Assameseটি-২০ ক্ৰিকেটত আন এক অভিলেখৰ দিশে টীম ইণ্ডিয়াএছিয়া কাপৰ গ্ৰুপ পৰ্যায়ৰ আজি অন্তিমখন খেল। আবুধাবিত আজি অনুষ্ঠিত হ'ব ভাৰত-ওমানৰ মাজত খেলখন। দুখনকৈ জয়েৰে টীম ইণ্ডিয়াই চুপাৰ ৪ত প্ৰৱেশ কৰাৰ বিপৰীতে ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে ওমান। আনহাতে আজি আন এক বিশ্ব অভিলেখৰ দিশে টীম ইণ্ডিয়া। Mrinmoy Talukdar Sep 19, 2025 11:57 ISTFikephotoটি-২০ ক্ৰিকেটত আন এক অভিলেখৰ দিশে টীম ইণ্ডিয়াএছিয়া কাপৰ গ্ৰুপ পৰ্যায়ৰ আজি অন্তিমখন খেল। আবুধাবিত আজি অনুষ্ঠিত হ'ব ভাৰত-ওমানৰ মাজত খেলখন। দুখনকৈ জয়েৰে টীম ইণ্ডিয়াই চুপাৰ ৪ত প্ৰৱেশ কৰাৰ বিপৰীতে ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে ওমান।Advertismentএই মেচখন টীম ইণ্ডিয়াৰ বাবে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। ক্ৰিকেটৰ যিকোনো ফৰ্মেটত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব ভাৰত আৰু ওমান । ২০২৫ চনৰ এছিয়া কাপত দুয়োটা দলৰ মাজত হোৱা এই সংঘৰ্ষই ছুপাৰ ৪ৰ ৰেংকিঙত কোনো প্ৰভাৱ পেলাব নোৱাৰিলেও এই মেচখন টীম ইণ্ডিয়াৰ দৃষ্টিকোণৰ পৰা তাৎপৰ্যপূৰ্ণ। ওমানৰ বিৰুদ্ধে খেলপথাৰত নমাৰ লগে লগে টীম ইণ্ডিয়াই ২৫০খন টি-২০ মেচ খেলা বিশ্বৰ দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হ’ব। বৰ্তমান পাকিস্তানৰ হাতত আছে সৰ্বাধিক টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচৰ অভিলেখ, ২৭৫খন খেল।এই পৰ্যন্ত টীম ইণ্ডিয়াই খেলা ২৪৯খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। য'ত টীম ইণ্ডিয়াই ১৬৬খন খেলত জয়লাভ কৰাৰ বিপৰীতে ৭১খনত পৰাস্ত হৈছে, আৰু ৬খন ড্ৰ খেলিছে। ২৪৯খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতৰ জয়ৰ শতাংশ ৬৬.৬৬। উল্লেখ্য যে বিশ্বৰ সকলো দলৰ ভিতৰত ভাৰতৰ জয়ৰ শতাংশ সৰ্বাধিক।উল্লেখ্য যে ভাৰতে ২০০৬ চনত বীৰেন্দ্ৰ ছেহৱাগৰ অধিনায়কত্বত প্ৰথমবাৰৰ বাবে টি-২০ মেচ খেলিছিল। ইয়াৰ পিছত ধোনীৰ অধিনায়কত্বত জয়ী হৈছিল ৫০ সংখ্যক টি-২০ মেচ। বিৰাট কোহলীৰ অধিনায়কত্বত টীম ইণ্ডিয়াই ১০০ সংখ্যক আৰু ১৫০ সংখ্যক টি-২০ত খেলি জয়লাভ কৰিছিল। ২০০ সংখ্যক টি-২০ত ভাৰতক নেতৃত্ব দিছিল হাৰ্ডিক পাণ্ডিয়াই। অৱশ্যে সেই ঐতিহাসিক মেচখনত টীম ইণ্ডিয়া পৰাস্ত হৈছিল।টি-২০ ক্ৰিকেটত টীম ইণ্ডিয়াৰ কিছু অভিলেখ-সৰ্বাধিক মেচ : ৰোহিত শৰ্মা (১৫৯)সৰ্বাধিক ৰানঃ ৰোহিত শৰ্মা (৪২৩১)সৰ্বাধিক স্ক'ৰ: অভিষেক শৰ্মা (১৩৫)সৰ্বাধিক অৰ্ধশতক : বিৰাট কোহলী (৩৮)অধিকাংশ শতক : ৰোহিত শৰ্মা (৫) Read the Next Article