Assameseৰাধাকৃষ্ণণ নে বি সুদৰ্শন ৰেড্ডী-কোন হ'ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি?আজি দেশৰ ১৪ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ। ৰাধাকৃষ্ণণ নে বি সুদৰ্শন ৰেড্ডী- দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি কোন হ’ব ইয়াকে লৈ এতিয়া চলিছে চৰ্চা। Mrinmoy Talukdar Sep 09, 2025 12:13 ISTFilePhotoৰাধাকৃষ্ণণ নে বি সুদৰ্শন ৰেড্ডী-কোন হ'ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি?আজি দেশৰ ১৪ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ। ৰাধাকৃষ্ণণ নে বি সুদৰ্শন ৰেড্ডী- দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি কোন হ’ব ইয়াকে লৈ এতিয়া চলিছে চৰ্চা। Advertismentউপ-ৰাষ্ট্ৰপতি পদৰ বাবে NDA মিত্ৰজোঁটে চি পি ৰাধাকৃষ্ণণক প্ৰক্ষেপ কৰাৰ লগতে I.N.D.I.A ব্লকে প্ৰাৰ্থীত্ব দিছে বি সুদৰ্শন ৰেড্ডীক। উল্লেখ্য যে NDAৰ ৪৩৬ সাংসদৰ বিপৰীতে বিৰোধীৰ সাংসদৰ সংখ্যা হৈছে ৩২৬ গৰাকী। উল্লেখ্য যে BJD আৰু BRS সাংসদসকলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকিব। দুই দলৰ সাংসদসকলৰ ভোটবৰ্জনৰ পিছত মুঠ ভোটৰ সংখ্যা ৭৮১ৰ পৰা ৭৭০লৈ হ্ৰাস পাইছে। অৰ্থাত উপ-ৰাষ্ট্ৰপতি হিচাপে জয়ী হ’বলৈ এজন প্ৰাৰ্থীয়ে লাভ কৰিব লাগিব ৩৮৬টা বা তাতকৈ অধিক ভোট। কেইদিনমান পূৰ্বে জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত হঠাৎ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছিল। তাৰ পিছৰে পৰাই দেশৰ উপ-ৰাষ্ট্ৰপতি পদ খালী হৈ আছে। আজি অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া ৫ বজালৈ এই ভোটগ্ৰহণ চলি থাকিব আৰু তাৰ পিছত সন্ধিয়া ৬ বজাত আৰম্ভ হ'ব ভোটগণনা।মন কৰিবলগীয়া কথাটো হ'ল ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত নাই দলীয় প্ৰতীক। এই ক্ষেত্ৰত এণ্টি ডিফেকচন আইনো কাৰ্যকৰী নহয়। এনে পৰিস্থিতিত সকলো সাংসদৰ স্বতন্ত্ৰভাৱে ভোটদানৰ অধিকাৰ আছে। গতিকে ক্ৰছ ভোটিঙৰো আশংকা কৰা হৈছে। Read the Next Article