Assameseতালিবান মন্ত্ৰীৰ সংবাদমেলত নিষিদ্ধ মহিলা সাংবাদিক! দেশজুৰি বিতৰ্কভাৰত ভ্ৰমণ কৰিছে আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমীৰ খান মুত্তাকীয়ে। কিন্তু মন্ত্ৰীজনৰ সংবাদমেললৈ মহিলা সাংবাদিকক নিমন্ত্ৰণ নকৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আনকি মোদী চৰকাৰকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছৰ লগতে একাংশ মহিলা সাংবাদিকে।Mrinmoy Talukdar Oct 11, 2025 20:32 ISTFilephotoতালিবান মন্ত্ৰীৰ সংবাদমেলত নিষিদ্ধ মহিলা সাংবাদিক! দেশজুৰি বিতৰ্কআফগানিস্তানত দ্বিতীয়বাৰলৈ তালিবান চৰকাৰ হোৱাৰ পিছত প্ৰথমবাৰলৈ ভাৰত ভ্ৰমণ কৰিছে আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমীৰ খান মুত্তাকীয়ে। ইতিমধ্যে আফগানিস্তানৰ মাটি কেতিয়াও ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে বিদেশ মন্ত্ৰীজনে। কিন্তু মন্ত্ৰীজনৰ সংবাদমেললৈ মহিলা সাংবাদিকক নিমন্ত্ৰণ নকৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আনকি নৰেন্দ্ৰ মোদী চৰকাৰকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছৰ লগতে একাংশ মহিলা সাংবাদিকে।Advertismentদ্বিতীয়বাৰলৈ আফগানিস্তানৰ শাসনৰ গাদীত বহাৰ পিছত প্ৰথমবাৰলৈ ভাৰতলৈ আহিছে বিদেশ মন্ত্ৰী আমীৰ খান মুত্তাকী। শনিবাৰে আফগানিস্তানৰ তালিবান চৰকাৰৰ বিদেশ মন্ত্ৰীজনে পৰিদৰ্শন কৰে দাৰুল উলুম দেউবন্দ। তালিবানী মন্ত্ৰীজনক দেউবন্দত হাজাৰ–হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে জনালে আদৰণি। কিন্তু বিদেশ মন্ত্ৰী আমীৰ খান মুত্তাকীৰ সংবাদমেলক লৈ এতিয়া দেশজুৰি সৃষ্টি হৈছে বিতৰ্কৰ। কিন্তু কিহৰ বাবে এই বিতৰ্ক?আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমীৰ খান মুত্তাকীয়ে ভাৰতলৈ আহি সংবাদমেল সম্বোধন কৰিলে। কিন্তু বিতৰ্কৰ কাৰণটো হ'ল মুত্তাকীৰ সংবাদমেললৈ নিমন্ত্ৰণ কৰা নহ’ল মহিলা সাংবাদিকক। একাংশ মহিলা সাংবাদিকে সংবাদমেললৈ গৈছিল যদিও মহিলা সাংবাদিকসকলক সংবাদমেলত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল। তাৰ পাছতে ভাৰতৰ মাটিত তালিবান চৰকাৰৰ এজন মন্ত্ৰীৰ সংবাদমেললৈ মহিলা সাংবাদিকক নিমন্ত্ৰণ নকৰাক লৈ আৰু যোৱাসকলক সংবাদমেলত প্ৰৱেশ কৰিব নিদিয়াক লৈ আপত্তি কৰিছে কেইবাগৰাকী মহিলা সাংবাদিকে। সংবাদমেলখনত মহিলা সাংবাদিকক নিষিদ্ধ কৰিবলৈ কোনে অনুমতি দিছিল বুলি মোদী চৰকাৰতো এতিয়া প্ৰশ্ন আৰু সমালোচনা কৰা হৈছে। কেৱল মহিলা সাংবাদিকেই নহয়, তালিবান মন্ত্ৰীৰ সংবাদমেলত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাক লৈ মোদী চৰকাৰক সমালোচনা কৰিছে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভদ্ৰায়ো। আনকি প্ৰধানমন্ত্ৰী মোদীক স্পষ্টীকৰণ দিবলৈয়ো দাবী ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰম, জয়ৰাম ৰমেশৰো চোকা ভাষাৰে সমালোচনা মোদী চৰকাৰক।দেশজুৰি সৃষ্টি হোৱা এই বিতৰ্কৰ পাছতে এতিয়া স্পষ্টীকৰণ দিছে বিদেশ মন্ত্ৰণালয়ে। আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমীৰ খান মুত্তাকীৰ সংবাদমেলক লৈ নতুন দিল্লীৰ কোনো ভূমিকা নাছিল। আফগানিস্তানৰ দূতাবাসেহে আয়োজন কৰিছিল এই সংবাদমেলৰ। Read the Next Article