Advertisment

দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান

অসমত এতিয়া বুলড'জাৰ নীতি! প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতিৰে চলাইছে উচ্ছেদ অভিযান। পুনৰ গোৱালপাৰা আৰু হোজাই জিলাত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। ঘৰ খালী কৰিবলৈ প্ৰশাসনে জাৰি কৰিলে জাননী।

 FILEPHOTO
FILEPHOTO

দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান

অসমত এতিয়া চলিছে বুলড'জাৰ নীতি! প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত চলাইছে উচ্ছেদ অভিযান। পুনৰ গোৱালপাৰাত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। ঘৰ খালী কৰিবলৈ প্ৰশাসনে জাৰি কৰিছে জাননী।

Advertisment


অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। কোনোপধ্যে ৰেহাই দিয়া নহ'ব অবৈধ বেদখলকাৰীক। যিকোনো প্ৰকাৰে, যিকোনো মূল্যৰ বিনিময়ত বেদখলকাৰীৰ কৱলত থকা মাটি দখলমুক্ত কৰিবলৈ সাজু হৈছে চৰকাৰ, সাজু হৈছে প্ৰশাসন। উজনি আৰু নামনি অসমত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এক প্ৰকাৰ একশ্ব্যন মুডত প্ৰশাসন। 


ৰাজ্যত পুনৰ চলিব প্ৰশাসনৰ বুল়ড'জাৰ। মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে গোৱালপাৰা সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বাবে সাজু হৈছে বনবিভাগ আৰু প্ৰশাসন। ৯ আৰু ১০ নৱেম্বৰত দহিকটা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান। ইতিমধ্যে গোৱালপাৰা সংৰক্ষিত বনাঞ্চলৰ অবৈধ বেদখলকাৰীক ঘৰ খালী কৰিবলৈ জাননী জাৰি কৰিছে প্ৰশাসনে। 


গোৱালপাৰাত পুনৰ চলিব ব্যাপক উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীৰ কৱলত থকা ১১৪৩ বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য বন বিভাগৰ। বন বিভাগে জাননী জাৰি কৰি অবৈধ বেদখলকাৰীক দিলে মাটি এৰিবলৈ নিৰ্দেশ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ঘৰ খালী কৰিবলৈ জাননী জাৰি কৰিছিল প্ৰশাসনে। প্ৰশাসনৰ জাননী লাভৰ পিছতে একাংশ অবৈধ বেদখলকাৰীয়ে এৰিছে নিজৰ ঘৰ।  নিজৰ ঘৰ নিজে ভাঙি টালি-টোপোলা বান্ধি আতৰি গৈছে বেদখলকাৰী। 


উচ্ছেদৰ পূৰ্বে নিজৰ ঘৰ নিজে ভাঙি টালি-টোপোলা বান্ধি বেদখলকাৰীয়ে নিজেই আতৰি গলেও উচ্ছেদৰ সময়ত যাতে উচ্ছেদস্থলীত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। 

Advertisment
Advertisment