Advertisment

মানুহ আৰু বুঢ়া নহ'ব! মৃত্যুৰ আগমূহূৰ্তলৈকে ডেকা হৈ থকাটো সম্ভৱ নে?

কেৱল জীৱই পৃথিৱীত জন্ম ল'লেই যে মৃত্যু হয় এনে নহয়, প্ৰকৃতিৰো এদিন মৃত্যু হয়। গছ-গছনি, ভৌতিক-অভৌতিক সকলোৰে এদিন মৃত্যু হয়। মৃত্যু অৱধাৰিত। কিন্তু আপোনাৰ মন নাযায় নে... যে আপুনি বুঢ়া নহ'ব, আপুনি চিৰদিন-চিৰকাল যৌৱনপ্ৰাপ্ত হৈ থাকিব?

 মানুহ আৰু বুঢ়া নহ'ব! মৃত্যুৰ আগমূহূৰ্তলৈকে ডেকা হৈ থকাটো সম্ভৱ নে?

মৃত্যু অনিবাৰ্য। কিন্তু মৃত্যুৰ আগমূহূৰ্তলৈকে ডেকা হৈ থাকিব পাৰিব নেকি আপুনি? 

Advertisment

মৃত্যু অনিবাৰ্য। এই সত্য জানিও চিৰদিন ডেকা হৈ থকাৰ মন নেকি আপোনাৰ? আপুনি বিচাৰে নেকি অমৰ হ'বলৈ, বিচাৰে নেকি বাৰ্ধক্যই কোনেদিনে আপোনাৰ স্পৰ্শ নকৰিবলৈ? বিচাৰে নেকি শাশ্বত জীৱন? গৱেষণাই কি কয়? 

কেৱল জীৱই পৃথিৱীত জন্ম ল'লেই যে মৃত্যু হয় এনে নহয়, প্ৰকৃতিৰো এদিন মৃত্যু হয়। গছ-গছনি, ভৌতিক-অভৌতিক সকলোৰে এদিন মৃত্যু হয়। মৃত্যু অৱধাৰিত। কিন্তু আপোনাৰ মন নাযায় নে... যে আপুনি বুঢ়া নহ'ব, আপুনি চিৰদিন-চিৰকাল যৌৱনপ্ৰাপ্ত হৈ থাকিব? 

কথাবোৰ আচৰিত লাগিলেও ইয়াৰ ওপৰত চলিছে গৱেষণা। দক্ষিণ কোৰিয়াৰ 'কোৰিয়া ইউনিভাৰ্চিটি কলেজ অৱ মেডিচিন'ৰ গৱেষকে বৃদ্ধাৱস্থাৰ পিছতো যৌৱন বৰ্তাই ৰখাৰ উপায় বিচাৰি উলিওৱা বুলি দাবী কৰিছে। গৱেষকসকলে দাবী কৰিছে যে ডেকা হৈ থকা বা বুঢ়া হোৱাৰ প্ৰক্ৰিয়াটোৱেই হৈছে কোষৰ জন্ম আৰু মৃত্যু। কোষবোৰ বয়সীয়াল হ’ব, ক্ষয় হ’ব আৰু কোষটো মৰি যোৱাৰ পিছত তাৰ ঠাইত নতুন কোষে জন্ম ল'ব।

এইটো এক স্বাভাবিক প্ৰক্ৰিয়া। কিন্তু এটা সময়ত কোষৰ জন্মৰ হাৰ কমি যায়, লগে লগে বৃদ্ধি পায় কোষৰ মৃত্যুৰ হাৰ। তেতিয়াই মানুহৰ শৰীৰত আৰম্ভ হয় বাৰ্ধক্য। যদি এই প্ৰক্ৰিয়াটো বন্ধ কৰিব পৰা যায়, তেন্তে ই হ'ব এক অলৌকিকতা, হ’ব এক ইতিহাস ৰচনা কৰা গৱেষণা। যদি সঁচাই সফলতা আহে তেতিয়া মানুহে বাৰ্ধক্যক জয় কৰিব, দেহ-মনত বিৰাজমান হ'ব শাশ্বত যৌৱন।

