Advertisment

ৱাকফক লৈ ডাঙৰ নিৰ্দেশনা। মুছলমানৰ পক্ষত নে বিপক্ষে ক'লে SCয়ে?

ৱাকফ সংশোধনী আইনক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তী নিৰ্দেশনা কি? উচচতম ন্যায়ালয়ে ২০২৫ চনৰ ৱাকফ (সংশোধনী) আইনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানিত কি কি স্থগিতাদেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে। অৱশ্যে চূড়ান্ত নহয় এই অন্তৱৰ্তীকালীন আদেশ।

 ৱাকফক লৈ অন্তৱৰ্তী নিৰ্দেশনা SCৰ Photograph: (FILE)
ৱাকফক লৈ অন্তৱৰ্তী নিৰ্দেশনা SCৰ Photograph: (FILE)

ৱাকফ আইন (স)ক লৈ ডাঙৰ নিৰ্দেশনা। মুছলমানৰ পক্ষত নে বিপক্ষত ক'লে SCয়ে?

লাখ লাখ মুছলমানৰ প্ৰতিবাদৰ অন্ততো ৮ এপ্ৰিলত গৃহীত হৈছিল ৱাকফ সংশোধনী আইন। যি আইন মানি ল'বলৈ বিচৰা নাছিল দেশৰ মুছলমানে। সৰৱ হৈছিল কেইবাটাও সংখ্যালঘু সংগঠন। অৱশ্যে আজিও দেশৰ মুছলমানে মানি লোৱা নাই সংশোধিত ৱাকফ আইনক। 

Advertisment

ৰাজপথ কঁপাই মুছলমানে কৰা প্ৰতিবাদ হ'ল অসাৰ। ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাত আইনত পৰিণত হয় বিজেপি চৰকাৰে উত্থাপন কৰা ৱাকফ সংশোধনী বিধেয়ক। যি আইনৰ তীব্ৰ বিৰোধিতা আজিও কৰি আহিছে মুছলমানে। ৰাজপথৰ আন্দোলনত ব্যৰ্থ হোৱাত সংখ্যালঘু সংগঠন দ্বাৰস্থ হয় উচ্চতম ন্যায়ালয়ৰ। ৱাকফ সম্পত্তি ৰক্ষা কৰা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আইনী যুঁজ দিবৰ বাবে সাজু হয় মুছলমান লোক, কিম্বা সংখ্যালঘু দল-সংগঠন। 

আল্লাহৰ বাবে দান কৰা সম্পত্তিয়েই হৈছে ৱাকফ সম্পত্তি। এই সম্পত্তিত কেৱল মাত্ৰ মুছলমানৰহে অধিকাৰ আছে বুলি দাবী কৰি সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিলে মুছলমান পক্ষই। বিগত ২২ মে'ত দেশৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰে। দীৰ্ঘ দিনৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ অন্তত ১৫ ছেপ্টেম্বৰত আহে গোচৰৰ অন্তৱৰ্তী নিৰ্দেশ। 

ন্যায়ালয়ৰ নিৰ্দেশনাক লৈ কি ক'লে অধিবক্তাই?

শীৰ্ষ ন্যায়ালয়ৰ অন্তৱৰ্তী ৰায়ে মুছলমান পক্ষৰ কিছু পৰিমাণে হ'লেও সকাহ প্ৰদান কৰে! মূলত ৱাকফ সংশোধনী আইন বাতিলৰ দাবীৰ লগতে এই আইনত সংযোজিত ধাৰা প্ৰত্যাহাৰৰ দাবীত দাখিল কৰা আৱেদনৰ শুনানিত কিছু সকাহ মুছলমান পক্ষৰ বাবে। 

দৰাচলতে ৱাকফ সংশোধনী আইনক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তী নিৰ্দেশনা কি? উচচতম ন্যায়ালয়ে ২০২৫ চনৰ ৱাকফ (সংশোধনী) আইনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ ওপৰত ৰায়দান দিয়াৰ সমান্তৰালকৈ আইনখনৰ কিছু বিধান স্থগিত ৰাখিছে। 

সংশোধিত ৱাকফ আইনৰ দুটা ধাৰাত স্থগিতাদেশ SCৰ। সংশোধিত আইনত জিলা আয়ুক্তক দিয়া ক্ষমতাতো স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ। ইফালে ইছলামত ৫ বছৰ দিক্ষিত হ'লেহে দান কৰিব পৰা দফাতো স্থগিতাদেশ জাৰি। অৱশ্যে ৱাকফ সংশোধনী আইন বাতিল কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ। 

উল্লেখ্য যে ৱাকফ সম্পত্তি দান কৰিবলৈ ৫ বছৰ পুৰণি ইছলাম গ্ৰহণ কৰা বা মুছলমান হ'ব লাগিব বুলি কৈছিল সংশোধিত নতুন আইনে। উক্ত দফাতো স্থগিতাদেশ জাৰি কৰিলে SCয়ে। আইনৰ Section 3(1)(r) অনুসৰি এজন ব্যক্তিয়ে ৱাকফ দান কৰিবলৈ ৫ বছৰৰ বাবে ইছলাম ধৰ্মাৱলম্বী হ’ব লাগে, সেই ব্যৱস্থাটো স্থগিত ৰখা হ’ব যেতিয়ালৈকে ৰাজ্য চৰকাৰে কোনো ব্যক্তিয়ে ৫ বছৰ বা তাতকৈ অধিক সময় ইছলাম ধৰ্ম পালন কৰি আহিছে নে নাই সেয়া নিশ্চিত কৰাৰ নিয়ম প্ৰণয়ন নকৰে। 


লগতে ৱাকফ ব'ৰ্ডত ১১ সদস্যৰ ভিতৰত ৩-৪ জনতকৈ অধিক অমুছলমান থাকিব নালাগে। নিৰ্দেশ দিয়া হৈছে যে সংশোধিত ৱাকফ আইনৰ ধাৰা ৯ৰ অধীনত গঠিত কেন্দ্ৰীয় ৱাকফ পৰিষদৰ ক্ষেত্ৰত ২২ জনৰ ভিতৰত ৩-৪ জনতকৈ অধিক অমুছলমান সদস্য নাথাকিব। যিমান পাৰি মুছলমান সম্প্ৰদায়ৰ মাজৰ পৰা ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া, লগতে ব'ৰ্ডৰ আন আন সদস্যক নিযুক্তি দিব লাগে। 

যদিও দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আজিৰ তাৰিখত ৱাকফ সংশোধনী আইনক লৈ অন্তৱৰ্তী নিৰ্দেশনা জাৰি কৰিলে কিন্তু এয়া চূড়ান্ত নহয়।