Assameseপিতৃ পক্ষত কেইটামান বিশেষ নিয়ম পালন কৰিলে জীৱনলৈ আহিব পাৰে সৌভাগ্য!বহু লোকে বিশ্বাস কৰে যে, পূৰ্বপুৰুষসকল যদি কিবা কাৰণত ক্ষুন্ন হয়, তেন্তে আমাৰ জীৱনলৈ ডাঙৰ দুৰ্ভাগ্য নামি আহিব পাৰে।। আমাৰ জীৱনৰ পৰা সুখ নোহোৱা হৈ যোৱাৰ লগতে আৰ্থিক অসুবিধাৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। Anindita Kataki Sep 07, 2025 14:59 ISTপিতৃ পক্ষত কেইটামান বিশেষ নিয়ম পালন কৰিলে জীৱনলৈ আহিব পাৰে সৌভাগ্য! Photograph: (file image)প্ৰতিবছৰে ভাদ মাহৰ পূৰ্ণিমা তিথিৰ পৰা আৰম্ভ হয় পিতৃ পক্ষ আৰু আহিন মাহৰ অমৱস্যাত শেষ হয় পিতৃ পক্ষৰ তিথি। এই ১৫ দিন পূৰ্বপুৰুষক স্মৰণ কৰি পিতৃ পক্ষ পালন কৰা হয়। ইয়াৰ পিছতেই আৰম্ভ হয় দেৱী পক্ষ।Advertismentএইবছৰ ৮ ছেপ্টেম্বৰৰ পৰা অর্থাৎ আজিৰে পৰা পিতৃ পক্ষ আৰম্ভ হৈছে। লোকবিশ্বাসমতে, পিতৃ পক্ষত মৰ্ত্যলৈ নামি আহে পূৰ্বপুৰুষসকল। আৰু পূৰ্বপুৰুষসকল সন্তুষ্ট কৰিবলৈ ভাৰতৰ ভিন্ন প্ৰান্ত বিভিন্ন নিয়মেৰে কিছু নীতি-নিয়ম পালন কৰা হয়। বহু লোকে বিশ্বাস কৰে যে, পূৰ্বপুৰুষসকল যদি কিবা কাৰণত ক্ষুণ্ণ হয়, তেন্তে আমাৰ জীৱনলৈ ডাঙৰ দুৰ্ভাগ্য নামি আহিব পাৰে।।আমাৰ জীৱনৰ পৰা সুখ নোহোৱা হৈ যোৱাৰ লগতে আৰ্থিক অসুবিধাৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। বেমাৰেও আমাক লগ নেৰা হ'ব পাৰে বুলি একাংশই বিশ্বাস কৰে। অৱশ্য পূৰ্বপুৰুষক সন্তুষ্ট কৰিবলৈ শাস্ত্ৰত বিভিন্ন উপায়ৰ বিষয়ে উল্লেখ আছে। বহুতে ঘৰত ভূত চতুৰ্দশীৰ দিনা পূৰ্বপুৰুষৰ বাবে ঘৰৰ বিভিন্ন ঠাইত বন্তি জ্বলোৱাৰ পৰম্পৰা আছে। এই সময়ত ঘৰৰ কিছুমান বিশেষ ঠাইত বন্তি জ্বলাই পূৰ্বপুৰুষক সন্তুষ্ট কৰিব পাৰি বুলি শাস্ত্ৰত উল্লেখ আছে। কি কি নিয়ম পালন কৰি পূৰ্বপুৰুষক সন্তুষ্ট কৰিব পাৰি, তলত কেইটামান নিয়ম উল্লেখ কৰা হ'লপ্ৰতিদিনে সন্ধিয়া ঘৰৰ দক্ষিণ দিশত বন্তি জ্বলালে পূৰ্বপুৰুষসকল সন্তুষ্ট হয় বুলি বহুলোকে বিশ্বাস কৰেপিতৃ পক্ষৰ সময়ত প্ৰতিদিনে সন্ধিয়া ঘৰৰ মূল দুৱাৰৰ সন্মুখত বন্তি জ্বলাব পাৰিএই ১৫ দিনৰ ভিতৰত পূৰ্বপুৰুষ সকলৰ ফটোৰ সন্মুখত প্ৰদীপ জ্বলালে ভালঘৰৰ দক্ষিণ দিশৰ লগতে ঘৰৰ উত্তৰ-পূব কোণতো বন্তি জ্বলালে পূৰ্বপুৰুষসকল সন্তুষ্ট হয়পূৰ্বপুৰুষক সন্তুষ্ট কৰিবলৈ পিতৃ পক্ষৰ তিথিত কাউৰীক খাদ্য খোৱালেও সুফল পোৱা যায় বুলি কোৱা যায়দুখীয়া দৰিদ্ৰক দান কৰিলেও পূৰ্বপুৰুষৰ দোষৰ মুক্ত হোৱা যায়আঁহত গছৰ তলত তিল বা মিঠাতেলৰ চাকি জ্বলালেও সুফল লাভ কৰা যায়ব্ৰহ্ম ভোজন কৰালেও পূৰ্বপুৰুষ সকল সন্তুষ্ট হয়। Read the Next Article