Advertisment

GMCHত সম্পন্ন জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা

GMCHত দ্বিতীয়বাৰৰ বাবে সম্পন্ন হয় হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা৷ AIIMSৰ চিকিৎসকৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয় অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ। কিছু সময় পাছত সোনাপুৰৰ কমাৰকুছিত পঞ্চভূতত বিলীন হৈ যাব জুবিন গাৰ্গৰ নশ্বৰদেহ। 

 FILEPHOTO
FILEPHOTO

GMCHত সম্পন্ন জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা 

GMCHত দ্বিতীয়বাৰৰ বাবে সম্পন্ন হয় হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা৷ AIIMSৰ চিকিৎসকৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয় অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ। মৰণোত্তৰ পৰীক্ষাৰ পিছতে জুবিন গাৰ্গক লৈ যোৱা হ'ল সৰুসজাইলৈ। সৰুসজাইৰ পৰাই সোনাপুৰলৈ লৈ যোৱা হ'ব জুবিন গাৰ্গক। সোনাপুৰৰ কমাৰকুছিত পঞ্চভূতত বিলীন হৈ যাব জুবিন গাৰ্গৰ নশ্বৰদেহ। 

Advertisment

১৯ ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোত দ্বীপ ৰাষ্ট্ৰ ছিংগাপুৰত অকাল মৃত্যুক সাৱতি লৈছিল আমাৰ হেঁপাহৰ জুবিন গাৰ্গে। ছিংগাপুৰৰ সাগৰত সাঁতুৰি থাকোঁতেই জুবিন গাৰ্গৰ স্বাস্থ্য অৱনতি ঘটিছিল আৰু ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হৈছিল যদিও সকলো চেষ্টাকে বিফল কৰি কোনোদিন উভতি নহা বাটেৰে গুছি গৈছিল হাৰ্টথ্ৰৱ।

সময় বাগৰাৰ লগে লগে সোমবাৰৰ দিনটোত অসমৰ জনসাধাৰণে জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ দাবী কৰিছিল। লাহে লাহে এই দাবী সামাজিক মাধ্যমত ট্ৰেণ্ডত পৰিণত হয়। তাৰ পিছতেই গুৱাহাটীৰ লোকসেৱা ভৱনত সোমবাৰে সন্ধিয়া সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে কিছু লোকে গুৱাহাটীত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ দাবী উত্থাপন কৰিছে। তেওঁ ব্যক্তিগতভাৱে এই দাবীৰ বিৰোধী আছিল যদিও জনসাধাৰণৰ দাবীৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত লোৱা হৈছে ।

আজি পুৱতি নিশা ২.৫৮ বজাত মৰণোত্তৰ পৰীক্ষাৰ বাবে জুবিন গাৰ্গৰ নশ্বৰদেহ লৈ যোৱা হয় GMCHলৈ। মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰেৰণ কৰা হয় জুবিন গাৰ্গৰ নশ্বৰদেহ। GMCHত সম্পন্ন হয় জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। মৰণোত্তৰ পৰীক্ষাৰ অন্তত অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক পুনৰ লৈ যোৱা হয় সৰুসজাইলৈ। সৰুসজাইৰ পৰাই কিছু সময়ৰ পাছতেই সোণাপুৰৰ কমাৰকুছিলৈ আৰম্ভ হ’ব হাৰ্টথ্ৰৱৰ শেষ যাত্ৰা ৷

উল্লেখ্য যে সোণাপুৰৰ কমাৰকুছি গাঁৱৰ নিৰ্ধাৰিত স্থানত সম্পন্ন কৰা হ’ব অসমৰ হিয়াৰ আমঠুগৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া ৷ ইতিমধ্যেই সোণাপুৰত প্ৰশাসনৰ তৰফৰ পৰা সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে৷ সাজু কৰা হৈছে ৰঙা চন্দন কাঠ৷ সাজু হৈছে পুৰোহিতো৷ ভগ্নী পামি বৰঠাকুৰে জুবিন গাৰ্গৰ মুখাগ্নি কৰিব। এই সময়ছোৱাত ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে পামি বৰঠাকুৰক সহযোগিতা কৰিব। এতিয়া মাত্ৰ কেইটামান মূহূৰ্ত৷ তাৰ পাছতেই চিৰনিদ্ৰাত ঢলি পৰিব অসমৰ সংগীতজগতৰ ৰজা, হাৰ্টথ্ৰৱ, অসমীয়াৰ প্ৰাণৰ আপোন জুবিন গাৰ্গ৷