Advertisment

সোপাধৰাৰ সন্দেহত মহিলাৰ সৈতে ভয়ংকৰ ঘটনা

কাছাৰৰ উধাৰবন্দৰ চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা। সোপাধৰাৰ সন্দেহত মহিলাক মাৰপিট একাংশৰ। নগৰ চাহ বাগিচাত মহিলাগৰাকীক আগুৰি ধৰি মাৰপিট কৰে উত্তেজিত লোকে। আহত মহিলাগৰাকী হাইলাকান্দিৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

 সোপাধৰাৰ সন্দেহত মহিলাৰ সৈতে ভয়ংকৰ ঘটনা

সোপাধৰাৰ সন্দেহত মহিলাৰ সৈতে ভয়ংকৰ ঘটনা

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় নাৰী দিৱস। মহিলাৰ সমান অধিকাৰ,  মহিলাৰ বিৰুদ্ধে হিংসা, উৎপীড়ন  ৰোধ তথা নাৰীৰ পৰ্তি সন্মান  আৰু শ্ৰদ্ধা জনোৱাই হৈছে এই দিৱস উদযাপনৰ মুখ্য কাৰণ। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোতে সংঘটিত হৈছে  চাঞ্চল্যকৰ ঘটনা। এগৰাকী মহিলাক সোপাধৰাৰ সন্দেহত মাৰপিট কৰে একাংশ উত্তেজিত লোকে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে  কাছাৰৰ উধাৰবন্দৰ চাহ বাগিচাত। জানিব পৰা মতে এগৰাকী মহিলাই সন্দেহজনক ভাৱে ঘূৰি ফুৰিছিল উদাৰবন্দৰ চাহ বাগিচাক সমীপত। বহু সময় ধৰি মহিলা গৰাকীক লক্ষ্য কৰে আন এগৰাকী মহিলাই। তাৰ পিছতেই সন্দেহ কৰে মহিলাগৰাকী সোপাধৰা বুলি। হঠাতে বিয়পি পৰে এই খবৰ। এই খবৰ লাভ কৰাৰ পিছতেই একাংশ উত্তেজিত লোকে আগুৰি ধৰে আৰু মাৰপিট কৰিবলৈ আৰম্ভ কৰে মহিলাগৰাকীক। এই খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। উত্তেজিত লোকৰ কৱলৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰি আৰক্ষীয়ে লৈ যায় থানালৈ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে। কিন্তু এতিয়া উত্থাপিত হৈছে বহু কেইটা প্ৰশ্ন। কি কাৰণত মহিলাগৰাকী নগৰ চাহ বাগিচাত উপস্থিত হ’ল? তাক লৈ চাঞ্চল্য।  আনহাতে যি সময়ত দেশৰ চৰকাৰে মহিলা সুৰক্ষাৰ ক্ষেত্ৰত নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছ সেই সময়ত এগৰাকী মহিলাক এনদৰে  মাৰপিট কৰিবলৈ ক'ত সাহস পালে একাংশই? এফালে মহিলা গৰাকী হাইলাকান্দি জিলাৰ বাসিন্দা। মহিলা গৰাকীৰ মন্তব্য অনুসৰি পথ পাহৰি বাগিচাত উপস্থিত হৈছিল। এই তথ্য লাভ কৰিছে আৰক্ষীয়ে। 

Advertisment
Advertisment
Advertisment