Assameseলালবাগচা ৰাজাৰ বিসৰ্জনৰ সময়ত ১০০তকৈয়ো অধিক মোবাইল, সোণৰ চেইন চুৰিৰ ঘটনালালবাগছা ৰাজাক নৱসাচা গণপতি বুলিও জনা যায় যাৰ অৰ্থ হৈছে "সকলো ইচ্ছা পূৰণ কৰাজন"। লালবাগছা ৰাজাৰ বিসৰ্জনৰ ভিৰৰ সুূবিধা সৈ একাংশ অসাধু লোকে চুৰিকাৰ্য্য সংঘটিত কৰে।Anindita Kataki Sep 08, 2025 14:38 ISTলালবাগছা ৰাজাৰ বিসৰ্জনৰ সময়ত ১০০ত কৈয়ো অধিক মোবাইল, সোণৰ চেইন চুৰিৰ ঘটনা Photograph: (FILE PHOTO)মুম্বাইৰ আটাইতকৈ বিখ্যাত গণোৎসৱ লালবাগচা ৰাজাৰ বিসৰ্জনত লাখ লাখ ভক্তৰ সমাগম হয়। লালবাগচা ৰাজাক বিদায় দিবলৈ মুম্বাইৰ ৰাজপথত প্ৰত্যেক বছৰেই অসংখ্য ভক্তৰ ভিৰ পৰিলক্ষিত হয়। । Advertismentলালবাগছা ৰাজা হৈছে ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ মুম্বাইৰ এটা স্থানীয় অঞ্চল লালবাগত গণেশ চতুৰ্থী উৎসৱৰ সময়ত ৰখা সাৰ্বজনিক (ৰাজহুৱা) গণেশ মূৰ্তি । লালবাগছা ৰাজাক ভক্তসকলকৰ বাবে গণেশ চতুৰ্থীৰ দিনটোৰ পৰা ১১ দিনৰ বাবে দৰ্শনৰ বাবে ৰখা হয় আৰু ইয়াৰ পিছত অনন্ত চতুৰ্দশী (গণপতি বিসৰ্জন) ৰ দিনা গিৰগাঁও চৌপাটীত লালবাগছা ৰাজাক আৰব সাগৰত বিসৰ্জন দিয়া হয়।গণেশৰ এই মূৰ্তিটো, নৱসাচা গণপতি বুলিও জনা যায় যাৰ অৰ্থ হৈছে "সকলো ইচ্ছা পূৰণ কৰাজন" বুলি বিশ্বাস কৰা হয়। লালবাগছা ৰাজাৰ দৰ্শনৰ বাবে প্ৰত্যক বছৰেই লাখ-লাখ ভক্তৰ ভিৰ পৰিলক্ষিত হোৱা দেখা যায়। ২০২৫ চনত লালবাগছা ৰাজাৰ পূজাই ৯২ বছৰত ভৰি দিছে । লালবাগছা ৰাজাৰ বিসৰ্জনৰ সময়ত এইবাৰো লাখ লাখ ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছিল।ভক্তৰ ভিৰৰ সুযোগ লৈয়ে একাংশ অসাধু লোকে চুৰি কাৰ্য সংঘটিত কৰে। আৰক্ষীৰ তথ্য অনুসৰি এইবছৰ গণপতি বিসৰ্জনৰ সুবিধা লৈ ১০০তকৈয়ে অধিক মোবাইল ফোন চুৰিৰ ঘটনা সংঘটিত হয়।কালাচৌকি পুলিচ ষ্টেচনৰ বাহিৰত চুৰি ঘটনাৰ গোচৰ ৰুজু কৰিবলৈ ভক্তৰ ভিৰ পৰিলক্ষিত হয়। এইপৰ্যন্ত গোচৰৰ ভিত্তিত চাৰিটাকৈ ফোন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে লগতে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মোবাইল চুৰিৰ লগতে সোণৰ চেইন চুৰিৰো ঘটনাক লৈ কেইবাটাও গোচৰ ৰুজু হয়। এইপৰ্যন্ত আৰক্ষীৰ তথ্যমতে সোণৰ চেইন চুৰিৰ ঘটনা সন্দৰ্ভত ৭টাকৈ গোচৰ ৰুজু হৈছে। দুডালকৈ সোণৰ চেইন উদ্ধাৰ কৰে আৰক্ষীয়ে আৰু ১২জনকৈ অভিযুক্তক ঘটনাৰ তদন্তৰ বাবে নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে। Read the Next Article