Assamese‘সমন্বয় তীৰ্থ’-সলনি হ'ল ড০ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ নামক্ষণজন্মা শিল্পী ড০ ভূপেন হাজৰিকাৰ আজি ওপজা দিন। এটা শতিকাৰ পূৰ্বে জন্ম হৈছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ সকলোৰে মৰমৰ ভূপেনদাৰ। বিশ্বৰ প্ৰতিটো প্ৰান্ততে প্ৰতিজন অসমীয়াক গৌৰৱান্বিত কৰা ড০ ভূপেন হাজৰিকা অসমৰ গৌৰৱ, অসমীয়াৰ স্বাভিমান।Mrinmoy Talukdar Sep 08, 2025 15:20 ISTPhotograph: (file photo)‘সমন্বয় তীৰ্থ’-সলনি হ'ল ড০ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ নামক্ষণজন্মা শিল্পী ড০ ভূপেন হাজৰিকাৰ আজি ওপজা দিন। এটা শতিকাৰ পূৰ্বে জন্ম হৈছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ সকলোৰে মৰমৰ ভূপেনদাৰ। Advertismentবিশ্বৰ প্ৰতিটো প্ৰান্ততে প্ৰতিজন অসমীয়াক গৌৰৱান্বিত কৰা ড০ ভূপেন হাজৰিকা অসমৰ গৌৰৱ, অসমীয়াৰ স্বাভিমান।আজিৰে পৰা বছৰজোৰা কাৰ্যসূচীৰে অসম চৰকাৰে পালন কৰিব ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ।আজি বৰেণ্য শিল্পী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক স্মৰণ কৰা হৈছে ৰাজ্যজুৰি। অসম চৰকাৰে আজিৰে পৰা বছৰজোৰা কাৰ্যসূচীৰে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰিব। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ নাম সলনি কৰিলে চৰকাৰে। এতিয়াৰে পৰা ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰখনক ‘সমন্বয় তীৰ্থ’ হিচাপে জনা যাব।ইয়াৰ লগতে ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত স্মৰণ কৰা হ’ব ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক। প্ৰধানমন্ত্ৰীয়ে অংশ গ্ৰহণ কৰা সভাতেই ৰিজাৰ্ভ বেংকে ভূপেন হাজৰিকাৰ নামত প্ৰস্তুত কৰা মুদ্ৰা এটাও মুকলি কৰা হ’ব। এই সময়ছোৱাত এখন গ্ৰন্থও উন্মোচন কৰ হ’ব। অসমৰ ৰাইজকো ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ব'হাগ বিহুৰ এটি সন্ধিয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত উদযাপন কৰিবলৈও বিহু সমিতিসমূহক অনুৰোধ জনালে মুখ্যমন্ত্ৰীয়ে।উল্লেখ্য যে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে।কিছুদিন পূৰ্বে ডিব্ৰুগড় বিমান বন্দৰো ড০ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰিছিল মুখ্যমন্ত্ৰীয়ে। Read the Next Article