Assameseবিশ্ববিজয়ৰ পাছতেই টীম ইণ্ডিয়াক অভিনন্দন কেপ্তেইন কুলৰচেম্পিয়ন ভাৰত, বিশ্ববিজয়ী ভাৰত। তৃতীয়বাৰলৈ টি-২০ বিশ্বকাপত চেম্পিয়ন মেন ইন ব্লু। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়াই ইতিহাস ৰচাৰ পাছতেই টীম ইণ্ডিয়াক শুভেচ্ছা মহেন্দ্ৰ সিং ধোনীৰ। Mrinmoy Talukdar Mar 09, 2026 13:29 ISTFile Photoবিশ্ববিজয়ৰ পাছতেই টীম ইণ্ডিয়াক অভিনন্দন কেপ্তেইন কুলৰ চেম্পিয়ন ভাৰত, বিশ্ববিজয়ী ভাৰত। তৃতীয়বাৰলৈ টি-২০ বিশ্বকাপত চেম্পিয়ন মেন ইন ব্লু। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়াই ইতিহাস ৰচাৰ পাছতেই টীম ইণ্ডিয়াক শুভেচ্ছা মহেন্দ্ৰ সিং ধোনীৰ। AdvertismentRead More- 'HISTORY REPEAT, HISTORY DEFEAT', টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়ামহেন্দ্ৰ সিং ধোনী, ৰোহিত শৰ্মাৰ পিছত টি-২০ ক্ৰিকেটত ইতিহাস লিখিলে সূৰ্য কুমাৰ যাদৱে। একেৰাহে দুবাৰকৈ টি-২০ বিশ্বকাপ জয়ী হোৱা বিশ্বৰ প্ৰথমটো দল হিচাপে পৰিগণিত হ'ল টীম ইণ্ডিয়া। বিশ্ব ক্ৰিকেটত এয়া আছিল টীম ইণ্ডিয়াৰ একেৰাহে তৃতীয়তো ICC ট্ৰফী জয়। লগতে ঘৰৰ মাটিত আজিলৈ কোনো দলেই জয় কৰা নাছিল টি-২০ বিশ্বকাপ। কিন্তু অপ্ৰতিৰোধ্য ভাৰতে ঘৰৰ মাটিত নিউজীলেণ্ডক বিধ্বস্ত কৰি লিখিলে ইতিহাস। Read More- 'ভগৱানে লিখাবোৰ কোনেও সলাব নোৱাৰে, আজি মই বিশ্ব চেম্পিয়ন'আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লৈছিল নিউজিলেণ্ডৰ অধিনায়কে। প্ৰথমে বেটিং কৰিবলৈ আহি সঞ্জু ছেমছন, অভিষেক শৰ্মা আৰু ঈশান কিষানৰ বিস্ফোৰক অৰ্ধশতকৰ সহায়ত টীম ইণ্ডিয়াই নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৫৫ ৰান। সঞ্জু ছেমছনে ৪২টা বলত ৮৯ ৰানৰ চমকপ্ৰদ ইনিংছ খেলাৰ লগতে ঈশান কিষানে ২৫টা বলত ৫৪ আৰু অভিষেক শৰ্মাই ২১টা বলত ৫২ ৰান সংগ্ৰহ কৰে। শেষৰফালে শিৱম ডুবে ৮টা বলত ২৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। প্ৰত্যুত্তৰত ২৫৬ ৰানৰ বিজয়লক্ষ্যৰে বেটিং কৰিবলৈ আহি নিউজিলেণ্ডে ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলিঙত দিশহাৰা হৈ ১৫৯ ৰানতে ইনিংছ সামৰে। ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে চাৰিটা অভাৰত মাত্ৰ ১৫ ৰান দি চাৰিটা উইকেট দখল কৰাৰ বিপৰীতে অক্ষৰ পেটেলে দখল কৰে ৩টাকৈ উইকেট। খেলখনত কৰা সুন্দৰ বলিঙৰ বাবে যশপ্ৰীত বুমৰাহে মেন অৱ দ্যা মেচৰ সন্মান লাভ কৰাৰ লগতে সঞ্জু ছেমছনে লাভ কৰে প্লেয়াৰ অৱ দ্যা ছিৰিজৰ সন্মান। AdvertismentRead More- লক্ষ্য বিশ্বকাপৰ ট্ৰফী, আজি ফাইনেলত ভাৰত-নিউজিলেণ্ডৰ মহাৰণবিশ্বজয়ৰ পাছতেই টীম ইণ্ডিয়াক অভিনন্দন কেপ্তেইন কুল মহেন্দ্ৰ সিং ধোনীৰ। এক্স হেন্দেলত টীম ইণ্ডিয়াক শুভেচ্ছা জনাই ধোনীয়ে লিখিছে - "আহমেদাবাদত ইতিহাস ৰচনা কৰা হৈছে। ভাৰতীয় দল, চাপৰ্ট ষ্টাফ আৰু সমগ্ৰ বিশ্বৰ সকলো ভাৰতীয় ক্ৰিকেট দলৰ অনুৰাগীলৈ বহুত বহুত অভিনন্দন"। তাৰ পিছত ধোনীয়ে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক লৈও লিখিছে, "প্ৰশিক্ষক চাহাব, আপোনাৰ মুখৰ হাঁহিটো বৰ ভাল লাগিছে। আপোনাৰ তীব্ৰতা আৰু হাঁহিৰ সংমিশ্ৰণ মাৰাত্মক, ভালেই হৈছে।" আনহাতে যশপ্ৰীত বুমৰাহকো প্ৰশংসা কৰি ধোনীয়ে লিখিছে, "বুমৰাহৰ বিষয়ে বিষয়ে একো নিলিখাই ভাল। বুমৰাহ এজন চেম্পিয়ন বলাৰ।" Read More AdvertismentAdvertisment Read the Next Article