কোৰিয়াৰ বিজ্ঞানীসকলে যুক্তিৰে কয় যে জিনৰ ওপৰত কৰা এই গৱেষণাই অসম্ভৱকো সম্ভৱ কৰি তুলিব। মানুহৰ শৰীৰে এটা প্ৰ’টিন ধৰি ৰাখে। প্ৰ'টিনটোৰ নাম ‘REHMGB1’। এই প্ৰ’টিনটোৱে মানুহৰ শৰীৰটোক বাৰ্ধক্যৰ দিশে গতি কৰাই। এই প্ৰ’টিনৰ কাম হৈছে কোষৰ পৰা কোষলৈ বয়স বৃদ্ধিৰ বাৰ্তা প্ৰেৰণ কৰা। কোষটো কেতিয়া বয়সীয়াল হ’ব, কেতিয়া কোষটোৰ মৃত্যু হ'ব, এই সকলোবোৰ বাৰ্তা প্ৰেৰণ কৰাটোৱেই এই প্ৰ'টিনৰ কাম। শৰীৰৰ ৰক্তবাহী নলীৰে বৈ গৈ সমগ্ৰ শৰীৰৰ কোষবোৰলৈ বাৰ্তা প্ৰেৰণ কৰে এই প্ৰ'টিনে।

মূলত এই প্ৰ'টিনে শৰীৰত বাৰ্ধক্যৰ দিশে গতি কৰাই। গতিকে এই প্ৰ'টিনৰ কাম ৰোধ কৰিব পাৰিলে বাৰ্তা বিনিময়ৰ পথ বন্ধ হৈ যাব। তেতিয়াই বিজ্ঞানীৰে লাভ কৰিব বিশেষ সফলতা। কোৰিয়া বিশ্ববিদ্যালয়ৰ গৱেষক অক হী-জিয়নে কয় যে পাৰম্ভিকভাৱে পৰীক্ষাগাৰত এন্দুৰৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলি আছে। এন্দুৰৰ শৰীৰত সেই প্ৰ'টিনৰ গতিবিধি বাধাপ্ৰাপ্ত হৈছে, কাৰ্যত সফলতাই দেখা দিছে। পৰীক্ষামূলকভাৱে দেখা গৈছে যে প্ৰ'টিনৰ প্ৰভাৱ কমি যোৱাৰ পিছত কোষৰ মৃত্যু কমি যায়। নতুন কোষৰ জন্ম দ্ৰুত হয়, ফলত কোষৰ ক্ষতি বা মৃত্যুৰ সময় বহুখিনি পিছুৱাই যায়।

অৱশ্যে বাৰ্ধক্য হোৱাৰ কাৰণ আছে। যৌন কোষ আৰু ৰক্ত কোষৰ বাহিৰে শৰীৰৰ প্ৰতিটো কোষত ২৩যোৰা ক্ৰম’জম থাকে। শৰীৰৰ ক্ৰম’জমত থকা DNA বা ডিঅক্সিৰাইব’নিউক্লিক এচিডৰ এটা অংশ থাকে

সেই অংশক ‘টেল’মিৰ’ বুলি কোৱা হয়। মানুহৰ বয়স বৃদ্ধিৰ লগে লগে টেল’মিৰ চুটি হৈ পৰে। যদি চুটি হৈ পৰা টেল’মিৰটো লাহে লাহে বঢ়াব পৰা যায়, তেন্তে বয়স বাঢ়িলেও আমি দেহ-মন ডেকা হৈ থাকিব পাৰে বা চিৰ যৌৱনপ্ৰাপ্ত হ'ব পাৰে। 

কেৱল এনে নহয় যে বয়সৰ লগে লগে টেল’মিৰৰ দৈৰ্ঘ্য স্বাভাৱিকতে কমি যায়। বাহ্যিক কাৰক যেনে বায়ু প্ৰদূষণ, ধূমপান, মদ্যপান আদিয়েও টেল’মিৰৰ দৈৰ্ঘ্য কম কৰি বাৰ্ধক্য আনিব পাৰে। এতিয়া মূল কাম হ’ল এই প্ৰ'টিনইটোৰ গতিবিধি বন্ধ কৰিব পৰাটো। গৱেষকসকলে দাবী কৰিছে যে ইয়াৰ ফলত বয়সৰ লগত জড়িত ৰোগসমূহো ৰোধ হৈ পৰিব। 

বিঃদ্ৰঃ এই সন্দৰ্ভত বিজ্ঞানীৰে পাৰম্ভিক গৱেষণা আৰম্ভ কৰিছেহে। কিন্তু সম্পূৰ্ণ সফলতা কেতিয়া আহিব তাৰ কোনো সঠিক উত্তৰ কাৰো হাতত নাই। সংবাদ প্ৰতিষ্ঠান 'আনন্দবজাৰপত্ৰিকা'ৰ আলম লৈ এই প্ৰতিবেদন যুগুত কৰা হৈছে।