Assameseঅন্য পুৰুষৰ সৈতে সম্পৰ্ক বিবাহিত মহিলাক শিক্ষা দিলে আদালতেস্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত প্ৰতিগৰাকী মহিলাই ভৰণ-পোষণৰ অধিকাৰ লাভ কৰে। য’ত সন্তানৰ লগতে প্ৰাক্তন পত্নীৰ খৰচো বহন কৰিব লাগে স্বামীয়ে। কিন্তু বৰ্তমান আদালতৰ এটা ৰায়দানে চৰ্চা লাভ কৰিছে। Mrinmoy Talukdar Sep 07, 2025 17:52 ISTঅন্য পুৰুষৰ সৈতে সম্পৰ্ক বিবাহিত মহিলাক শিক্ষা দিলে আদালতেস্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত প্ৰতিগৰাকী মহিলাই ভৰণ-পোষণৰ অধিকাৰ লাভ কৰে। য’ত সন্তানৰ লগতে প্ৰাক্তন পত্নীৰ খৰচো বহন কৰিব লাগে স্বামীয়ে। কিন্তু বৰ্তমান আদালতৰ এটা ৰায়দানে চৰ্চা লাভ কৰিছে। আৰ্থিক সাহায্য বিচাৰি এগৰাকী বিবাহ বিচ্ছেদ হোৱা মহিলাৰ আবেদন নাকচ কৰিলে দিল্লীৰ আদালতে।Advertismentউল্লেখ্য যে এগৰাকী মহিলাৰ স্বামীৰ সৈতে হৈছিল বিবাহ বিচ্ছেদ। বিচ্ছেদৰ পিছতেই স্বামীৰ পৰা ভৰণ-পোষণৰ বাবে আৰ্থিক সাহায্য বিচাৰি আদালতৰ কাষ চাপিছিল মহিলাগৰাকী। কিন্তু মহিলাগৰাকীৰ বিৰুদ্ধে আছিল আন এক গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি মহিলাগৰাকীৰ বিবাহৰ পিছত অন্য পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। প্ৰকৃততে মহিলাগৰাকীৰ সন্তানৰ পিতৃ তেওঁৰ স্বামী নহয়।ইফালে মহিলাগৰাকীয়ে এই অভিযোগৰ বিৰুদ্ধে আদালতত দাখিল কৰিব নোৱাৰিলে কোনো যুক্তি। তাৰ পিছত আদালতে মহিলাগৰাকীৰ আৰ্থিক সহায়ৰ আৱেদন নাকচ কৰে। কোৱা হৈছিল যে অনৈতিক কাৰ্যত লিপ্ত থকা পত্নী ভৰণ-পোষণৰ বাবে যোগ্য নহয়। দিল্লীৰ পৰিয়াল আদালতৰ ন্যায়াধীশ নমৃতা আগৰৱালাই মহিলাগৰাকীৰ আৱেদনৰ শুনানি গ্ৰহণ কৰিছিল। মে’ মাহত মহিলাগৰাকী আৰু তেওঁৰ স্বামীক বিবাহ বিচ্ছেদৰ অনুমতি প্ৰদান কৰে আন এখন আদালতে। বিবাহ বিচ্ছেদৰ ৰায় দিওঁতে আদালতে কয় যে বিবাহিত অৱস্থাত মহিলাগৰাকীৰ আনৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। ফলত তেওঁ স্বামীক বিশ্বাসঘাটকতা কৰিছে। তদুপৰি দম্পতীৰ সন্তানৰ ডিএনএ টেষ্টৰ পিছত দেখা গ’ল যে মহিলাগৰাকী যদিও এটা সন্তানৰ মাতৃ আছিল, যাৰ পিতৃ তেওঁৰ স্বামী নহয়। Read the Next Article