (১১)। এটা সময়ত টীম ইণ্ডিয়াই ৪৫ ৰানতে ৪টা উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও কে এল ৰাহুল আৰু অক্ষৰ পেটেলে টীম ইণ্ডিয়াক এক সন্মানজনক লক্ষ্যত উপনীত কৰায়। কে এল ৰাহুলে ৩৮ আৰু  অক্ষৰ পেটেলে ৩১ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ জ'ছ হেজলউড, মিচেল ওৱেন, আৰু মেথিউ কুহনেমেনে ২টাকৈ উইকেট দখল কৰাৰ লগতে মিচেল ষ্টাৰ্ক আৰু নাথান এলিছে ১টাকৈ উইকেট দখল কৰে।

২২৩টা দিনৰ অন্তত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ৰোহিত শৰ্মা, বিৰাট কোহলীৰ। ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পাছৰে পৰা অন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা দুৰত আছিল দুই তাৰকা। ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ৰ পাছত টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ লগতে টেষ্ট ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছে দুই তাৰকা ক্ৰিকেটাৰে। 

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাটো ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপত খেলাতো এই শৃংখলাটো ওপৰত যথেষ্ট পৰিমানে নিৰ্ভৰশীল। এতিয়া দ্বিতীয় আৰু তৃতীয় এদিনীয়াত দুয়োগৰাকী তাৰকাই কেনেধৰণৰ প্ৰদৰ্শন কৰে সেয়া লক্ষ্যনীয় হ'ব।