Assameseআমি এনেকুৱা এখন পিটচ...! পৰাজয়ৰ পাছত কি ক'লে গম্ভীৰে-১৫ বছৰৰ পাছত ভাৰতৰ মাটিত ঐতিহাসিক বিজয় দক্ষিণ আফ্ৰিকাৰ। ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ স্পীন ঘূৰ্ণিত দিশহাৰা ভাৰতীয় বেটাৰ। ১২৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ৯৩ ৰানতে অলআউট ভাৰত। পৰাজয়ৰ পাছতেই সমালোচিত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ।Mrinmoy Talukdar Nov 17, 2025 14:55 ISTFilephotoআমি এনেকুৱা এখন পিটচ...! পৰাজয়ৰ পাছত কি ক'লে গম্ভীৰে-১৫ বছৰৰ পাছত ভাৰতৰ মাটিত ঐতিহাসিক বিজয় দক্ষিণ আফ্ৰিকাৰ। ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ স্পীন ঘূৰ্ণিত দিশহাৰা ভাৰতীয় বেটাৰ। ১২৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ৯৩ ৰানতে অলআউট ভাৰত। পৰাজয়ৰ পাছতেই সমালোচিত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰো। Advertismentদক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথমখন টেষ্টত ৩০ ৰানত পৰাস্ত ভাৰত। আফ্ৰিকাই বান্ধি দিয়া ১২৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিব নোৱাৰিলে টীম ইণ্ডিয়াই। টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰি ১৫৯ ৰান সংগ্ৰহ কৰিছিল। দক্ষিণ আফ্ৰিকাৰ হৈ এইডেন মাৰক্ৰামে সৰ্বাধিক ৩১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে ৫টা উইকেট দখল কৰিছিল। দক্ষিণ আফ্ৰিকাৰ ১৫৯ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল ১৮৯ ৰান। ভাৰতৰ হৈ কে এল ৰাহুলে সৰ্বাধিক ৩৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ চাইমন হাৰ্মাৰে ৪টা উইকেট দখল কৰিছিল। প্ৰথম ইনিংছত ৩০ ৰানত পিছ পৰা দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছত সংগ্ৰহ কৰিছিল ১৫৩ ৰান। দক্ষিণ আফ্ৰিকাৰ হৈ অধিনায়ক টেম্বা বাভুমাই সৰ্বাধিক ৫৫ ৰান সংগ্ৰহ কৰিছিল। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই ৪টা, মহম্মদ চিৰাজ আৰু কুলদ্বীপ যাদৱে দখল কৰিছিল ২টাকৈ উইকেট । প্ৰত্যুত্তৰত ১২৪ ৰানৰ বিজয়লক্ষ্যৰে বেটিং কৰিবলৈ অহা টীম ইণ্ডিয়াই বেটিং ব্যৰ্থতাৰ ফলত ৯৩ ৰানতে ইনিংছ সামৰে। ব্যৰ্থ হয় কে এল ৰাহুল (১), ঋষভ পণ্ট (২), যশস্বী জয়ছোৱাল (০), ধ্ৰুৱ জুৰেল (১৩), ৰবীন্দ্ৰ জাদেজা (১৮)। ৱাশ্বিংটন সুন্দৰে সৰ্বাধিক ৩১ আৰু অক্ষৰ পেটেলে ২৬ ৰান সংগ্ৰহ কৰিছিল। দক্ষিণ আফ্ৰিকাৰ হৈ চাইমন হাৰ্মাৰে ৪টা, মাৰ্কো জানছেনে ২টা আৰু কেশৱ মহাৰাজে ২টা উইকেট দখল কৰিছিল। কলকাতা টেষ্টত টীম ইণ্ডিয়াৰ পৰাজয়ৰ সন্দৰ্ভত গৌতম গম্ভীয়ে কয়, "আমি ইয়াত পিটচ কিউৰেটৰৰ পৰা বহু সমৰ্থন পাইছিলো। মই এতিয়াও বিশ্বাস কৰোঁ যে পিটচখনে যিয়েই আচৰণ নকৰক কিয়, ১২৪ ৰান অতিক্ৰম কৰিব পৰা আছিল। যদি আপুনি ধৈৰ্য্য ধৰি খেলে, সঠিক ডিফেণ্ড কৰে তেনেহলে নিশ্চিতভাৱে ৰান সংগ্ৰহ কৰিবলৈ আপুনি সক্ষম হ'ব।"গম্ভীৰে লগতে কয়, "এইখন এনেকুৱা পিটচ নহয় য'ত আপুনি ডাঙৰ শ্বট খেলিব পাৰে, কিন্তু ধৈৰ্য্য দেখুৱালে আপুনি ৰান সংগ্ৰহ কৰিব পাৰে। আমি এনেকুৱা এখন পিটচ বিচাৰিছিলো। মই আগতেও কৈছিলো যে আমি পিটচৰ কিউৰেটৰৰ পৰা বহুত সমৰ্থন পাইছিলো। ‘‘এইখন এনেকুৱা পিটছ যিয়ে আপোনাৰ মানসিক কঠোৰতা পৰীক্ষা কৰে। কাৰণ যিসকলে ভাল ডিফেন্সৰ সৈতে খেলিছিল তেওঁলোকে ৰান সংগ্ৰহ কৰিছিল।’’উল্লেখ্য যে গৌতম গম্ভীৰ মুখ্য প্ৰশিক্ষক হোৱাৰ পিছৰে পৰা টীম ইণ্ডিয়াই ১৮খন খেল খেলিছে, মাত্ৰ ৭খন খেলত জয়লাভ কৰিছে। গম্ভীৰৰ প্ৰশিক্ষনত ত ভাৰতীয় দলটোৱে ৯ খন টেষ্ট মেচত পৰাস্ত হোৱাৰ লগতে দুখন ড্ৰ’ হৈছে। যত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাস্ত হৈছে টীম ইণ্ডিয়া। আনহাতে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা ড্ৰ ৰূপে সামৰণি পৰিছিল। এতিয়া দক্ষিণ আফ্ৰিকাই বিৰুদ্ধেও ঘৰৰ মাটিত প্ৰথমখন টেষ্টত পৰাজিত হ'ল টীম ইণ্ডিয়া।AdvertismentAdvertisment Read the Next Article