"ৰাজ্যৰ ভিন্ন প্ৰান্তত এজাহাৰ, শীঘ্ৰেই গ্ৰেপ্তাৰ হ"ব পৰা তালিকাত কোন কোন? এটা কফিনৰ ভিতৰত নীৰৱে শুই আছে জুবিন গাৰ্গ। হাজাৰ চেষ্টা কৰিও অসমীয়াই আৰু জগাব নোৱাৰিলে প্ৰাণৰ শিল্পীক। জুবিন নামৰ সত্বাটোক অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে। সাগৰ তলিত শুবৰে মন বুলি গান গোৱা জুবিনে সাগৰতেই ললে জীৱনৰ অন্তিমটো উশাহ। Advertisment হেৰাই গ'ল আমাৰ জুবিন, প্ৰতিজন অসমীয়াৰ জুবিন। কিন্তু চিংগাপুৰলৈ কিয় গৈছিল জুবিন গাৰ্গ? দ্বীপ ৰাষ্ট্ৰ ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে গৈছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। অনুষ্ঠানৰ পূৰ্বে য়টত উঠি সাগৰলৈ গৈছিল জুবিন। সাঁতুৰিবৰ বাবে লাইফ জেকেট পিন্ধি জুবিন নামিছিল পানীত। সাঁতুৰি থাকোঁতেই স্বাস্থ্য অৱনতি ঘটে জুবিন গাৰ্গৰ। ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হৈছিল জুবিনক। ছিংগাপুৰৰ জেনেৰেল হাস্পতালৰ ICUত ভৰ্তি কৰোৱা হৈছিল জুবিনক। কিন্তু সকলো চেষ্টা অসাৰ কৰি অজস্ৰ অনুৰাগীক কন্দুৱাই জুবিন ঘূৰি নহাৰ পথেৰে গুচি গ"ল। যিহেতু ছিংগাপুৰলৈ নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে গৈছিল জুবিন গাৰ্গ, গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অনুৰাগীয়ে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে কেইবাটাও গোচৰ। লগতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে অনুৰাগীয়ে। অনুৰাগীৰ গোচৰৰ পিছতেই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে চি আই ডিৰ তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেজেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ চি আই ডিলৈ স্থানান্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। ইফালে সামাজিক মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ"ব পাৰে শ্যামকানু মহন্ত । শ্যামকানুৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাখনো থানাত ৰুজু হৈছে গোচৰ। শ্যামকানু মহন্তৰ শেহতীয়া আৰু পূৰ্বৰ মন্তব্যৰ পোষ্টৰ মাজত মিল নথকাক লৈ এতিয়া অনুৰাগীৰ সন্দেহ উপজিছে। সংবাদ সংস্থা PTIত কৰা শেহতীয়া এক মন্তব্যত কণ্ঠশিল্পী জুবিন গাৰ্গ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ নহয়, জিৰণি ল"বলৈহে ছিংগাপুৰলৈ গৈছিল বুলি অদ্ভুত মন্তব্য কৰিছিল মুখ্য আয়োজক শ্যামকানু মহন্তই।"