Advertisment

গুৱাহাটীত আপুনি কিমান সুৰক্ষিত? স্মাৰ্ট আৰক্ষীৰ নাকৰ তলেৰে সংঘটিত নানান অপৰাধজনিত ঘটনা।

অপৰাধীৰ ৰম্যভূমিত পৰিণত নেকি গুৱাহাটী মহানগৰী? প্ৰায়ে ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনাই জোকাৰি গৈছে স্মাৰ্ট মহানগৰী। মহানগৰীৰ বৰবাৰীত সংঘটিত ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ, শিহৰণকাৰী ঘটনা।

 Photograph: (internet)
Photograph: (internet)

অপৰাধীৰ ৰম্যভূমিত পৰিণত নেকি গুৱাহাটী মহানগৰী? 

জ্যোতিপ্ৰসাদ শৰ্মা, গুৱাহাটীঃ 

প্ৰায়ে ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনাই জোকাৰি গৈছে স্মাৰ্ট মহানগৰী। মহানগৰীৰ বৰবাৰীত সংঘটিত ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ, শিহৰণকাৰী ঘটনা। এটা ল’জৰ একেটা কোঠাতে উদ্ধাৰ দুটাকৈ মৃতদেহ। বৰবাৰীৰ TOOSONJ GUEST HOUSEত ভয়ংকৰ ঘটনা। ল’জখনত এটি কিশোৰসহ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। কিশোৰটিক হত্যা কৰি যুৱকজনে চৰম পন্থা বাছি লোৱাৰ সন্দেহ। মৃত যুৱকজন মকিবুৰ হুছেইন বুলি চিনাক্ত।

Advertisment

ৰক্তাক্ত অৱস্থাত বিছনাত পৰি আছিল ১৫ বছৰীয়া কিশোৰটিৰ নিথৰ দেহ। শনিবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰটি। কিশোৰটিৰ ঘৰ চানমাৰিৰ গণেশ নগৰৰ হৰিদেৱ নগৰত। মকিবুৰে ভাৰা কৰা এখন থাৰত দুয়ো আহিছিল বৰবাৰীলৈ। মকিবুৰে কিশোৰটিক লৈ অহাৰ সন্দেহ পৰিয়ালৰ। মকিবুৰ ৰহমান কিশোৰটিৰ ঘৰৰ কাষৰে ভাৰাতীয়া আছিল।

গেষ্ট হাউছটোৰ কেয়াৰ টেকাৰৰ ভাষ্য অনুসৰি ৫ ছেপ্টেম্বৰত গেষ্ট হাউছৰ কোঠা বুক কৰিছিল মকিবুৰ ৰহমানে। চিকিৎসাৰ বাবে গুৱাহাটীলৈ অহা বুলি বুক কৰিছিল গেষ্ট হাউছৰ কোঠা। ইফালে কিশোৰটিৰ ককাৰ ভাষ্য অনুসৰি নতুন গাড়ী কিনা বুলি কৈ মকিবুৰ ৰহমানে ফুৰাবলৈ লৈ গৈছিল কিশোৰটিক। সন্ধিয়ালৈকে ঘৰ গৈ নোপোৱাত চিন্তাত পৰিছিল পিতৃ-মাতৃ।

সেইদিনাই নিৰুদ্দেশ হোৱাৰ কথা উল্লেখ কৰি চানমাৰি থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে। GPS ট্ৰেক কৰি গেষ্ট হাউছটোত উপস্থিত আৰক্ষী। ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীৰ তদন্ত অব্যাহত। স্নিফাৰ ডগ লৈ তন্ন তন্নকৈ তালাচী চলাইছে আৰক্ষীয়ে। সম্পূৰ্ণ তদন্তৰ অন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য। কি কাৰণত, কিহৰ বাবে সংঘটিত হ’ল এই ভয়ংকৰ ঘটনা?