Advertisment

আমেৰিকাৰ সহায়ত ইৰানৰ তৈল ভাণ্ডাৰত আক্ৰমণ ইজৰাইলৰ

ইৰানৰ সৈতে ইজৰাইল-আমেৰিকাৰ চলিয়েই আছে আক্ৰমণ-প্ৰত্যাক্ৰমণ। আমেৰিকাৰ সহায়ত ইৰানৰ তৈল ভাণ্ডাৰত আক্ৰমণ ইজৰাইলৰ। ইৰানৰ তৈল ভাণ্ডাৰত ইটোৰ পিছত সিটো বোমা বৰ্ষণ । ইজৰাইল-আমেৰিকাই কৰা আক্ৰমণত ধ্বংস ইৰানৰ বিশাল তৈল ভাণ্ডাৰ।

আমেৰিকাৰ সহায়ত ইৰানৰ তৈল ভাণ্ডাৰত আক্ৰমণ ইজৰাইলৰ

ইৰানৰ সৈতে ইজৰাইল-আমেৰিকাৰ চলিয়েই আছে আক্ৰমণ-প্ৰত্যাক্ৰমণ। আমেৰিকাৰ সহায়ত ইৰানৰ তৈল ভাণ্ডাৰত আক্ৰমণ ইজৰাইলৰ। ইৰানৰ তৈল ভাণ্ডাৰত ইটোৰ পিছত সিটো বোমা বৰ্ষণ । ইজৰাইল-আমেৰিকাই কৰা আক্ৰমণত ধ্বংস ইৰানৰ বিশাল তৈল ভাণ্ডাৰ। ইৰানৰ ৩০ বিশাল তৈল ভাণ্ডাৰ ধ্বংস কৰিলে ইজৰাইল-আমেৰিকাই। দক্ষিণ তেহৰানৰ বিশাল তণ্ডগৌৱান ৰিফাইনেৰী তচনচ কৰিলে ইজৰাইল- আমেৰিকাই। ইজৰাইল-আমেৰিকাৰ মিছাইল আক্ৰমণত তেহৰানত ইৰানৰ ২০ নাগৰিকৰ মৃত্যুৰ খবৰ। ইৰানেও দিছে ইজৰাইল-আমেৰিকাই কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ। ইজৰাইল-আমেৰিকাক প্ৰত্যুত্তৰ দিবলৈ গৈ পুনৰ ডুবাইত ভয়ংকৰ আক্ৰমণ ইৰানৰ। ডুবাইত ইৰানে ড্ৰোনেৰে আক্ৰমণ কৰাত এজনৰ মৃত্যুৰ খবৰ। প্ৰথমবাৰৰ বাবে তেহৰানৰ তৈল ভাণ্ডাৰত আৰু শোধন কেন্দ্ৰসমূহক লক্ষ্য কৰি ললে ইজৰাইলে। আমেৰিকাৰ সহায়ত ইজৰাইলে সমগ্ৰ ৰাজধানীত বৃহৎ আক্ৰমণ কৰিছে। এই আক্ৰমণৰ পিছত  ইৰানৰ ৰাজধানীত কেৱল দেখিবলৈ পোৱা গৈছে  জুই আৰু ক'লা ধোঁৱা । 

Advertisment

 উত্তেজনাৰ অব্যাহত থকাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান তীব্ৰতৰ কৰি তুলে। আনহাতে  সংঘাতত নিহত আমেৰিকান সৈন্যকক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কথাও উল্লেখ কৰে। তথ্য অনুসৰি, এই যুদ্ধত ইৰানত কমেও ১২৩০ জন, লেবাননত ২০০ৰো অধিক লোক, ইজৰাইলত ১১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬ আমেৰিকান সেনাৰে মৃত্যু হৈছে। ইৰানে নিঃৰ্চত আত্মসমৰ্পণ কৰক বুলি দাবী ড’নাল্ড ট্ৰাম্পৰ।  নহ’লে কোনো ৰক্ষা নাই । এনেধৰণৰ হুংকাৰ  ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। আমি ইৰান নেতৃত্বক নিঃশেষ কৰিছো। আমাৰ আক্ৰমণ অব্যাহত থাকিব হুংকাৰ ট্ৰাম্পৰ। 

আনহাতে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে প্ৰতিবেশী দেশসমূহক আক্ৰমণ নকৰাৰ সিদ্ধান্ত লোৱাৰ লগতে  ক্ষমা-প্ৰাৰ্থনা বিচাৰিছিল। কিন্তু এই আশ্বাসৰ পিছটো ইৰানে আক্ৰমণ কৰা বুলি খবৰ লাভ কৰা হৈছে। 

Advertisment
Advertisment