Advertisment

'যশ্বী যেচা কোই নহী', ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়া

থ্ৰিলাৰ, ৰোমাঞ্চকৰ! যশ্বী যেচা কোই নহী', অথলে গ'ল জেকৱ বেথেলৰ বিস্ফোৰক শতক। হাইভল্টেজ খেলত  ইংলেণ্ডক ৭ ৰানত পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়া। '

 File Photo
File Photo

'যশ্বী যেচা কোই নহী', ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়া

Advertisment

থ্ৰিলাৰ, ৰোমাঞ্চকৰ! অথলে গ'ল জেকৱ বেথেলৰ বিস্ফোৰক শতক। হাইভল্টেজ খেলত  ইংলেণ্ডক ৭ ৰানত পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়া। 

Read More- ৰিয়ানলৈ নতুন দায়িত্ব, IPL ২০২৬ত  RRক নেতৃত্ব দিব ৰিয়ানে

চতুৰ্থবাৰলৈ  টি-২০ বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়া। ৱাংখেড়েত অনুষ্ঠিত হাইভল্টেজ খেলত ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়াৰ। টীম ইণ্ডিয়াই বান্ধি দিয়া ২৫৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি নিৰ্ধাৰিত ২০ অভাৰত ইংলেণ্ডৰ সংগ্ৰহ ৭ উইকেটৰ বিনিময়ত ২৪৬ ৰান।

Read More- 'মোৰ লগত ধেমালি নকৰিবা' কিয় সূৰ্যকুমাৰ যাদৱক এনেদৰে কৈছিল মহম্মদ ছিৰাজে?

Advertisment

টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত লৈছিল ইংলেণ্ডৰ অধিনায়ক হেৰী ব্ৰুকে। প্ৰথমে বেটিং কৰিবলৈ আহি সঞ্জু ছেমছনৰ বিস্ফোৰক অৰ্ধশতক, শিৱম ডুৱে, ঈশান কিষান, হাৰ্দিক পাণ্ডিয়া আৰু তিলক বাৰ্মাৰ দুৰ্দান্ত বেটিঙৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত টীম ইণ্ডিয়াই ৭ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ২৫৩ ৰান। সঞ্জু ছেমছনে ৪২টা বলত ৮৯ ৰানৰ ইনিংছ খেলাৰ বিপৰীতে শিৱম ডুৱে ৪৩, ঈশান কিষানে ৩৯, হাৰ্দিক পাণ্ডিয়াই ২৭ আৰু তিলক বাৰ্মাই ২১ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই বান্ধি দিয়া ২৫৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি ইংলেণ্ডে জেকৱ বেথেলৰ বিস্ফোৰক ১০৫ আৰু উইল জেকচৰ ৩৫ ৰানৰ সহায়ত ২০ অভাৰত ২৪৬ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। টীম ইণ্ডিয়াৰ হৈ হাৰ্দিক পাণ্ডিয়াই ২টা, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, অৰ্শ্বদ্বীপ সিং আৰু বৰুণ চক্ৰৱৰ্তীয়ে এটাকৈ উইকেট দখল কৰে। 

Read More- বাংলাদেশৰ বিৰুদ্ধে পুনৰ কঠোৰ ICC!

ক্ৰিকেট সছাকৈয়ে যে অনিশ্চয়তাৰ খেল কালিৰ খেলখনে পুনৰবাৰ প্ৰমাণ কৰিলে। কাৰণ বিশ্বকাপৰ ছেমিফাইনেলৰ দৰে এখন হাইভল্টেজ খেল। তাতে আকৌ প্ৰথমে বেটিং কৰি টীম ইণ্ডিয়াই ইংলেণ্ডৰ সম্মুখত বান্ধি দিছিল পৰ্বতসম ৰানৰ পাহাৰ। সকলোৱে ভাবিছিল খেলখনত টীম ইণ্ডিয়াই একপক্ষীয়ভাৱে জয়লাভ কৰিব। কিন্তু ইংলেণ্ডৰ দুটা উইকেটৰ পতনৰ পাছত ক্ৰিজলৈ আহিছিল জেকৱ বেথেল নামৰ ধুমহা। জেকৱ বেথেলৰ ধুমুহাত দিশহাৰা হৈ পৰিছিল ভাৰতীয় বলাৰ। কিন্তু ইংলেণ্ডৰ জয়ৰ সম্মুখত হেঙাৰৰূপে থিয় দিছিল যশপ্ৰীত বুমৰাহে। বুমৰাহৰ মিতব্যয়ী আৰু নিয়ন্ত্ৰিত বলিঙৰ সুবাদতেই ইংলেণ্ডক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে টীম ইণ্ডিয়াই। সেইবাবেই কোৱা হয়, 'যশ্বী যেচা কোই নহী'।

Read More- Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়

Advertisment
Advertisment