Advertisment

আজিৰে পৰা বহুপ্ৰত্যাশিত এছিয়া কাপ

আজিৰে পৰা বহুপ্ৰত্যাশিত এছিয়া কাপ। এছিয়া কাপৰ আজি প্ৰথমখন মেচত মুখামুখি হ’ব আফগানিস্তান আৰু হংকং। আবুধাবিত নিশা ৮ বজাৰ পৰা আৰম্ভ হ’বলগীয়া Group Bৰ এই মেচখনত দৃষ্টি নিবদ্ধ থাকিব সকলোৰে।

 Filephoto
Filephoto

আজিৰে পৰা বহুপ্ৰত্যাশিত এছিয়া কাপ

আজিৰে পৰা বহুপ্ৰত্যাশিত এছিয়া কাপ। এছিয়া কাপৰ আজি প্ৰথমখন মেচত মুখামুখি হ’ব আফগানিস্তান আৰু হংকং। আবুধাবিত নিশা ৮ বজাৰ পৰা আৰম্ভ হ’বলগীয়া Group Bৰ এই মেচখনত দৃষ্টি নিবদ্ধ থাকিব সকলোৰে।

Advertisment

উল্লেখ্য যে এছিয়া কাপ ২০২৫ৰ অন্যতম শক্তিশালী দল হৈছে আফগানিস্তান। টীম ইণ্ডিয়াৰ পিছতে ৰাছিদ খান নেতৃত্বাধীন দলটো এছিয়া কাপ ২০২৫ৰ খিতাপৰ অন্যতম দাবীদাৰ। শেহতীয়াকৈ পাকিস্তানৰ বিৰুদ্ধে ত্ৰিদেশীয় শৃংখলাৰ ফাইনেলত পৰাস্ত হ'লেও শৃংখলাটোত আফগানিস্তানে শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিছিল।

সাম্প্ৰতিক সময়ত বিশেষকৈ টি-২০ ফৰ্মেটত আফগানিস্তান বিশ্বৰ অন্যতম শক্তিশালী ক্ৰিকেট দল। আফগানিস্তানে দলটোত থকা অধিনায়ক তথা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ স্পীনাৰ ৰাছিদ খানৰ লগতে নবী, নাইব, গুৰবাজ, জড্ৰান, নুৰ আহমেদৰ দৰে তাৰকাই যিকোনো দলকে সহজে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব।

ইফালে প্ৰতিযোগিতাত আজি আফগানিস্তানৰ প্ৰথম প্ৰতিদ্বন্দী হংকঙৰ শক্তি অৱশ্যে তুলনামূলকভাৱে কিছু কম। দলটোত সাম্প্ৰতিক সময়ত ক্ৰিকেট বিশ্বত সুপৰিচিত তেনে কোনো বিশ্বমানৰ তাৰকা নাই বুলিব পাৰি। কিন্তু এছিয়া কাপৰ দৰে এক বৃহৎ মঞ্চত নিজকে প্ৰমাণৰ চেষ্টা চলাব বিচাৰিব দলটোৱে।

উল্লেখ্য যে এছিয়া কাপ ২০২৫ত মুঠ ৮টা দলে অংশগ্ৰহণ ল’ব। প্ৰতিযোগিতাৰ এই ৮টা দলক চাৰিতাকৈ দুটা গ্ৰুপত ভাগ কৰা হৈছে। GroupAত আছে ভাৰত, পাকিস্তান, ওমান আৰু আয়োজক UAE । আনহাতে Group Bত আছে শ্ৰীলংকা, আফগানিস্তান, বাংলাদেশ আৰু হংকং। প্ৰতিযোগিতাৰ মেচসমূহ ডুবাই আৰু আবুধাবিত অনুষ্ঠিত হ’ব।