Assameseফাইনেলত জয়ী হৈও ট্ৰফী অবিহনেই উভতিব নেকি টীম ইণ্ডিয়া?ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হবলগীয়া খেলখনলৈ বাট চাই ৰৈছে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে। ৰোমাঞ্চকৰ খেলখনৰ মাজতেই ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মাজত আন এক কৌতুহলৰ সৃষ্টি হৈছে। এই কৌতুহলৰ উত্তৰ পোৱা যাব ফাইনেলৰ পিছতহে।Mrinmoy Talukdar Sep 28, 2025 17:32 ISTFILEPHOTOফাইনেলত জয়ী হৈও ট্ৰফী অবিহনেই উভতিব নেকি টীমইণ্ডিয়া?আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এছিয়া কাপৰ ফাইনেলৰ মহাৰণ। ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হবলগীয়া খেলখনলৈ বাট চাই ৰৈছে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে। ৰোমাঞ্চকৰ খেলখনৰ মাজতেই ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মাজত আন এক কৌতুহলৰ সৃষ্টি হৈছে। এই কৌতুহলৰ উত্তৰ পোৱা যাব ফাইনেলৰ পিছতহে।Advertismentএছিয়া কাপ ২০২৫ত এইপৰ্যন্ত ভাৰত আৰু পাকিস্তানে দুবাৰকৈ মুখামুখি হৈছে। এছিয়া কাপৰ গ্ৰুপ পৰ্যায়ত আৰু চুপাৰ ৪ত মুখামুখি হৈছিল ভাৰত-পাকিস্তান। দুয়োখন খেলতে টীমইণ্ডিয়াৰ হাতত ধাৰাশায়ী হৈছিল পাকিস্তান। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ত খেলখনত ভাৰতে একপক্ষীয়ভাৱেজয়লাভ কৰিছিল। প্ৰথমে বেটিং কৰি পাকিস্তানে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১২৭ ৰানহে কৰিবলৈ সক্ষম হৈছিল। প্ৰত্যুত্তৰত টীমইণ্ডিয়াই ১৫.৫ অভাৰতে মাত্ৰ ৩টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। ছুপাৰ ৪ৰ খেলখনতো পাকিস্তানে প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰিছিল ১৭১ ৰাণ। কিন্তু অভিষেক শৰ্মাৰ বিস্ফোৰক ৭৪ ৰানৰ ইনিংছ আৰু শুভমনগিলৰ ৪৭ আৰু তিলক বাৰ্মাৰ অপৰাজিত ৩০ ৰানৰসহায়ত ১৮.৫ অভাৰতে ৪টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈছিল।বিশেষকৈ গ্ৰুপ পৰ্যায়ৰ খেলখনে সংবাদমাধ্যম আৰু সামাজিক মাধ্যমত শিৰোনাম দখল কৰিছিল। আনকি খেলখনত ভাৰতে একপক্ষীয়ভাৱেজয়লাভ কৰাৰ পিছতে যথেষ্ট বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। গ্ৰুপ পৰ্যায়ৰ খেলখনৰ পাছত ভাৰতীয় দলটোৱে পাকিস্তানী খেলুৱৈসকলৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰাৰ ফলত দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। এই ঘটনাৰ পিছত পাকিস্তানে আনকি প্ৰতিযোগিতাখন বৰ্জন কৰাৰ ভাবুকিও দিছিল, যাৰ ফলত ইউ এ ই-পাকিস্তানৰ মেচখন অনুষ্ঠিত হোৱাতো পলম হৈছিল। আজিৰ খেলখনতো দুয়োটা দলৰ মাজত "নো হেণ্ডশ্বেক" বিষয়টো অব্যাহত থাকিব।এক প্ৰতিবেদন অনুসৰি ভাৰতীয় দলটোৱে খিতাপ জয় কৰিলে এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি মহছিননাকৱীৰ পৰা এই ট্ৰফী গ্ৰহণ নকৰাৰ পৰিকল্পনা কৰিছে। প্ৰতিবেদন অনুসৰি ভাৰতীয় মেনেজমেন্টে এই সিদ্ধান্তৰ বিষয়েACCক অৱগত কৰিছে। ভাৰতীয় দলটোৱে আজি চেম্পিয়ন হ’লে ট্ৰফী গ্ৰহণ কৰিবনে নকৰে সেয়া খেলৰ শেষতহে স্পষ্ট হ'ব।উল্লেখ্য যে ACCৰ সভাপতি মহছিননাকভি কেৱল পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সভাপতি নহয়, পাকিস্তানৰ আভ্যন্তৰীণ নিৰাপত্তা মন্ত্ৰীও। এই কাৰণেই ভাৰতীয় দলটোৱে চেম্পিয়ন হোৱাৰ পিছত মহছিননাকভিৰ পৰা ট্ৰফী গ্ৰহণ নকৰে। Read the Next Article