Advertisment

কবিৰ কবিতাত জী উঠে জীৱন! জ্ঞানপীঠ বিজয়ী কাব্যঋষি নীলমণি ফুকনৰ ওপজা দিনত ওলগ

জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক, কাব্যঋষি নীলমণি ফুকনৰ আজি ওপজা দিন। ১৯৩৩ চনৰ ১০ ছেপ্তেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁওত জন্ম গ্ৰহণ কৰিছিল প্ৰখ্যাত সাহিত্যিক গৰাকীয়ে। কাব্যঋষিৰ ওপজা দিন উপলক্ষ্যে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি প্ৰকল্পত বৰ্ণাঢ্য আয়োজন।

 Photograph: (INTERNET)
Photograph: (INTERNET)

'মুখ-আন্ধাৰিত আৰু হাড়-কঁপোৱা জোনাকত
উচুপি উঠোঁ, আৰু তোমাৰ কবিতা পঢ়োঁ'


          জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক, কাব্যঋষি নীলমণি ফুকনৰ আজি ওপজা দিন। ১৯৩৩ চনৰ ১০ ছেপ্তেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁওত জন্ম গ্ৰহণ কৰিছিল প্ৰখ্যাত সাহিত্যিক গৰাকীয়ে। কাব্যঋষিৰ ওপজা দিন উপলক্ষ্যে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি প্ৰকল্পত বৰ্ণাঢ্য আয়োজন। অনুষ্ঠানটিত অনুষ্ঠিত 'কবিতা গধূলিৰ পোহৰ আৰু ৰং-তুলিকাৰ বিন্যাস' শীৰ্ষক এক বিশেষ কাৰ্যসূচী। অনুষ্ঠানৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় তিনিখনকৈ গ্ৰন্থ। ধনী বৰাৰ দ্বাৰা প্ৰনীত নীলমণি ফুকনৰ কবিতা বিষয়ক 'মানুহক কবিতাক দিয়া পৰমায়ু' নামৰ এখন গ্ৰন্থ উন্মোচন কৰাৰ লগতে সমান্তৰালভাৱে উন্মোচন কৰা হয় শ্ৰীলংকাৰ বিশিষ্ট সিংহলী সাহিত্যিক অজন্তা সিনেভিৰত্নৰ সিংহলী ভাষালৈ অনুদিত নীলমণি ফুকনৰ এখন কাব্য সংকলন।

Advertisment

একেটি অনুষ্ঠানতে উন্মোচন কৰা হয় নীৰেন্দ্ৰ নাথ ঠাকুৰীয়াই ইংৰাজীলৈ অনুবাদ কৰা 'What were we talking about' নামৰ এক সংকলন। গ্ৰন্থ কেইখন উন্মোচনৰ পূৰ্বে অসম চাৰু-কাৰু কলা পৰিষদৰ সৌজন্যত অনুষ্ঠিত হয় এখন চিত্ৰ প্ৰদৰ্শনীও। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰেকৃষ্ণ ডেকা, ডাঃ হিতেশ বৰুৱাৰ উপৰিও কেইবাজনো গণ্য মান্য ব্যক্তিয়ে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে অনুষ্ঠানটিৰ। অনুষ্ঠানটিত নীলমণি ফুকনৰ ৰচিত কবিতা আৰু গীত পৰিৱেশন কৰে কাব্যঋষিৰ গুণমুগ্ধই।
উল্লেখ্য যে, বুৰঞ্জী, শ্যামবৰণীয়া নাৱিকবোৰ, সূৰ্য হেনো নামি আহে এই নদীয়েদি, ব্ৰহ্মপুত্ৰত সূর্যাস্ত, মৈথুন সংগীত, নীলা নীলা সিৰবোৰ, তুমি যে তিলফুল হৈ, এখনি মুখ, ওলমি থকা, গোলাপীজামুৰ লগ্ন, হংসধ্বনি শুনিছোঁ, মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি, দুয়োখন দুৱাৰ মেলি থবি, মুখ-আন্ধাৰিত আৰু হাড়-কঁপোৱা জোনাকত ইত্যাদি আছিল কবি নীলমণি ফুকনৰ অনন্য সৃষ্টিৰাজি।