Advertisment

ছাৰ, 'মোৰ পিঠিৰ বিষৰ বাবে অফিচ আহিব নোৱাৰিম' ছুটীৰ বাবে মেছেজ পঠোৱাৰ ১০ মিনিট পিছতেই মৃতূু

সময় তেতিয়া পুৱা ৮.৩৭ মিনিট হৈছিল। প্ৰচণ্ড পিঠিৰ বিষৰ বাবে অফিচ যাব নোৱাৰিব বুলি শীৰ্ষ বিষয়ালৈ মেছেজ কৰিছিল শংকৰ নামৰ এজন ব্যক্তিয়ে। আৰু ছুটী বিচাৰি কৰা সেই মেছেজটোৰ পিছতেই হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে শংকৰ।

 ১০ মিনিট পূৰ্বে ছুটী বিচাৰি মেচেজ  কৰা শংকৰ গুচি গ'ল চিৰদিনলৈ Photograph: (File photo)
১০ মিনিট পূৰ্বে ছুটী বিচাৰি মেচেজ  কৰা শংকৰ গুচি গ'ল চিৰদিনলৈ Photograph: (File photo)

জীৱন কচু পাতৰ পানী! এজন কৰ্মচাৰীৰ কৰুণ কাহিনী...

সময় তেতিয়া পুৱা ৮.৩৭ মিনিট হৈছিল। প্ৰচণ্ড পিঠিৰ বিষৰ বাবে অফিচ যাব নোৱাৰিব বুলি শীৰ্ষ বিষয়ালৈ মেছেজ কৰিছিল শংকৰ নামৰ এজন ব্যক্তিয়ে। ছুটী বিচাৰি কৰা সেই মেছেজটোৰ পিছতেই হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে শংকৰ। সহকৰ্মীৰ মৃত্যুৰ খবৰে হতবাক তথা ব্যৰ্থিত কৰি তোলে মেছেজ কৰি শংকৰে ছুটী বিচৰা বিষয়া কে ভি আয়ৰক। 

Advertisment

এই ঘটনাই প্ৰমাণ কৰে যে জীৱনৰ কোনো ভৰসা নাই, এই জীৱন ক্ষণিকৰ মায়া মাথোঁ। জীৱনে কেতিয়া মানুহক বিশ্বাসঘাতকতা কৰে তাৰ স্থিৰতা নাই। মানুহ আজীৱন জী থাকিব বুলি কোৱাটোও টান। জীৱনে কেতিয়া কাক এৰি থৈ যায়, তাৰো কোনো উত্তৰ যেন কাৰো হাতত নাই। এনে এক ঘটনাকে কেন্দ্ৰ কৰি সামাজিক মাধামত ভাইৰেল হৈ পৰিছে এটা পোষ্ট। যিটো পোষ্টে সামাজিক মাধ্যম ব্যৱহাৰকাৰীক আচম্বিত কৰাৰ লগতে কৰি তুলিছে আৱেগিক।

অসুস্থতাৰ ছুটী বিচাৰি মেছেজ পঠোৱাৰ মাত্ৰ ১০ মিনিটৰ পিছতে শংকৰ নামৰ এজন ৪০ বছৰীয়া সুস্থ কৰ্মীয়ে নিমিষতে হাৰ্ট এটেকত প্ৰাণ হেৰুৱায়। মাত্ৰ ১০ মিনিটৰ আগত ছুটী বিচাৰি শীৰ্ষ বিষয়াক জনাইছিল আবেদন। যে অসুস্থতাৰ বাবে মোক ছুটীৰ প্ৰয়োজন, মোক আৰামৰ প্ৰয়োজন। কেভি আয়াৰ নামৰ এজন লোকে X হেন্দেলত এই হৃদয়বিদাৰক ঘটনা প্ৰকাশ কৰাত সকলোৱে মাজত চলিছে ব্যাপক চৰ্চা, প্ৰকাশ কৰিছে শোক। 

কেভি আয়াৰে সামাজিক মাধ্যমত লিখা অনুসৰি, ‘মোৰ এজন সহকৰ্মী শংকৰে পুৱা ৮:৩৭ বজাত মোলৈ মেছেজ পঠিয়াইছিল- ‘ছাৰ, পিঠিৰ প্ৰচণ্ড বিষৰ বাবে মই আজি অফিচ আহিব নোৱাৰিম। প্লীজ মোক ছুটী দিয়ক।’ এনেদৰে ছুটী বিচাৰি কৰা মেছেজ সাধাৰণ কথা, গতিকে মই উত্তৰ দিলোঁ, ‘Ok, Take rest।’ আৰু দিনটো স্বাভাৱিকভাৱেই চলি গ’ল।”

Advertisment

https://x.com/BanCheneProduct/status/1966772730541515115?t=CBai7H_-aacxvaGF30v6GQ&s=19

তাৰপিছত আয়াৰে পোষ্টটোত উল্লেখ কৰে যে, ‘পুৱা ১১ বজাত মোলৈ এটা ফোন আহিল, যিটোৱে মোক সম্পূৰ্ণৰূপে স্তব্ধ কৰি পেলালে। ফোন কৰাজনে মোক ক’লে যে শংকৰ আৰু নাই’। প্ৰথম অৱস্থাত মই বিশ্বাস কৰা নাছিলো আৰু মই আন এজন সহকৰ্মীক ফোন কৰি কথাটো নিশ্চিত কৰিবলৈ আৰু লগতে তেওঁৰ ঘৰৰ ঠিকনাটো লৈ লৰালৰিকৈ তেওঁ ঘৰলৈ গ’লো। He Was NO MORE. শংকৰৰ হৃদক্ৰিয়া বন্ধ  হৈ মৃত্যু হৈছিল। মোক হতবাক কৰা কথাটো আছিল তেওঁ মোক পুৱা ৮.৩৭ বজাত ছুটীৰ বাবে মেছেজ কৰিলে আৰু তেওঁ পুৱা ৮.৪৭ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল। এজন মানুহ যিজনে সচেতন হৈ থকাৰ সময়ত, শেষ উশাহ লোৱাৰ ১০ মিনিট আগতে মোক মেছেজ কৰে সেই কথাই মোক সম্পূৰ্ণ স্তম্ভিত কৰি তোলে।  আয়াৰে শেষত লিখে- ‘’জীৱনটো একেবাৰে অকল্পনীয়’’। আপোনাৰ চৌপাশৰ মানুহৰ প্ৰতি দয়ালু হওক আৰু জীৱনটো স্থায়ী হোৱালৈকে সুখেৰে জীয়াই থাকিব, কাৰণ আপুনি কেতিয়াও নাজানে যে পৰৱৰ্তী মিনিটত আপোনাৰ লগত কি হ’ব।

Advertisment
Advertisment