Assameseবাংলাদেশী বজৰংগী ভাইজানৰ সহায়ত ভাৰতলৈ উভতিল ৰামদেৱ মাহাতো!২০১৮ চনৰ ৩০ নৱেম্বৰৰ কথা। ভাৰত-বাংলাদেশৰ চপাইনাবাবগঞ্জ সীমান্তৰে বাংলাদেশত অবৈধভাৱে প্ৰৱেশ কৰিছিল এজন ভাৰতীয় লোকে। অবৈধভাৱে বাংলাদেশ প্ৰৱেশৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ভাৰতীয় ৰামদেৱ মাহাতো।Jyotiprasad Sarma Sep 18, 2025 22:56 ISTFile Photoবাংলাদেশী বজৰংগী ভাইজানৰ সহায়ত ভাৰতলৈ উভতিল ৰামদেৱ!২০১৮ চনৰ ৩০ নৱেম্বৰৰ কথা। ভাৰত-বাংলাদেশৰ চপাইনাবাবগঞ্জ সীমান্তৰে বাংলাদেশত অবৈধভাৱে প্ৰৱেশ কৰিছিল এজন ভাৰতীয় লোকে। অবৈধভাৱে বাংলাদেশ প্ৰৱেশৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ভাৰতীয় ৰামদেৱ মাহাতো। আদালতে ৰামদেৱক বিহিছিল ৬ মাহৰ কাৰাদণ্ড। ২০১৯ চনৰ ২৯ মে’ত ছমাহৰ কাৰাদণ্ডৰ অন্ত পৰিছিল ৰামদেৱ মাহাতোৰ। কাৰাদণ্ড শেষ হোৱাৰ পিছত কাৰাগাৰ কৰ্তৃপক্ষই তেওঁক ভাৰতলৈ পঠাবলৈ চেষ্টা কৰিছিল। কিন্তু সঠিক ঠিকনা আৰু নথি-পত্ৰৰ অভাৱৰ বাবে কাৰাগাৰতে থাকিবলগীয়া হৈছিল। সেয়ে ভাৰতীয় নাগৰিক ৰামদেৱ মহতোৱে ৬ বছৰৰো অধিক সময় কাৰাগৰাতে থাকিবলগীয়া হৈছিল। Advertismentদীৰ্ঘদিন ধৰি বাংলাদেশত বন্দী হৈ থকা ৬০ বছৰীয়া ৰামদেৱ মাহাতো অৱশেষত নিজ দেশলৈ উভতি আহিবলৈ সক্ষম হয়। সোমবাৰে ৰামদেৱ মাহাতো দীৰ্ঘদিনৰ মূৰত নিজ দেশলৈ উভতি আহে। বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ মাঝুৰিয়া থানাৰ অন্তৰ্গত গুদৰা গাঁৱৰ বাসিন্দা ৰামদেৱ মাহাতো। বাংলাদেশৰ সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী ছামছুল হুদাৰ সহযোগত তেওঁ নিজ দেশলৈ উভতি আহিছে। বাংলাদেশত বন্দী বিদেশীক নিজ দেশলৈ প্ৰেৰণৰ বাবে কাম কৰি আহিছে এইগৰাকী সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী ছামছুল হুদাই। এই কামৰ বাবে বাংলাদেশৰ বজৰংগী ভাইজান হিচাপে পৰিচিত ছামছুল হুদা। ১৫ ছেপ্টম্বৰৰ দুপৰীয়া সোণামছজিদ স্থল বন্দৰত ৰামদেৱ মাহাতোক ভাৰতীয় কৰ্তৃপক্ষক গতাই দিয়ে বাংলাদেশ প্ৰশাসনে। সীমান্তৰক্ষী বাংলাদেশ (বিজিবি), ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ), ৰামদেৱ মাহাতোৰ পুত্ৰ সুনীল মাহাতো, গাঁও পঞ্চায়তৰ মুৰব্বী, দুয়োখন দেশৰ আৰক্ষী বিষয়া, কাৰাগাৰ প্ৰতিনিধিৰ উপস্থিতিত তেওঁক ভাৰতীয় কৰ্তৃপক্ষক গতাই দিয়ে। সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী ছামছুল হুদাই কয় যে, যোৱা বছৰৰ অক্টোবৰ মাহত ৰামদেৱৰ গোচৰৰ বিষয়ে জানিব পাৰি তেওঁ ডিজিটেল মাধ্যমেৰে পৰিচয় বিচাৰি উলিয়াই ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তক অৱগত কৰিছিল। ফটোৰ জৰিয়তে পৰিয়ালৰ সত্যাসত্য নিৰূপণ কৰাৰ পাছত ওলাই পৰে ৰামদেৱ মাহাতোৰ পৰিচয়, ঠিকনা। হুদাই আৰু কয় যে, এজন ব্যক্তিয়ে পৰিয়ালৰ পৰা পৃথক হৈ শাস্তি সম্পূৰ্ণ কৰাৰ পিছতো ৬ বছৰতকৈ অধিক সময় কাৰাগাৰত থকাটো অত্যন্ত অমানৱীয়। মানৱীয় চিন্তাৰ বাবে বিগত ৪ বছৰত তেওঁ বাংলাদেশৰ কাৰাগাৰৰ পৰা ১০ৰ পৰা ১২জন ভাৰতীয় নাগৰিকক ঘূৰাই পঠিওৱাত সহায় কৰিছে আৰু লগতে চাৰিগৰাকী সৰবৰাহ কৰা বাংলাদেশী মহিলাক ঘৰলৈ উভতি অহাত সহায় কৰিছে। Read the Next Article