Advertisment

সমকামী প্ৰেমৰ বাবেই গুৱাহাটীত ভয়ংকৰ ঘটনা

গুৱাহাটীৰ বৰবাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এটা ল’জৰ ভিতৰত একেটা কোঠাতে এটি কিশোৰসহ উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। বৰবাৰীৰ TOOSONJ GUEST HOUSEত সংঘটিত হৈছে এই ঘটনা। ঘটনাক লৈ সমগ্ৰ মহানগৰীতে বিৰাজ কৰিছে চাঞ্চল্যই ।

তথ্য অনুসৰিমৃতদেহ দুটা উদ্ধাৰ হৈছে বৰবাৰীৰ TOOSONJ GUEST HOUSEত । চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা যুৱজনক ৩৫ বছৰীয়া মকিবুৰ হুছেইন বুলি চিনাক্ত। আনহাতে ৰক্তাক্ত অৱস্থাত বিছনাত পৰি আছিল কিশোৰজন মৃগাংক ৰাজবংশী বুলি জানিব পৰা গৈছে। 

ইফালে কিশোৰজনক মকিবুৰ ৰহমান নামৰ যুৱকে চানমাৰীৰ পৰা অপহৰণ কৰাৰ অভিযোগ। জানিব পৰা মতে শনিবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছিল কিশোৰটি।  চানমাৰি থানাত কিশোৰজনৰ নিৰুদ্দেশৰ গোচৰ ৰুজু হৈছিল। কিশোৰজনৰ পৰিয়ালে চান্দমাৰী থানাত দাখিল কৰিছিল এজাহাৰ।
তাৰ পিছতে কিশোৰটিৰ সন্ধানত নামি পৰে আৰক্ষী। বৰবাৰীৰ ল’জটোত কিশোৰজনৰ লোকেশ্যন ধৰা পৰে।  ল’জটোত আৰক্ষী উপস্থিত হৈ প্ৰত্যক্ষ কৰে দুয়োটা মৃতদেহ। জানিব পৰা মতে ৰক্তাক্ত অৱস্থাত পৰি আছিল কিশোৰজনৰ মৃতদেহটো। কিশোৰজনক হত্যা কৰি মকিবুৰে আত্মহত্যা কৰাৰ সন্দেহ।  আৰক্ষীৰ প্রাথমিক অনুসন্ধানত প্রকাশ পাইছে এই তথ্য। প্রেমজনিত কাৰণতে এনে ঘটনা হোৱাৰ সন্দেহ আৰক্ষীৰ।
তথ্য অনুসৰি ৫ ছেপ্টেম্বৰত গেষ্ট হাউছৰ কোঠাটো বুক কৰিছিল। চিকিৎসাতৰ বাবে গুৱাহাটীলৈ অহাৰ কথা জনাই কোঠাটো বুক কৰিছিল মকিবুৰে। তাৰ পিছত নিশা ২ বজাত আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় মৃতদেহ দুটা। বৰ্তমান তন্নতন্নকৈ গেষ্ট হাউছৰ ভিতৰভাগত পৰীক্ষা চলাইছে ফৰেনচিকৰ দলে। তথ্য অনুসন্ধানৰ বাবে স্নীফাৰ ডগৰো সহায় লৈছে আৰক্ষীয়ে।

আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে

 সমকামী প্ৰেমজনিত কাৰণতে উবেৰ চালক ৩৫ বছৰীয়া মকিবুৰে হত্যা কৰিলে ১৫ বছৰীয়া কিশোৰজনক।