Assameseএইবাৰ প্ৰতিবাদত জ্বলিছে আন এখন ৰাষ্ট্ৰ। নেপালৰ দৰেই নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতিনেপালৰ পিছত এইবাৰ প্ৰতিবাদত জ্বলিছে আন এখন ৰাষ্ট্ৰ। চৰকাৰৰ নীতিৰ বিৰুদ্ধে গৈ ওলাই আহিছে জনতা। BLOCK EVERYTHING শীৰ্ষক শ্ল’গানেৰে ব্যাপক গণ বিক্ষোভ। হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদত জ্বলিছে ফ্ৰান্সৰ ৰাজপথ। নেপালৰ দৰেই ৰাষ্ট্ৰখনত চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে জনতা। Bandita Saikia Sep 11, 2025 13:15 ISTনেপালৰ পিছত এইবাৰ প্ৰতিবাদত জ্বলিছে আন এখন ৰাষ্ট্ৰ। চৰকাৰৰ নীতিৰ বিৰুদ্ধে গৈ ওলাই আহিছে জনতা। BLOCK EVERYTHING শীৰ্ষক শ্ল’গানেৰে ব্যাপক গণ বিক্ষোভ। Advertismentহাজাৰ হাজাৰ লোকৰ প্ৰতিবাদত জ্বলিছে ফ্ৰান্সৰ ৰাজপথ। নেপালৰ দৰেই ৰাষ্ট্ৰখনত চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে জনতা। প্ৰতিবাদী জনতাক ৰুধিবলৈ কমেও ৮০ হাজাৰ আৰক্ষী-নিৰাপত্তাৰক্ষী মোতায়েন। কন্দুৱা গেছ নিক্ষেপ, লাঠীচাৰ্জ কৰা হৈছে প্ৰতিবাদকাৰীৰ ওপৰত। একাংশ উত্তেজিত জনতাই জ্বলাই দিছে বাছ, অৱৰোধ কৰিছে ৰাজপথ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীলৈ শিলগুটি নিক্ষেপ। এই প্ৰতিবাদত ছাত্ৰ তথা কৰ্মচাৰীসকলে লৈছে বিশেষ ভূমিকা। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমেনুৱেল মেক্ৰ’ৰ বিৰুদ্ধে এই ক্ষোভ জনতাৰ। সাধাৰণ জনতাৰ বাবে চৰকাৰখনে কোনো কাম নকৰাৰ অভিযোগ। শেহতীয়াকৈ নতুন প্ৰধানমন্ত্ৰী নিযুক্তিক লৈও ক্ষোভ জনতাৰ। প্ৰায় এটা বছৰত ৪বাৰকৈ প্ৰধানমন্ত্ৰী সলনি হৈছে ফ্ৰান্সত। Read the Next Article