Assameseশ্ৰেয়াছ আয়াৰৰ হাতত টীম ইণ্ডিয়াৰ নেতৃত্বইণ্ডিয়াA আৰু অষ্ট্ৰেলিয়াAৰ মাজত অনুষ্ঠিত হ'ব বহুপ্ৰত্যাশিত দুখনকৈ চাৰিদিনীয়া মেচৰ শৃংখলা। ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া শৃংখলাটোৰ বাবে ঘোষণা কৰা হ'ল ভাৰতীয় দল। ঘোষিত ভাৰতীয় দলটোক নেতৃত্ব দিব তাৰকা মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰে। Mrinmoy Talukdar Sep 06, 2025 18:23 ISTFileImageশ্ৰেয়াছ আয়াৰৰ হাতত টীম ইণ্ডিয়াৰ নেতৃত্বইণ্ডিয়াA আৰু অষ্ট্ৰেলিয়াAৰ মাজত অনুষ্ঠিত হ'ব বহুপ্ৰত্যাশিত দুখনকৈ চাৰিদিনীয়া মেচৰ শৃংখলা। ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া শৃংখলাটোৰ বাবে ঘোষণা কৰা হ'ল ভাৰতীয় দল। ঘোষিত ভাৰতীয় দলটোক নেতৃত্ব দিব তাৰকা মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰে। Advertismentশ্ৰেয়াছ আয়াৰ, ভাৰতীয় দলৰ এগৰাকী নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটাৰ। পৰিস্থিতি অনুযায়ী ডিফেঞ্চ আৰু আক্ৰমনাত্মক শৈলীৰ বাবে জনাজাত শ্ৰেয়াছ আয়াৰে শেহতীয়া এছিয়া কাপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ নকৰাক লৈ যথেষ্ট সমালোচনাৰ সম্মুখীন হ'বলগীয়া হৈছিল ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰ আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। ভাৰতীয় দলৰ কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰেও শ্ৰেয়াছ আয়াৰে ভাৰতীয় দলক স্থান লাভ নকৰাক লৈ প্ৰশ্ন কৰিছিল। গতিকে সমালোচনাৰ মাজতে এইবাৰ ভাৰতীয় দলৰ নিৰ্বাচকমণ্ডলীয়ে শ্ৰেয়াছ আয়াৰৰ হাতত অৰ্পন কৰিছে অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া শৃংখলাটোৰ বাবে ইণ্ডিয়া A নেতৃত্ব। উল্লেখ্য যে শৃংখলাৰ প্ৰথমখন মেচ ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ অনুষ্ঠিত হ'ব ২৩ ছেপ্টেম্বৰৰ পৰা। অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে চাৰিদিনীয়া দুখন মেচৰ শৃংখলাটোৰ বাবে ঘোষিত ভাৰতীয় দলটো হ'ল- শ্ৰেয়াছ আয়াৰ (অধিনায়ক), ধ্ৰুৱ জুৰেল (উপ অধিনায়ক আৰু উইকেটকীপাৰ), অভিমন্যু ইশ্বৰন, নাৰায়ণ জগদীছন (উইকেটকীপাৰ), সাই সুদৰ্শন, দেৱদত্ত পডিক্কল, হৰ্ষ ডুবে, আয়ুষ বদোনী, নীতিশ কুমাৰ ৰেড্ডী, তনুষ কোটিয়ান, প্ৰসিদ্ধ কৃষ্ণ, গুৰনুৰ ব্ৰা, খলিল আহমেদ, মানৱ সুথাৰ আৰু য়শ ঠাকুৰ। আনহাতে দ্বিতীয়খন মেচৰ বাবে ভাৰতীয় দলত স্থানভুক্ত হৈছে কেএল ৰাহুল আৰু মহম্মদ চিৰাজ। Read the Next Article