Assameseঅসম নহয়, উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ'ল নাগালেণ্ড। কিন্তু কোন ক্ষেত্ৰত?অসম নহয়, উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ'ল নাগালেণ্ড। কিন্তু কোন ক্ষেত্ৰত? পিএম গতিশক্তি আঁচনিৰ অধীনত ULIP অৰ্থাৎ ইউনিফাইড লজিষ্টিক ইন্টাৰফেচ প্লেটফৰ্ম একত্ৰিত কৰা উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে নাগালেণ্ড। Naba Gogoi Sep 11, 2025 19:59 ISTPhotograph: (INTERNET)অসম নহয়, উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ'ল নাগালেণ্ড। কিন্তু কোন ক্ষেত্ৰত? এই প্ৰশ্ন হয়তো আপোনাৰো মনত উত্থাপন হৈছে।Advertismentপিএম গতিশক্তি আঁচনিৰ অধীনত ULIP অৰ্থাৎ ইউনিফাইড লজিষ্টিক ইন্টাৰফেচ প্লেটফৰ্ম একত্ৰিত কৰা উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে নাগালেণ্ড। ইউনিফাইড লজিষ্টিক ইন্টাৰফেচ প্লেটফৰ্মত একত্ৰিত কৰা কথা উল্লেখ কৰে নাগালেণ্ডৰ Director of Industries & Commerce, P. Tokugha Semaই। ১০ ছেপ্তেম্বৰত ৰাজ্যখনৰ কহিমাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই কথা ব্যক্ত কৰে ছেমাই। ছেমাৰ মতে এই ডিজিটেল মঞ্চই যোগান ব্যৱস্থাত দেখা দিয়া বাধা হ্ৰাস কৰিব আৰু ব্যৱসায়-বাণিজ্যিত সহায় কৰিব। কেৱল ইমানেই নহয় ইয়াৰ দ্বাৰা বিশেষকৈ নষ্ট হ’বলৈ ধৰা সামগ্ৰীৰ পৰিবহণত সু-ব্যৱস্থা, লগতে দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱা, আৰু উৎপাদন খণ্ডৰ বৃদ্ধিত উপকৃত কৰিব।ইফালে উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব কুমাৰ ৰমনীকান্তই উদ্বোধনী ভাষণত ডিজিটেল ৰূপান্তৰ আৰু সহযোগিতামূলক বিষয়ক লৈও গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ULIP-এ নাগালেণ্ডৰ উৎপাদন আৰু উৎপাদকসকলে সন্মুখীন হোৱা সামগ্ৰীৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাত সহায়ক হ'ব। সমান্তৰালকৈ ৰমনীকান্তই উল্লেখ কৰে যে ULIP আৰু অন্যান্য IT আৰু AI সঁজুলিয়ে নাগালেণ্ডৰ জৈৱিক কৃষিজাত সামগ্ৰী, হস্ততাঁত, আৰু হস্তশিল্পৰ বজাৰ বিশ্ব বাণিজ্যলৈ সম্প্ৰসাৰণ কৰিব। যাৰ ফলত মধ্যস্থতাকাৰী অবিহনে কৃষক আৰু গ্ৰাহকৰ মাজত প্ৰত্যক্ষ সংযোগ সম্ভৱ হৈ উঠিব। ইয়াৰ লগতে তেখেতে স্বীকাৰ কৰে যে এক্ট ইষ্ট পলিচি আৰু ইষ্ট এছিয়া হাইৱে'ৰ প্ৰাসংগিকতা। যিয়ে নাগালেণ্ডৰ বাবে বিশেষকৈ ম্যানমাৰৰ দৰে চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সুযোগ মুকলি কৰিব পাৰে। সমান্তৰালকৈ ৰমনীকান্তই ষ্টাৰ্টআপসমূহক উদ্ভাৱনৰ নেতৃত্ব দিবলৈ আহ্বান জনাই কয় যে নাগালেণ্ডৰ অবিহনে বিকশিত ভাৰত ২০২৭ৰ দৃষ্টিভংগী অসম্পূৰ্ণ হ’ব।NLDSLৰ মুখ্য পৰিচালন বিষয়া অৰবিন্দ দেৱৰাজে ULIPৰ এক আভাস দাঙি ধৰি ব্যাখ্যা কৰে যে ইয়াত NICDIT আৰু জাপানৰ NEC কৰ্প’ৰেশ্যনৰ যৌথ উদ্যোগত NICDC লজিষ্টিক ডাটা চাৰ্ভিছ লিমিটেডে কাম কৰে। লগতে তেখেতে দাবী কৰে যে ULIPয়ে বিভিন্ন মন্ত্ৰালয়ৰ তথ্যসমূহ একত্ৰিত কৰি পৰ্যবেক্ষণৰ অন্তত স্বচ্ছতা আনে আৰু সমগ্ৰ ভাৰতৰ লজিষ্টিক খণ্ডৰ যিসকল অংশীদাৰ সকলোকে সামৰি উত্কৰ্ষ সাধনৰ বাবে কাম কৰে। Read the Next Article