Assameseচাকৰি নাই, বিপদ পৰিছে নেকি? চিন্তা নকৰিব, ১ লাখ টকাৰে আৰম্ভ কৰক এইকেইটা ব্যৱসায়...মাত্ৰ ১ লাখ টকা যোগাৰ কৰক। কৰক এইকেইটা ব্যৱসায়। লাহে লাহে আপুনিও এদিন হৈ পৰিব উদ্যোগপতি। বহুতেই চাকৰি এৰি আগ্ৰহী হৈছে ব্যৱসায়ৰ প্ৰতি। ১ লাখ টকাত কি কি ব্যৱসায় কৰিব পাৰিব আপুনি?Naba Gogoi Oct 11, 2025 20:27 ISTINTERNETinternet 1/5১ লাখ টকাত আপুনি কি কি ব্যৱসায় আৰম্ভ কৰিব পাৰিব?চৰকাৰী চাকৰিলৈ বাট নাচাই বহুতেই আজিকালি ব্যৱসায়ত মনোনিৱেশ কৰিছে। চাকৰিতকৈ ব্যৱসায়ৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰিছে মানুহ। চৰকাৰী চাকৰি থাকিলেহে যে জীৱন সুন্দৰ হ'ব তেনে কথা নাই। ধন ঘটিবলৈ লাগে এটা মন আৰু কিছুমান আইডিয়া। যদি আপুনি বিপদত পৰিছে, ধন ঘটাৰ উপায় বিচাৰি পোৱা নাই তেন্তে আজিয়েই জানি লওক এইকেইটা আইডিয়া। মাত্ৰ ১ লাখ টকাৰে আৰম্ভ কৰক আপোনাৰ ব্যৱসায়। এই ক্ষুদ্ৰ ব্যৱসায়ে আপোনাক এদিন সফলতাৰ শিখৰলৈ লৈ যাব। ১ লাখ টকাত আপুনি কি কি ব্যৱসায় আৰম্ভ কৰিব পাৰিব? জানি লওক সবিশেষ...internet 2/5ব্যৱসায় আৰম্ভ কৰিবলৈ বৃহৎ পৰিমাণৰ ধন বা মূলধনৰ প্ৰয়োজন নাই...ব্যৱসায় কৰিবলৈ মানুহক ঢেৰ টকাও নালাগে। বহু মানুহে ব্যৱসায় বুলি ভাবিলেই ধৰি লয় যে ব্যৱসায় আৰম্ভ কৰিবলৈ বৃহৎ পৰিমাণৰ ধন বা মূলধনৰ প্ৰয়োজন হ'ব। তেতিয়াই বহু মানুহ পিছুৱাই আহে। একাংশৰ মতে ব্যৱসায়ত বৃহৎ বিনিয়োগ নকৰিলে লাভজনক ব্যৱসায় আৰম্ভ কৰিব নোৱাৰি। তেওঁলোকে আগতীয়া এটা ধাৰণা কৰি লয় যে পৰৱৰ্তী পৰ্যায়ত লোকচানৰ সন্মুখীন হ'ব। যদি আপুনি চাকৰিৰ কথা নাভাবি ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে,তেন্তে সৰুকৈ বিনিয়োগ কৰিও ভাল উপাৰ্জন কৰিব পাৰিব।internet 3/5ঘৰতে খোলক বেকাৰী, বনাওক কেক...আপোনাৰ অজ্ঞাতে আপোনাৰ এটা কলা আছে। হয়তো আপুনি ৰান্ধি ভাল পায়, বা ভালকৈ ৰান্ধিব জানে। এয়াই আপোনাৰ ব্যৱসায়ৰ এটা মাধ্যম। আপুনি ঘৰতে বা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সুবিধা আছে তেন্তে সৰুকৈ খাদ্যৰ সম্ভাৰেৰে এখন সৰু হোটেল খুলিব পাৰে। বা ঘৰতে বেকাৰী খুলিব পাৰে। আপুনি ঘৰৰ পৰাই বেকাৰীৰ ভিন্ন সামগ্ৰী যেনে কেক প্ৰস্তুত কৰি বিক্ৰী কৰিব পাৰে। সামাজিক মাধ্যমৰ জৰিয়তেও আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰ কৰিব পাৰে। লগতে প্ৰয়োদনত আপোনাৰ খাদ্যসমূহ গ্ৰাহকে সোনকালে লাভ কৰিবৰ বাবে আপুনি ডেলিভাৰীৰো ব্যৱস্থা কৰিব পাৰে।AdvertismentINTERNET 4/5ডিজিটেল সেৱাক আপুনি উপাৰ্জনৰ পথ হিচাপেও বাচি ল'ব পাৰেআপোনাৰ যদি কম্পিউটাৰত দক্ষতা আছে তেন্তে আপুনি ডিজিটেল সেৱাক ভাল দৰে ব্যৱহাৰ কৰিব পাৰে। ডিজিটেল সেৱাক আপুনি উপাৰ্জনৰ পথ হিচাপেও বাচি ল'ব পাৰে। বিশ্বায়নৰ যুগত বহুতেই ডিজিটেল সেৱাক ব্যৱসায় হিচাপে নিৰ্বাচন কৰিছে। ডিজিটেলী আপুনি যেনে গ্রাফিক ডিজাইন, ছ’চিয়েল মিডিয়া মেনেজমেণ্ট, বা কন্টেন্ট ৰাইটিং লগতে ফ্ৰীলান্সিং ইত্যাদি আৰম্ভ কৰিব পাৰে। অৱশ্যে এই কাম আৰম্ভ কৰিবলৈ আপুনি কম্পিউটাৰ, ইণ্টাৰনেট, সমান্তৰালকৈ কিছুমান চফট্ৱেৰ ইত্যাদিত বিনিয়োগ কৰিব লাগিব। আপুনি আপোনাৰ কামবোৰ প্ৰচাৰ কৰিবলৈ সামাজিক মাধ্যম ব্যৱহাৰ কৰিব পাৰে।INTERNET 5/5ইভেণ্ট মেনেজমেণ্ট বা ডেকোৰেচন চাৰ্ভিছআজিকালি প্ৰত্যেক মানুহৰ ঘৰতে জন্মদিন, বা অন্যান্য ক্ষেত্ৰত কিবা নহয় কিবা অনুষ্ঠান আয়োজন হয়। এনে মনোৰঞ্জনমূলক অনুষ্ঠান বা ইভেণ্টত আপুনি ডেকোৰেচনৰ কাম কৰিব পাৰে। যাক সাধাৰণতে কোৱা হয় ইভেণ্ট মেনেজমেণ্ট বা ডেকোৰেচন চাৰ্ভিছ। ঘৰৰ বা প্ৰতিষ্ঠানৰ সৰু পাৰ্টী, অন্যান্য ভিন্ন ইভেণ্টত আপুনি সেৱা আগবঢ়াব পাৰে। অৱশ্যে ইয়াৰ বাবে সজ্জাৰ সামগ্ৰী, প্ৰচাৰ, আৰু পৰিবহণত কিছু পৰিমাণে বিনিয়োগ হ’ব পাৰে। Read the Next Article