Assameseউচ্ছেদিতক টকা বিলাই সহায়ৰ হাত বিধায়ক আমিনুল ইছলামৰউচ্ছেদিতক ধন বিলালে বিধায়ক আমিনুল ইছলামে। ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদস্থলীত উপস্থিত হৈ কৰিলে উচ্ছেদৰ বিৰোধিতা। 'মুছলমান হোৱাৰ বাবে আক্ৰোশমূলকভাৱে চৰকাৰে উচ্ছেদ কৰিছে ভকতগাঁৱত'। 'মুখ্যমন্ত্ৰী অসহিষ্ণু মানৱ, যাৰ বাবে মুছলমানক এনদৰে উচ্ছেদ চলাই আছে'।Naba Gogoi Dec 06, 2025 20:22 ISTচামগুৰিৰ ভকতগাঁৱত উচ্ছেদস্থলীত উপস্থিত হৈ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে বিলালে সাহাৰ্য। উচ্ছেদিত লোকৰ প্ৰতি দৰদ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ। খাদ্য সামগ্ৰী দিয়াৰ বিপৰীতে বিলালে টকা। উচ্ছেদিত লোকক বিধায়কে বিলালে খমখমীয়া ৫০০ টকীয়া নোট। উচ্ছেদস্থলীত বিধায়কে টকা বিলোৱা কাণ্ড দেখি হতবাক উচ্ছেদিত লোক।Advertismentইফালে ৰূপহীহাটৰ ভকতগাঁৱত চলা উচ্ছেদ কাৰ্য কঠোৰ সমালোচনা ধিঙৰ বিধায়ক আমিনুল ইছলামৰ। মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি বিধায়কগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী অসহিষ্ণু মানৱ, যাৰ বাবে মুছলমানক হিংসা, ঘৃণা কৰি এনদৰে উচ্ছেদ চলাই আছে। ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদক অমানৱীয় আৰু আক্ৰোশমূলক আখ্যা বিধায়কগৰাকীৰ। ভকতগাঁৱৰ উচ্ছেদস্থলী গ্ৰেজিং ৰিজাৰ্ভ নহয়। মুছলিম হোৱাৰ বাবে বিনা প্ৰয়োজনত আক্ৰোশমূলকভাৱে চৰকাৰে উচ্ছেদ কৰিছে ভকতগাঁৱত। পূৰ্বৰ মুখ্যমন্ত্ৰীসকলে আত্মীক বেমাৰ গোপনে ৰাখিছিল কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰি অন্য ধৰ্মৰ মানুহক বেয়া পায় হিংসা কৰে সেই বাবেই উচ্ছেদ কৰিছে। ২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ আৰু নিজৰ ব্যৰ্থতা ঢাকিবলৈ এনেদৰে অমানৱীয়ভাবে মুছলমানক উচ্ছেদ কৰিছে। ৰূপহীহাটৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে তীব্র সমালোচনা কৰিলে বিধায়ক আমিনুল ইছলামে। AdvertismentAdvertisment Read the Next Article