Advertisment

ছিকিমত প্ৰকৃতিৰ কালৰূপ, ৪জনৰ মৃত্যু

পশ্চিম ছিকিমৰ আপাৰ ৰিম্বীত ভয়ংকৰ ভূমিস্খলনত ৪ জনৰ কৰুণ মৃত্যু , আহত হৈছে কেইবাজনো লোক। স্তব্ধ হৈ পৰিছে জনজীৱন। ভয়াৱহ ভূমিস্খলনত ছিকিমৰ ভিন্ন প্ৰান্তত ব্যাহত হৈ পৰিছে যাতায়াত আৰু সাধাৰণ জীৱন যাত্ৰা। ঠায়ে ঠায়ে আবদ্ধ হৈ পৰিছে যান-বাহন।

 ছিকিমত প্ৰকৃতিৰ কালৰূপ, ৪জনৰ মৃত্যু Photograph: (Internet)
ছিকিমত প্ৰকৃতিৰ কালৰূপ, ৪জনৰ মৃত্যু Photograph: (Internet)

ছিকিমত প্ৰকৃতিৰ কালৰূপ।

প্ৰকৃতিৰ ভয়ংকৰ ৰূপত ছিকিমত স্তব্ধ হৈ পৰিছে জনজীৱন। ভয়াৱহ ভূমিস্খলনত ছিকিমৰ ভিন্ন প্ৰান্তত ব্যাহত হৈ পৰিছে যাতায়াত আৰু সাধাৰণ জীৱন যাত্ৰা। ঠায়ে ঠায়ে আবদ্ধ হৈ পৰিছে যান-বাহন। পশ্চিম ছিকিমৰ আপাৰ ৰিম্বীত ভয়ংকৰ ভূমিস্খলনত ৪ জনৰ কৰুণ মৃত্যু হৈছে। ভূমিস্খলনত আহত হৈছে কেইবাজনো লোক। আহতসকলক ইতিমধ্যে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰা হৈছে।

Advertisment
Sikkim-Landslide-Today
Sikkim-Landslide-Today Photograph: (Internet)

ভূমিস্খলনৰ ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে বহুজন। ইতিমধ্যে ভূমিস্খলনত আবদ্ধ আৰু সন্ধানহীন সকলক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ছিকিম প্ৰশাসনে। উদ্ধাৰকাৰী দলে ওফন্দি উঠা হিউম নদীৰ ওপৰত অস্থায়ীভাৱে কাঠৰ দলং নিৰ্মাণ কৰি ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা আহত দুগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

sikkim-landslide
sikkim-landslide Photograph: (Internet)

পশ্চিম ছিকিমৰ ইয়াংথাং সমষ্টিৰ আপাৰ ৰিম্বীত বৃহস্পতিবাৰে মাজনিশা হোৱা ভূমিস্খলনত অঞ্চলটোত বিস্তৰ ক্ষতিসাধন হয়। ধাৰাসাৰ বৰষুণৰ ফলত ইয়াংথাং সমষ্টিৰ একাধিক স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা বাট-পথসমূহ মোকলাবলৈ চেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে। ভূমিস্খলনৰ পিছত বোকা, শিলগুটিৰে ভৰি পৰাৰ ফলত উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দল। দুৰ্ঘটনাৰ পিছতে দুৰ্যোগৰ সন্মুখীন হোৱা লোকসকলক উদ্ধাৰ আৰু সহায়ৰ বাবে আৰক্ষী, SSB জোৱান, স্থানীয় একাংশ লোকে অভিযানৰ আৰম্ভ কৰে। প্ৰকৃতিৰ ৰুষ্ট ৰূপৰ বাবে উদ্ধাৰ অভিযানত বিভিন্ন বাধাৰ সন্মুখীন হ’বলগা হয় উদ্ধাৰকাৰীৰ দল। ইফালে ছিকিমত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছিল আই এম ডিয়ে। ১২ৰ পৰা ১৫ ছেপ্টেম্বৰৰ ভিতৰত সমগ্ৰ উত্তৰ-পূব অঞ্চলত অধিক বৰষুণৰ সম্ভাৱনাৰে সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ।