Advertisment

'HISTORY REPEAT, HISTORY DEFEAT', টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া

HISTORY REPEAT, HISTORY DEFEAT টীম ইণ্ডিয়াৰ। ইতিহাস ৰচি তৃতীয়বাৰলৈ টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া। মহেন্দ্ৰ সিং ধোনী, ৰোহিত শৰ্মাৰ পিছত টি-২০ ক্ৰিকেটত ইতিহাস লিখিলে সূৰ্য কুমাৰ যাদৱে।

 'HISTORY REPEAT, HISTORY DEFEAT', টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া

'HISTORY REPEAT, HISTORY DEFEAT', টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া

চেম্পিয়ন ভাৰত, বিশ্ববিজয়ী ভাৰত। ইতিহাস ৰচি তৃতীয়বাৰলৈ টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া। নিউজিলেণ্ডক ৯৬ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰি আহমেদাবাদৰ  নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচিলে টীম ইণ্ডিয়াই।  

Advertisment

Read More- 'যশ্বী যেচা কোই নহী', ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়া

HISTORY REPEAT, HISTORY DEFEAT টীম ইণ্ডিয়াৰ। তৃতীয়বাৰলৈ টি-২০ বিশ্বকাপত চেম্পিয়ন মেন ইন ব্লু। মহেন্দ্ৰ সিং ধোনী, ৰোহিত শৰ্মাৰ পিছত টি-২০ ক্ৰিকেটত ইতিহাস লিখিলে সূৰ্য কুমাৰ যাদৱে। একেৰাহে দুবাৰকৈ টি-২০ বিশ্বকাপ জয়ী হোৱা বিশ্বৰ প্ৰথমটো দল হিচাপে পৰিগণিত হ'ল টীম ইণ্ডিয়া।

Read More- টীম ইণ্ডিয়াৰ বেটাৰৰ ৰানৰ বৰষুণ, নিউজীলেণ্ডক ২৫৬ ৰানৰ বিশাল লক্ষ্য ভাৰতৰ

Advertisment

টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লৈছিল নিউজিলেণ্ডৰ অধিনায়কে। প্ৰথমে বেটিং কৰিবলৈ আহি সঞ্জু ছেমছন, অভিষেক শৰ্মা আৰু ঈশান কিষানৰ বিস্ফোৰক অৰ্ধশতকৰ সহায়ত টীম ইণ্ডিয়াই নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৫৫ ৰান। সঞ্জু ছেমছনে ৪২টা বলত ৮৯ ৰানৰ  চমকপ্ৰদ ইনিংছ খেলাৰ লগতে ঈশান কিষানে ২৫টা বলত ৫৪ আৰু অভিষেক শৰ্মাই ২১টা বলত ৫২ ৰান সংগ্ৰহ কৰে। শেষৰফালে শিৱম ডুবে ৮টা বলত ২৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। প্ৰত্যুত্তৰত ২৫৬ ৰানৰ বিজয়লক্ষ্যৰে বেটিং কৰিবলৈ আহি নিউজিলেণ্ডে ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলিঙত দিশহাৰা হৈ ১৫৯ ৰানতে ইমিংছ সামৰে। ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে চাৰিটা অভাৰত মাত্ৰ ১৫ ৰান দি চাৰিটা উইকেট দখল কৰাৰ বিপৰীতে অক্ষৰ পেটেলে দখল কৰে ৩টাকৈ উইকেট।  খেলখনত কৰা সুন্দৰ বলিঙৰ বাবে যশপ্ৰীত বুমৰাহে মেন অৱ দ্যা মেচৰ সন্মান লাভ কৰাৰ লগতে  সঞ্জু ছেমছনে লাভ কৰে প্লেয়াৰ অৱ দ্যা ছিৰিজৰ সন্মান। 

Read More- কাউণ্টডাউন আৰম্ভ ! ইতিহাস সলনিৰ লক্ষ্যৰে আজি ২২ গঁজত নামিব টীম ইণ্ডিয়া

বিশ্ব ক্ৰিকেটত এয়া আছিল টীম ইণ্ডিয়াৰ একেৰাহে তৃতীয়তো ICC ট্ৰফী জয়। ঘৰৰ মাটিত আজিলৈ কোনো দলেই জয় কৰা নাছিল টি-২০ বিশ্বকাপ। কিন্তু অপ্ৰতিৰোধ্য ভাৰতে ঘৰৰ মাটিত নিউজীলেণ্ডক বিধ্বস্ত কৰি লিখিলে ইতিহাস। মহেন্দ্ৰ সিং ধোনী, ৰোহিত শৰ্মাৰ পিছত টি-২০ বিশ্বকাপ জয়ী হৈ ইতিহাস লিখিলে সূৰ্য কুমাৰ যাদৱে।

Advertisment
Advertisment
Advertisment