Advertisment

'BTRত বিজেপি চৰকাৰ আহিলে গাঁতত সোমাব লাগিব VCDC সকল'

BTCৰ নিৰ্বাচনী সভাত VCDCক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। VCDCৰ বাবে BTCত একো আঁচনিৰ সুবিধা দিব পৰা নাই বুলি ক'লে মুখ্যমন্ত্ৰীয়ে।

 'BTRত বিজেপি চৰকাৰ আহিলে গাঁতত সোমাব লাগিব VCDC সকল' Photograph: (FILE PHOTO)
'BTRত বিজেপি চৰকাৰ আহিলে গাঁতত সোমাব লাগিব VCDC সকল' Photograph: (FILE PHOTO)

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যস্ত BTRৰ নিৰ্বাচনী প্ৰচাৰত। বিজেপি চৰকাৰ গঠনৰ লক্ষ্যৰে BTRৰ জিলা জিলাই উদাত্ত ভাষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপি চৰকাৰ গঠন হ'লেই BTRত দুৰ্নীতি নোহোৱা কৰা প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি কোকৰাঝাৰত নিৰ্বাচনী সভাৰ পৰা পুনৰ BTR দুৰ্নীতিমুক্ত কৰাৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। ১৭ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে BTRক বাদ দি কেইবালাখ  মহিলাক অৰুণোদয় আঁচনিৰ ধন দিয়াৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। BTRত বিজেপি চৰকাৰ আহিলে মহিলাসকলক অৰুণোদয় আঁচনিৰ ধন দিয়াৰো প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Advertisment

BTCৰ নিৰ্বাচনী সভাত VCDCক লৈও মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। VCDCৰ বাবে BTCত একো আঁচনিৰ সুবিধা দিব পৰা নাই বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। 'VCDCয়ে দুখীয়া দৰিদ্ৰৰ নামত অহা আঁচনিৰ ধন খাই পেলায়'।  'প্ৰধানমন্ত্ৰীয়ে দিয়া ঘৰৰ নামত ১০ হাজাৰ টকা ঘোচ দিব লাগে VCDCক'। অৰুণোদয়ৰ ফৰ্মখনৰ নামটো ৫০০ টকা দিব লাগে বুলিও ভাষণত উল্লেখ মুখ্যমন্ত্ৰীৰ।

'ৰেচন কাৰ্ডৰ চাউল এন্দুৰ নিগনিৰ দৰে কোনেও কাটিব নোৱাৰিব বিজেপি চৰকাৰ আহিলে BTRত।  'সকলোৱে লাভ কৰিব ৫ কেজিকৈ চাউল। 'হিতাধিকাৰীৰ নামত অহা চাউল একাংশই এন্দুৰ নিগনিৰ দৰে কাটি ৰাখে'। 'চৰকাৰে হিতাধিকাৰীৰ নামত চাউল দিয়ে, এন্দুৰ নিগনিয়ে কাটি লৈ গুচি যায়'। ৰেচন কাৰ্ডৰ চাউল কাটি ৰখা সকলক মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি। VCDC সকলকো সাৱধান কৰি দিলে মুখ্যমন্ত্ৰীয়ে। 'BTRত বিজেপি চৰকাৰ আহিলে গাঁতত সোমাব লাগিব VCDC সকল'। কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ সভাত গৰজি উঠিল মুখ্যমন্ত্ৰী