AssameseChatGPT ব্যৱহাৰ কৰে নেকি? ChatGPTত ভুলতো নকৰিব এই ৫টা প্ৰশ্ন!ChatGPT ব্যৱহাৰ কৰোতে সাৱধান হওক। যদি আপুনি ChatGPTৰ ওপৰত বেছি বিশ্বাসী তেন্তে জানি লওক ChatGPTত কি কি প্ৰশ্ন আপুনি কৰিব নোৱাৰে। কি ৫টা প্ৰশ্ন আছে যিবোৰ আপুনি ChatGPTত কৰিলে বিপদত পৰিব পাৰে?Naba Gogoi Sep 06, 2025 18:19 ISTPhotograph: (internet)৫টা প্ৰশ্ন যি আপুনি ChatGPTত কৰিলে বিপদত পৰিব পাৰে?বৰ্তমান বিশ্বায়নৰ যুগ। ITৰ পিছত বিশ্ব ব্ৰহ্মাণ্ড গ্ৰাস কৰিছে ভিন্ন সামাজিক মাধ্যমৰ লগতে AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাই। ইণ্টাৰনেটৰ যুগত হাতৰ মুঠিত বিশ্বৰ সকলো তথ্য। আন আন সামাজিক মাধ্যমৰ লগতে বিশ্বজুৰি বহুল প্ৰচাৰিত হৈছে ChatGPT. হয়তো আপুনিও ব্যৱহাৰ কৰে এই ChatGPT। কিন্তু এই ChatGPT ব্যৱহাৰ কৰোতে সাৱধান হওক। যদি আপুনি ChatGPTৰ ওপৰত বেছি বিশ্বাসী তেন্তে জানি লওক ChatGPTত কি কি বিষয় বা প্ৰশ্ন আপুনি কৰিব নোৱাৰে। যদিও ChatGPT অধিকতৰ ব্যৱহৃত হৈছে তথাপি কোনোবাখিনিত ChatGPTয়ে বিমোৰত পেলাইছে ব্যৱহাৰকাৰীক বা একাংশ লোকক। গতিকে ChatGPT ব্যৱহাৰ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিহে আগবাঢ়ক। Advertismentঅৱশ্যে ChatGPTৰ উপকাৰিতাও নুই কৰিব নোৱাৰি। অসুস্থ হ’লে কি ঔষধ খাব লাগে বা তিনি-চাৰি দিনৰ ভ্ৰমণৰ পৰিকল্পনা - আপুনি ChatGPTৰ লগত কথা পাতি সোনকালে জানিব পাৰিব। অফিচৰ কামেই হওক বা ব্যক্তিগত যিকোনো প্ৰশ্নই হওক, আজিৰ প্ৰজন্মই কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে। দৈনন্দিন খোৱা-বোৱা, ৰন্ধন প্ৰণালী লগতে সাজ-পোছাক পৰিধান কৰাকে ধৰি সৰু সৰু সমস্যাৰ পৰা আৰম্ভ কৰি ডাঙৰ জটিলতালৈকে ChatGPT-এ কৰি আহিছে সকলো সমাধান। ইত্যাদি ইতিবাচক প্ৰভাৱ থকাৰ মাজতো ChatGPTৰ দুই-এটা লঘু কথাই বিমোৰত পেলাইছে লোকসকলক। কোনোবাখিনিত ChatGPTয়ে দিয়া উত্তৰবোৰে বিভ্ৰান্ত কৰিছে বহুতক। গতিকে ChatGPT ব্যৱহাৰ কৰাৰ সময়ত কি কি প্ৰশ্ন কৰাৰ আগত হ’ব লাগে সাৱধান! এনে কি ৫টা প্ৰশ্ন আছে যিবোৰ আপুনি ChatGPTত কৰিলে বিপদত পৰিব পাৰে? ১. স্বাস্থ্য পৰীক্ষাৰ প্ৰশ্নChatGPT কোনো ডাক্তৰ নহয়। লগতে