Advertisment

বিপদত ৰাজধানী দিল্লী! দিল্লীত সন্ত্ৰাসবাদীৰ কূটাঘাতৰ আশংকা।

দিল্লীত সন্ত্ৰাসবাদীৰ কূটাঘাতৰ আশংকা। দিল্লীৰ ধৰ্মীয় স্থান, ঐতিহাসিক ক্ষেত্ৰত কূটাঘাতৰ ভাবুকি। দিল্লীৰ জনতাৰ মাজত দেখিবলৈ পোৱা গৈছে আতংক। পাকিস্তান সমৰ্থিত লস্কৰ-ঈ-তৈবাই তৈয়াৰ কৰিছে বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা।

 বিপদত ৰাজধানী দিল্লী!
বিপদত ৰাজধানী দিল্লী!

 
বিপদত ৰাজধানী দিল্লী!


দিল্লীত সন্ত্ৰাসবাদীৰ কূটাঘাতৰ আশংকা। দিল্লীৰ ধৰ্মীয় স্থান, ঐতিহাসিক ক্ষেত্ৰত কূটাঘাতৰ ভাবুকি। দিল্লীৰ জনতাৰ মাজত দেখিবলৈ পোৱা গৈছে আতংক। পাকিস্তান সমৰ্থিত লস্কৰ-ঈ-তৈবাই তৈয়াৰ কৰিছে বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা। লালকিল্লাৰ আশে-পাশে থকা অঞ্চলত বিস্ফোৰণ ঘটোৱাৰ তথ্য লাভ চোৰাংচোৱাৰ। চান্দনী চ’কৰ কিছু অংশকো লস্কৰ-ঈ-তৈবাই টাৰ্গেট কৰাৰ তথ্য চোৰাংচোৱাৰ। চান্দনী চ’ক অঞ্চলৰ এটা মন্দিৰত বিস্ফোৰণ ঘটোৱাৰ সম্ভাৱ্য তথ্য লাভ।  

Advertisment


কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই কূটাঘাতৰ তথ্য লাভৰ পিছতে কটকটীয়া কৰি তুলিছে দিল্লীৰ  নিৰাপত্তা ব্যৱস্থা। দিল্লীৰ গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ঐতিহ্য ক্ষেত্ৰসমূহত এতিয়া কেইবা তৰপীয়া নিৰাপত্তা বেষ্টনী।  প্ৰধান পৰ্যটন আৰু উচ্চ নিৰাপত্তাসম্পন্ন অঞ্চলত অধিক নিৰাপত্তাৰক্ষী মোতায়েন। চোৰাংচোৱা সূত্ৰই জনোৱা মতে, " পাকিস্তানৰ ইছলামবাদত ৬ ফেব্ৰুৱাৰীত সংঘটিত মছজিদ বিস্ফোৰণৰ প্ৰতিশোধ ল'বলৈ তেওঁলোকে ভাৰতত বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছে। দেশৰ ডাঙৰ ডাঙৰ মন্দিৰসমূহ লস্কৰ-ঈ-তৈবাই লক্ষ্য কৰি লোৱাৰ পূৰ্ণ সম্ভাৱনা। "২০২৫ চনৰ ১০ নৱেম্বৰত লালকিল্লাৰ সমীপত সংঘটিত হোৱা মাৰাত্মক গাড়ী বিস্ফোৰণৰ পটভূমিত এই সতৰ্কবাণী প্ৰকাশ পাইছে।

ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ ১ নং গেটৰ সমীপত বিস্ফোৰক ভৰ্তি গাড়ী এখনৰ ফলত বিস্ফোৰণৰ ফলত ওচৰৰ একাধিক বাহনত অগ্নিকাণ্ড সংঘটিত হৈছিল। চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্য অনুসৰি, দিল্লীৰ লালকিল্লাৰ সন্মুখত বিস্ফোৰণৰ সতৰ্কবাণী। চান্দনী চ'কৰ এটা মন্দিৰক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি ল'ব পাৰে। লস্কৰ-ই-টাইবাই আই ই ডি আক্ৰমণৰ পৰিকল্পনা কৰিছে। দিল্লীৰ চান্দনী চ’কৰ এটা মন্দিৰকে ধৰি সমগ্ৰ ভাৰতৰ প্ৰধান চহৰসমূহত সম্ভাব্য সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত নিৰাপত্তা সংস্থাই এক সতৰ্কবাণী জাৰি কৰিছে। এই সতৰ্কবাণীৰ পিছতে দিল্লী আৰক্ষী বিষয়াসকলে সতৰ্কবাণী প্ৰকাশ কৰিছে। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি বজাৰ এলেকা আৰু লালকিল্লাৰ আশে-পাশে নিৰাপত্তা কটকটীয়া কৰা হৈছে।

Advertisment
Advertisment