Assameseঅপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। টেষ্ট শৃংখলাত ক্লীন শ্বুইপ গিল বাহিনীৰ।অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। আহমেদাবাদৰ পাছত দিল্লী টেষ্টতো মুখঠেকেচা কেৰিবিয়ান বাহিনীৰ। দিল্লী টেষ্টত জয়েৰে শৃংখলাত ক্লীন শ্বুইপ গিল বাহিনীৰ। আনহাতে দিল্লী টেষ্ট জয়ৰ পাছতেই কেইবাটাও ৰেকৰ্ড গঢ়িছে টীম ইণ্ডিয়াই।Mrinmoy Talukdar Oct 14, 2025 17:39 ISTFilephotoঅপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। টেষ্ট শৃংখলাত ক্লীন শ্বুইপ গিল বাহিনীৰ।অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। দ্বিতীয় টেষ্টতো মুখঠেকেচা কেৰিবিয়ান বাহিনীৰ। দিল্লী টেষ্টত জয়েৰে শৃংখলাত ক্লীন শ্বুইপ গিল বাহিনীৰ।Advertismentআহমেদাবাদৰ পাছত দিল্লী টেষ্টতো মুখঠেকেচা ৱেষ্ট ইণ্ডিজৰ। কেৰিবিয়ান বাহিনীয়ে বান্ধি দিয়া ১২১ ৰানৰ লক্ষ্য ৩টা উইকেট হেৰুৱাই অতিক্ৰম কৰে ভাৰতে। দ্বিতীয় ইনিংছত কে এল ৰাহুলৰ অপৰাজিত ৫৮ আৰু চাই সুদৰ্শনৰ ৩৯ ৰানৰ সহায়ত টেষ্ট শৃংখলাত ২-০ত ক্লীন শ্বুইপ ভাৰতৰ। অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন টেষ্টৰ প্ৰথম ইনিংছত ভাৰতৰ ৫১৮ ৰানৰ প্ৰত্যুত্তৰত কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজাৰ স্পীন ঘূৰ্ণিত দিশহাৰা হৈ ২৪৮ ৰানত ইনিংছ সামৰি ফ'লঅ'নৰ সম্মুখীন হৈছিল ৱেষ্ট ইণ্ডিজ। কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজাই দখল কৰিছিল ৮টাকৈ উইকেট। দ্বিতীয় ইনিংছ আৰম্ভ কৰি ৱেষ্ট ইণ্ডিজ দলে জন কেম্পবেল আৰু চাই হোপৰ দৰ্শনীয় শতকৰ সহায়ত ৩৯০ ৰানত ইনিংছ সামৰে। কেম্পবেলে ১১৫ আৰু চাই হোপে ১০৩ ৰানৰ ইনিংছ খেলে। জাষ্টিন গ্ৰেভচে ৫০ আৰু ৰষ্টন চেজে ৪০ ৰানৰ ইনিংছ খেলে। ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহ আৰু কুলদীপ যাদৱে ৩টাকৈ আৰু মহম্মদ চিৰাজে ২টা, ৱাছিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাদেজাই ১টাকৈ উইকেট দখল কৰে।এই জয়েৰে শৃংখলা ২-০ত দখল কৰে টীম ইণ্ডিয়াই। মেচখনত ৮টা উইকেট দখল কৰা কুলদীপ যাদৱে মেন অৱ দা মেচ আৰু ৰবীন্দ্ৰ জাদেজাই লাভ কৰে প্লেয়াৰ অৱ দা চিৰিজৰ সন্মান। দিল্লী টেষ্ট জয়ৰ পাছতেই কেইবাটাও ৰেকৰ্ড গঢ়িছে টীম ইণ্ডিয়াই- ১৯৮৭ চনৰ পাছত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত খেলা কোনো টেষ্টতে পৰাজয় হোৱা নাই টীম ইণ্ডিয়া। অৰুণ জেটলী ষ্টেডিয়ামত এইপৰ্যন্ত ১৪খন টেষ্টত অপৰাজিত হৈ আছে ইণ্ডিয়া, যিটো ঘৰুৱা মাটিত এক নতুন অভিলেখ। ইয়াৰ পূৰ্বে মোহালীত একেৰাহে ১৩খন টেষ্টত জয়লাভ কৰিছে ভাৰতে।ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত জয়লাভ হৈছে শুভমন গিলৰ অধিনায়কত্বত ভাৰতৰ প্ৰথমটো টেষ্ট শৃংখলাৰ জয়। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা মাটিত অনুষ্ঠিত টেষ্টত ১৯৯৪ চনৰ পৰা অপৰাজিত হৈ আছে টীম ইণ্ডিয়া। সামগ্ৰিকভাৱে ঘৰুৱা মাটিতেই হওক বা ৱেষ্ট ইণ্ডিজতেই হওক, ২০০২ চনৰ পিছত ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কোনো টেষ্টত পৰাস্ত হোৱা নাই। Read the Next Article