Advertisment

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ জীৱিত সন্তানক মৃত সজালে পিতৃ-মাতৃয়ে!

পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এহাল পিতৃ-মাতৃৰ নাভূত-নাশ্ৰূত কাণ্ড। জীৱিত সন্তানক মৃত সজাই ভোটযুদ্ধত জয়ী হোৱাৰ অভিযোগ। ধুবুৰীৰ বেলডুবি মিচিংপুৰ পঞ্চায়তৰ সদস্য আঞ্জু আখতাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। 

 Filephoto

ধুবুৰী জিলাৰ নস্কৰা জামাদাহাটৰ বেলডুবি নিচিনপুৰ পঞ্চায়তৰ মাধোকোনা ৱাৰ্ড সদস্যা আনজু আখতাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উথাপন হৈছে। নিজৰ জীৱিত সন্তানত মৃত সজাই আঞ্জু আখতাৰে দাখিল কৰিছিল নিৰ্বাচনী শপতনামা। আঞ্জু আখতাৰৰ বিৰুদ্ধে একেখন পঞ্চায়তৰ প্ৰাক্তন সভাপতিয়ে RTI কৰি লাভ কৰিলে এই তথ্য। তথ্য লাভ কৰাৰ পাছতে আঞ্জু আখতাৰৰ বিৰুদ্ধে পঞ্চায়ত নিৰ্বাচনত ভূৱা তথ্য প্ৰদান কৰি জয়লাভ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি, আঞ্জু আখতাৰে নিজৰ জীৱিত সন্তানক ‘মৃত’ সজাই পঞ্চায়ত নিৰ্বাচনত শপতনামা দাখিল কৰি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদন্দিতা কৰিছিল । সন্তানৰ জন্মৰ নথিপত্ৰত ভূৱা তথ্য প্ৰয়োগ কৰি নিৰ্বাচনী কৰ্তৃপক্ষক বিভ্ৰান্ত কৰাৰ অভিযোগ এতিয়া আঞ্জু আখতাৰৰ বিৰুদ্ধে ।

এই ঘটনাটোক লৈ প্ৰাক্তন সভাপতি আব্দুৰ ৰহমানে কয়, আঞ্জু আখতাৰে নিজৰ তৃতীয় সন্তানক মৃত বুলি ভূল তথ্য প্ৰদান কৰিছে। বাস্তৱত সন্তানটো এতিয়াও জীৱিত। এই তথ্য গোপন কৰি তেওঁ নিৰ্বাচনী কৰ্তৃপক্ষক বিভ্ৰান্ত কৰি জয়লাভ কৰিছে। আনহাতে আব্দুৰ ৰহমানে এই বিষয়টোৰ সঠিক তদন্তৰ বাবে ইতিমধ্যেই ন্যায়ালয়ৰ কাষ চাপিছে । স্থানীয় ৰাইজেও এই ঘটনাক “গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত এক কুঠাৰাঘাত” বুলি অভিহিত কৰিছে। লগতে প্ৰাক্তন সভাপতি আৰু স্থানীয় ৰাইজে সঠিক তদন্তৰ জৰিয়তে ৱাৰ্ড সদস্যা আঞ্জু আখতাৰা আৰু তেওঁৰ স্বামী ৰফিকুল ইছলাম মোল্যাক নাকী লগোৱাৰ দাবী জনাইছে।

Advertisment
Advertisment