Advertisment

ভাৰতৰ প্ৰতি নৰম সুৰ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

বিগত কেইদিনমানৰ পৰা আমেৰিকা আৰু ভাৰতৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত আৰম্ভ হৈছে তিক্ততা। এইবাৰ তিক্ততাৰ আঁৰৰ প্ৰকৃত কাৰণ উদঙাই দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ৫০ শতাংশ শুল্ক পোনপটীয়াকৈ ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবেই লোৱা হৈছে।

 FILEPHOTO
FILEPHOTO

ভাৰতৰ প্ৰতি নৰম সুৰ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

বিগত কেইদিনমানৰ পৰা আমেৰিকা আৰু ভাৰতৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত আৰম্ভ হৈছে তিক্ততা। এইবাৰ ভাৰতৰ সৈতে সম্পৰ্কৰ তিক্ততাৰ আঁৰৰ প্ৰকৃত কাৰণ উদঙাই দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তিক্ততাৰ কাৰণ সন্দৰ্ভত ট্ৰাম্পে এক সাক্ষাৎকাৰত কয় যে- ভাৰতৰ ওপৰত আৰোপ কৰা ৫০ শতাংশ শুল্ক পোনপটীয়াকৈ ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবেই লোৱা হৈছে। ট্ৰাম্পৰ মতে ভাৰত ৰাছিয়াৰ সৰ্ববৃহৎ গ্ৰাহক হৈ পৰিছিল যাৰ বাবেই ট্ৰাম্পে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ট্ৰাম্পে স্বীকাৰ কৰে যে এইটো কোনো সহজ সিদ্ধান্ত নহয় যদিও এই সিদ্ধান্ত লোৱাটো প্ৰয়োজন আছিল। যদিও এই পদক্ষেপে দুয়োখন দেশৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিছিল।

Advertisment

অৱশ্যে ট্ৰাম্পৰ সুৰ এতিয়া নৰম হৈছে। ট্ৰাম্পে ইংগিত দিছে যে ভাৰত আৰু আমেৰিকাৰ এই বিবাদ শীঘ্ৰে সমাধান হ’ব। দৰাচলতে বিগত কিছুদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত ছ’চিয়েল মিডিয়াত বাৰ্তাৰ আদান-প্ৰদানে এই সম্পৰ্কক পুনৰ সঠিক দিশলৈ উভতাই আনিছে।


মঙলবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মযোগে মন্তব্য কৰিছে যে ভাৰত আৰু আমেৰিকাৰ মাজত থকা বাণিজ্যিক বাধা আঁতৰোৱাৰ বাবে আলোচনা চলি আছে আৰু তেওঁ ব্যক্তিগতভাৱে আত্মবিশ্বাসী যে অতি সোনকালে দুয়োখন দেশে সঠিক সিদ্ধান্তত উপনীত হ’ব। ইয়াৰ সমান্তৰালকৈ ট্ৰাম্পে লিখিছে, ‘মোৰ অতি ভাল বন্ধু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিবলৈ মই আগ্ৰহী। আমাৰ দুয়োখন মহান দেশৰ বাবে সফল সিদ্ধান্তত উপনীত হোৱাত কোনো অসুবিধা নহ’ব বুলি মই নিশ্চিত!’

প্ৰধানমন্ত্ৰী মোদীয়েও এক্সৰ ওপৰত ট্ৰাম্পৰ বাৰ্তাৰ উত্তৰ দিয়ে।তেওঁ লিখিছে যে ভাৰত আৰু আমেৰিকা স্বাভাৱিক মিত্ৰ আৰু দুয়োখন দেশৰ মাজত অংশীদাৰিত্বৰ সম্ভাৱনা সীমাহীন। তেওঁ আস্থা প্ৰকাশ কৰে যে বাণিজ্যিক আলোচনাৰ জৰিয়তে অতি শীঘ্ৰে এক সুনিৰ্দিষ্ট সমাধান হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে তেওঁ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে কথা পাতিবলৈ অপেক্ষা কৰি আছে যাতে দুয়োখন দেশে মিলি নিজৰ জনসাধাৰণৰ বাবে এক উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যত গঢ়ি তুলিব পাৰে।

ড’নাল্ড ট্ৰাম্পেও শেহতীয়াকৈ এক বিবৃতিত কয় যে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক অতি বিশেষ। প্ৰধানমন্ত্ৰী মোডীক তেওঁৰ অতি ভাল বন্ধু বুলি অভিহিত কৰি তেওঁ স্পষ্ট কৰি দিয়ে যে কেতিয়াবা দুয়োখন দেশৰ মাজত মতানৈক্য হ’ব পাৰে, কিন্তু ইয়াৰ কোনো স্থায়ী প্ৰভাৱ সম্পৰ্কত নপৰে। আনকি তেওঁ কয় যে ‘মই সদায় মোডীৰ বন্ধু হৈ থাকিম’ আৰু এই বিষয়ে কোনেও চিন্তা কৰাৰ প্ৰয়োজন নাই।

Advertisment
Advertisment