ChatGPT কোনো মেডিকেল ৱেবছাইটও নহয়। গতিকে ৰোগ বা ইয়াৰ চিকিৎসা সম্পৰ্কে প্ৰশ্ন কৰিলে বিভ্ৰান্তি হ'ব পাৰে। বহুতে ChatGPTক সাধাৰণ ৰোগ বা জটিল ৰোগৰ ঔষধ বা চিকিৎসাৰ বিষয়ে প্ৰশ্ন কৰি সহজ উপায় ল'বলৈ চেষ্টা কৰে। লগতে স্বাস্থ্য পৰীক্ষাৰ সন্দৰ্ভতো বিভিন্ন প্ৰশ্ন সোধা হয় ChatGPTত। উল্লেখ্য যে চিকিৎসকে ৰোগীৰ শৰীৰ পৰীক্ষা কৰা বা ৰোগ সংক্ৰান্তৰ কিছুমান টেষ্ট কৰাৰ পিছতহে ঔষধ দিয়ে বা স্বাস্থ্যৰ উন্নত চিকিৎসাৰ পৰামৰ্শ দিয়ে। গতিকে ChatGPTত কেৱল প্ৰশ্নৰ ওপৰত ভিত্তি কৰি লাভ কৰা পৰামৰ্শ মানি চলিলে বিপদজনক হ’ব পাৰে।২. ভৱিষ্যতৰ প্ৰশ্নভৱিষ্যতে আপোনাৰ কি হ’ব? আপোনাৰ জীৱন কোন দিশে গতি কৰিব বা ১০ বছৰৰ পাছত কি কৰিব? ChatGPTক এনেধৰণৰ প্ৰশ্ন কৰাটো ভুল। এনে ক্ষেত্ৰত বহু ভুল আৰু বিভ্ৰান্তিকৰ তথ্য পোৱাৰ সম্ভাৱনা অধিক। এই কথা সত্য যে ChatGPTয়ে কেতিয়াও কাৰো ভৱিষ্যতৰ কথা ক'ব নোৱাৰে।৩. ব্যক্তিগত তথ্যঅতি গুৰুত্বপূৰ্ণ কথা যে ChatGPTত কেতিয়াও কোনো পাছৱৰ্ড শ্বেয়াৰ নকৰিব।ChatGPTৰ দ্বাৰা অতি সহজে পাছৱৰ্ড হেক কৰিব পাৰি। AI-চালিত ৰবটে ভবাৰ দৰে কেতিয়াও আপোনাৰ গোপনীয়তা চেটবটৰ সৈতে শ্বেয়াৰ নকৰে। যদি আপুনি আপোনাৰ সকলো ব্যক্তিগত সমস্যা ChatGPTক ক'বলৈ আৰম্ভ কৰে, তেন্তে ফলাফল ভাল নহ'বও পাৰে।৪. ব্যৱসায় ভিত্তিক প্ৰশ্ন আপোনাৰ ব্যৱসায়ৰ উত্থান-পতন, লাভ-লোকচানৰ পৰিসংখ্যাৰ বিষয়ে কেতিয়াও ChatGPTক নক’ব বা এই সন্দৰ্ভত প্ৰশ্ন নকৰিব। যিহেতু ChatGPTত সমগ্ৰ প্ৰক্ৰিয়াটো বা প্ৰশ্নৰ উত্তৰবোৰ প্ৰি-প্ৰগ্ৰেম কৰি থোৱা হয়, গতিকে তাত তৃতীয় পক্ষৰ চোৰাংচোৱাগিৰি ৰখা হয়। এনে প্ৰশ্নই আপোনাৰ ব্যৱসায়িক জীৱনত প্ৰভাৱ পেলাব পাৰে। ৫. শেহতীয়া পৰিঘটনাৰাজনৈতিক প্ৰশ্ন বা বতৰৰ ধাৰা সম্পৰ্কে সুধিলে বিভ্ৰান্তিকৰ বা ভুল তথ্য পোৱাৰ সম্ভাৱনা বেছি। আনহাতে, যদি আপুনি যুদ্ধৰ বাতৰি, অস্ত্ৰ কেনেকৈ বনাব লাগে, বা হেকিঙৰ নিয়মৰ বিষয়ে সুধিব, তেন্তে ChatGPTএ আপোনাক বিপদত পেলাব পাৰে। লগতে এনে প্ৰশ্ন কৰাটো আইন মতে দণ্ডনীয়। এনে প্ৰশ্ন কৰিলে কিছু ক্ষেত্ৰত ব্যৱহাৰকাৰীৰ একাউণ্টট স্বয়ংক্ৰিয়ভাৱে লগ আউট হ’ব পাৰে। Read the Next Article