Advertisment

বিয়াত নবহাকৈ সন্তান জন্ম দিলে ভোজপুৰী কণ্ঠশিল্পী দেৱীয়ে

ভোজপুৰী কণ্ঠশিল্পী দেৱী এগৰাকী অবিবাহিত নাৰী, কিন্তু বিয়াত নবহাকৈ এটি  সন্তান জন্ম দিছে গায়িকাগৰাকীয়ে। ঋষিকেশ এইমছত কণ্ঠশিল্পীগৰাকীয়ে সন্তানটো জন্ম দিয়ে।

 বিয়া নোহোৱাকৈ সন্তান জন্ম দিলে ভোজপুৰী গায়িকা দেৱীয়ে Photograph: (FILE PHOTO)
বিয়া নোহোৱাকৈ সন্তান জন্ম দিলে ভোজপুৰী গায়িকা দেৱীয়ে Photograph: (FILE PHOTO)

ভোজপুৰী কণ্ঠশিল্পী দেৱী এগৰাকী অবিবাহিত নাৰী, কিন্তু বিয়াত নবহাকৈ এটি  সন্তান জন্ম দিছে গায়িকাগৰাকীয়ে। ঋষিকেশ এইমছত কণ্ঠশিল্পীগৰাকীয়ে সন্তানটো জন্ম দিয়ে  আৰু ইয়াৰ পিছত কণ্ঠশিল্পীগৰাকীয়ে ছচিয়েল মিডিয়াত ফটো সহ সন্তান প্ৰাপ্তিৰ সুখৰ কথা শ্ৱেয়াৰ কৰে। তথ্য অনুসৰি  দেৱীয়ে আইভিএফ প্ৰযুক্তি ব্যৱহাৰ কৰি সন্তানটি জন্ম দিয়ে।  আৰু গৰ্ভধাৰণৰ বাবে প্ৰয়োজনীয় শুক্ৰাণু জাৰ্মান শুক্ৰাণু বেংকৰ পৰা লৈছিল বুলি জানিব পৰা গৈছে। এই বিষয়টোক লৈ অৱশ্য দেশজুৰি চৰ্চা লাভ কৰিছে গায়িকাগৰাকীয়ে। ছ’চিয়েল মিডিয়াত অবিবাহিত ছোৱালী কেনেকৈ মাতৃ হ’ব পাৰে আৰু দেশত ইয়াৰ বাবে কি প্ৰক্ৰিয়া আছে ইয়াক লৈ এতিয়া সৰৱ চৰ্চা আৰম্ভ হৈছে। 

Advertisment

অৱশ্য ভাৰতত Assisted Reproductive Technology (Regulation) Act, ২০২১ৰ  অধীনত অবিবাহিত, বিবাহ বিচ্ছেদ আৰু বিধৱা মহিলাসকলক আইভিএফ প্ৰযুক্তিৰ সহায়ত মাতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ অধিকাৰ আইনে দিছে। 

 ২০২১ চনৰ  ART আইনখনে অবিবাহিত,বিবাহ বিচ্ছেদ আৰু বিধৱা মহিলাসকলকসকলক ARTৰ অধীনৰ সকলো সুবিধা স্পষ্টভাৱে ল'বলৈ অনুমতি  প্ৰদান কৰে। 

ART আইনৰ অধীনত IVF প্ৰক্ৰিয়াৰে সন্তান জন্ম দিব হ'লে মহিলাগৰাকীৰ বয়স ২১ৰ পৰা ৫০ বছৰৰ ভিতৰত হ'ব লাগিব

এই আইনখনে নিশ্চিত কৰে যে অবিবাহিত মহিলাসকলে ARTৰ জৰিয়তে জন্ম হোৱা সন্তানৰ ওপৰত সম্পূৰ্ণ অভিভাৱকৰ  অধিকাৰ লাভ কৰে

ARTৰ জৰিয়তে অবিবাহিত মহিলাসকলৰ বাবে আইনী অধিকাৰ আৰু সুৰক্ষা স্থাপন কৰে ।

 ২০২১ চনৰ  ART আইনখনৰ জৰিয়তে অবিবাহিত মহিলাসকলে IVF প্ৰক্ৰিয়াৰে সন্তান জন্ম দিলে সকলো আইনী অধিকাৰৰ লগতে বিভিন্ন আইনী সুবিধা লাভ কৰিব পাৰে।